সম্পাদকীয়

অসমতে অসমীয়া বিপন্ন
৬ মাৰ্চত চিলাপথাৰত ঘটা হিংসাত্মক ঘটনাটো অসমীয়াক বিপন্ন কৰি তোলাৰ এটি অশনি সংকেত মাথোন। অধিক পলম নহওঁতেই বিহিত ব্যৱস্থা নল’লে অসম দ্বিতীয় ত্ৰিপুৰালৈ পৰ্যৱসিত হ’ব। অসমতেই যদি অসমীয়া সুৰক্ষিত নহয় তেন্তে অসমীয়াৰ অস্তিত্বই বা থাকিব ক’ত? তথাকথিত ‘উদ্বাস্তু বাঙালী সমন্বয় ৰক্ষা সমিতি’ৰ স্বয়ম্ভু নেতা সুবোধ বিশ্বাসক শীঘ্ৰে কাৰায়ত্ব কৰি সংগঠনটো নিষিদ্ধ ঘোষণা কৰা নিতান্তই প্ৰয়োজন। এই ঘটনাৰ বাবে চৰকাৰো দায়ী। কিয়নো বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে হিন্দু বাংলাদেশীৰ প্ৰতি অধিক দৰদী হৈ নাগৰিকত্ব প্ৰদান কৰিবলৈও উঠি-পৰি লাগিছে। ব্যাপক ‘পৰিৱৰ্তন’ আৰু ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ‘শৰাইঘাটৰ শেষ যুদ্ধ’ত অৱতীৰ্ণ হৈ শাসনৰ বাঘজৰী ধৰিবলৈ সুবিধা পোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে দেখ-দেখকৈ অসম চুক্তি অমান্য কৰি হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে। সেয়েহে তেনে সংগঠনে ‘অসমীয়া নিপাত যাওক’, ‘অসমীয়া গ’ বেক’ আদি অসমীয়াৰ বিৰুদ্ধে ধ্বনি দি আছুৰ কাৰ্যালয় লণ্ডভণ্ড আৰু ছহিদ বেদী ভাঙি চূৰমাৰ কৰি অসমীয়াক অপমান কৰিবলৈ সাহস পালে। অসমীয়া সজাগ হওক। নাগপুৰৰ পৰা নিয়ন্ত্ৰিত চৰকাৰকে ধিয়াই থাকিলে নহ’ব। নতুবা অন্দোলন কৰিলেই নহ’ব। অসমীয়াই অসমৰ ভাগ্যনিয়ন্তাৰ ভূমিকা লোৱাৰ সময় সমাগত।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2017, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: