সম্পাদকীয় -আজিজুল হক

সন্ত ডনবস্ক’ৰ পৰিচয়
ডনবস্ক’ৰ জন্ম হৈছিল ১৮১৫ চনৰ ১৬ আগষ্টত বেচ্চী নামৰ ইটালীৰ পাহাৰীয়া ঠাইৰ এটি সাধাৰণ কৃষকৰ পৰিয়ালত। তেওঁৰ সম্পূৰ্ণ নাম গিয়ভানি মেলকৈৰে বস্ক’। তেওঁক জ’ন বস্ক’ বুলিহে জনাজাত। ল’ৰালিকালত তেওঁ ভেৰাৰখীয়া আছিল। ৯ বছৰ বয়সতে তেওঁ দীন-দৰিদ্ৰৰ প্ৰতি সেৱা আগবঢ়াবলৈ ঈশ্বৰৰ আহ্বান পাইছিল। আৰ্থিক দৈন্যৰ হেতু এই মেধাবী ছাত্ৰটিয়ে দুখ-কষ্ট আৰু অভাৱ-অনাটনেৰে পঢ়া-শুনা কৰি ইটালীৰ টুৰিণ নগৰত খ্ৰীষ্ট্ৰীয় ধৰ্মযাজক হয়গৈ। তেতিয়া ইউৰোপত উদ্দ্যোগীকৰণ আৰু নগৰীকৰণ বিপ্লৱে ধনী আৰু দুখীয়া শ্ৰেণী সৃষ্টি কৰিছিল আৰু অৰ্থনৈতিক বৈষম্যৰ বলি হৈছিল দৰিদ্ৰসকল। তেওঁলোকৰ ল’ৰা-ছোৱালী অনাহাৰেও থাকিবলগীয়া হৈছিল। টুৰিণ নগৰৰ শ্লামবাসী আৰু কাৰাগাৰৰ শিশুসকলৰ আলাই-আথানি অৱস্থা, কৰখানাবিলাকত শিশু শ্ৰমিকৰ দুৰ্দশা আৰু পথৰ শিশুসকলৰ অৱস্থা দেখি তেওঁৰ অন্তৰ ভাঙি পৰিছিল। সেই অৱহেলিত শিশুবিলাকক শিক্ষা দিবলৈ ডনবস্ক’ৱে আঁচনি ল’লে। তেওঁৰ শিক্ষা পদ্ধতিৰ মূলমন্ত্ৰ আছিল শিশুক চেকনি বা শাস্তিৰে নহয় দয়া আৰু মৰমেৰে শিক্ষা দান। তদুপৰি উচ্ছৃংখল যুৱসকলৰ হিতৰ বাবেও তেওঁৰ চিন্তা আছিল। এই সকলোৰে প্ৰতি সেৱাৰ মহৎ উদ্দেশ্যেৰে সৃষ্টি কৰিলে ‘চেলেচিয়ান অৱ ডনবস্ক’ আৰু ‘ইনষ্টিটিউট অৱ‌ ডাটাৰ অৱ মেৰী’ বা ‘চেলেচিয়ান চিষ্টাৰচ অৱ‌ ডনবস্ক’ নামৰ সংস্থা। ডনবস্ক’ৰ পূৰ্বসূৰী চেণ্ট ফ্ৰাঞ্চিচ ডি চেলেচ(১৫৬৭-১৬২২)ৰ নামৰপৰা ‘চেলেচিয়ান’ নামটো লৈছে। এইয়া আছিল ডনবস্ক’ৰ সমাজৰ দৰিদ্ৰ আৰু অৱহেলিত শিশু আৰু উচ্ছৃংখল যুৱসকৰ সেৱাৰ উদ্দেশ্যে থকা দৰ্শন বাস্তৱায়িত কৰবলৈ ডনবস্ক’ সংস্থাসমূহৰ বিশ্বব্যাপি সেৱা।

সেইহিচাপে ডনবস্ক’ এগৰাকী ঋষি বা মহাপুৰুষ। তেওঁ সমাজত তেনে সেৱা কৰি অনুগামীসকলৰ বাবে মহান আদৰ্শ ৰাখি ১৮৮৮ চনৰ ৩১ জানুৱাৰীত স্বৰ্গগামী হ’ল। ১৯৩৪ চনত তেওঁক সন্ত বা চেণ্ট বুলি ঘোষণাও কৰা হ’ল। আন্তৰ্জাতিক খ্যাতিসম্পন্ন্ন এই সন্তগৰাকী হৈ পৰিল এগৰাকী সুপ্ৰসিদ্ধ শিক্ষাবিদ। শিশু তথা যুৱসকলৰ প্ৰতি থকা দৰ্শন ব্যাস্তৱায়িত কৰা উদ্দেশ্যে বৰ্তমান পৃথিৱীৰ ১৩২ দেশত শিক্ষাসহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠিত হৈছে। অসমৰো নগৰ আৰু গাঁৱে-ভূঁয়ে বহুতো ডনবস্ক’ স্কুল আছে। শৈক্ষিক দিশত ডনবস্ক’ৰ ডাঙৰ অৱদান আছে। ডনবস্ক’ৰ জীৱন আৰু সমাজ সেৱাৰ কথা জানিলে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে তেওঁক এগৰাকী চিৰনমস্য ব্যক্তি বুলি স্বীকৃতি নিদিয়াকৈ থাকিব নোৱাৰে। তদুপৰি তেওঁৰ আদৰ্শ ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত।
অসমত ডনবস্ক’ই ইংৰাজী শিক্ষাত অগ্ৰগণ্য ভূমিকা লৈ আহিছে। আনকি অসমৰ কিছুমান লোকে যিকোনো ইংৰাজী মাধ্যমৰ স্কুলকো ডনবস্ক’ স্কুল বুলিয়ে কয়। এনে অনুভৱৰ থল নথকাও নহয়। সেই স্কুলবিলাকত অসমীয়া ভাষা আৰু সংস্কৃতি যে অৱহেলা কৰা হৈছে সেইটোও নহয়। ডনবস্ক’ স্কুলৰ অনুশাসন আৰু শিক্ষাপদ্ধতি অতি উন্নত। সেয়েহে এই স্কুলতবিলাকত ভৰ্তি কৰাবৰ বাবে শিশুৰ পিতৃ-মাতৃ আৰু অভিভাৱকসকলে উথপথপ লগায়। কোনেনো নিজৰ ল’ৰা-ছোৱালীক ভাল শিক্ষা দিয়া স্কুললৈ পঠাব নিবিচাৰে? কথা হ’ল যে সৰ্বসাধাৰণ ৰাইজ থমকিব লগা হয় ইয়াত পঢ়াবলৈ প্ৰয়োজন হোৱা ধনৰ পৰিমাণৰ কথা জানি। তথাপি সাধ্য অনুসৰি গাঁঠিৰ ধন ভাঙি ডনবস্ক’ স্কুলত পঢ়াবলৈ বিচাৰে। সেইবাবেই ডনবস্ক’ জনপ্ৰিয়। ইয়াত একো বিস্ময় মানিবলগীয়া নাই। শিক্ষাৰ উপৰি ডনবস্ক’ৰ যুৱ কল্যণমূলক অনুষ্ঠানো আছে।

কিছুমানৰ এনে সন্দেহ যে মহামানৱ ডনবস্ক’ৰ স্মৃতিবিজড়িত অনুষ্ঠান বিশেষকৈ স্কুলবিলাক ডনবস্ক’ৰ সেই মহান আদৰ্শৰ পৰা আঁতৰি গৈ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰ্যৱসিত হৈছে নেকি? অসমৰ সৰ্বসাধাৰণ ৰাইজে সন্ত ডনবস্ক’ক নাজানে, কিন্তু শিক্ষানুষ্ঠানবিলাক জানে। অমাৰ ৰাইজে ডনবস্ক’ৰ মহানতা অনুধাৱন কৰিব পৰা নাই। তদুপৰি ডনবস্ক’ৰ নামত প্ৰতিষ্ঠিত অনুষ্ঠানসমূহে দীন-দৰিদ্ৰৰ সেৱাৰ যোগে তেওঁৰ প্ৰতিচ্ছবি দাঙি ধৰাত বিফল হৈছে বুলি ভবাৰ অৱকাশো নথকা নহয়। আগত ডনবস্ক’ৰ মহান আদৰ্শ ৰাখিছে যদিও কৰ্যতঃ সেই আদৰ্শ বাস্তৱায়িত হোৱা পৰিলক্ষিত হোৱা নাই অনেকৰ দৃষ্টিত। ডনবস্ক’ৱে কৈছিল, ‘সময় থাকোঁতেই ভাল কাম কৰা’। তেওঁ বিচৰা ভাল কাম অসমত জাকতজিলিকা আৰু স্মৰণীয়ভাৱে প্ৰকট হোৱা ৰাইজে দেখা নাই।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ফেব্ৰুৱাৰী 9, 2017, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: