সম্পাদকীয় -আজিজুল হক

স্বাধীনতা আন্দোলনৰ আপোচবিহীন নেতা

‘দিল্লী চলো’ জয়ধ্বনিৰে মেদিনী কঁপাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দি ‘নেতাজী’ বুলি প্ৰখ্যাত হোৱা সুভাষ চন্দ্ৰ বসু বিশ্ব-ইতিহাসত এক বিৰল ব্যক্তিত্বৰ লোক। সেয়েহে তেওঁৰ ১১৯ সংখ্যক জন্ম দিৱসত আমি তেওঁক সোঁৱৰণ কৰা উচিত হ’ব।
নেতাজীৰ জন্ম ১৮৯৭ চনৰ ২৩ জানুৱাৰীত কটকৰ এটি সম্ভ্ৰান্ত বংগীয় পৰিয়ালত। পিতৃৰ নাম জানকীনাথ বসু আৰু মাতৃ প্ৰভাৱতী দেবী। তেওঁ প্ৰথমে কটকৰ ষ্টিউৱাৰ্ট আৰু পিচত ৰাভেনশ্ব’ কলেজিয়েট স্কুলত শিক্ষা লাভ কৰে। নেতাজী ১৯১১ চনত মেট্ৰিক পৰীক্ষাত শীৰ্ষতম স্থানেৰে উত্তীৰ্ণ হয় আৰু ১৯১৮ চনত কলকতাৰ স্কটিচ চাৰ্চ কলেজৰ পৰা বি এ স্নাতক হয়। চৰকাৰী সেৱাৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ফিট্‌জউইলিয়াম হ’লৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ তাতে চৰকাৰীত নিযুক্তি লভে। কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰিবৰ বাবে চৰকাৰী চাকৰী ইস্তফা দি নেতাজীয়ে কৈছিল, “এখন চৰকাৰ সমাপ্ত কৰাৰ উত্তম উপায় হৈছে সেই চৰকাৰ প্ৰত্যাখান কৰা”। তদুপৰি তেওঁ ইংলেণ্ডত থকা সময়ত ইংৰাজ ঔপনিৱেশ শাসনে ভাৰতত জাপি দিয়া ১৯১৯ চনৰ দমনমূলক ৰাওলাট আইন আৰু ইয়াৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা হৰতালবিলাকৰ বিশেষকৈ জালিয়ানৱালাবাগত ইংৰাজ চৰকাৰে নিৰস্ত্ৰ জনগণক পশুৰ দৰে গুলীয়াই হত্যা কৰা বিভীষিকাময় বাতৰিয়ে তেওঁক বিদ্ৰোহী কৰি তুলিছিল আৰু তেওঁ স্বাধীনতা যুঁজৰ বাবে বদ্ধপৰিকৰ হৈছিল।

তেওঁ ১৯২১ চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিয়ে দেশবন্ধু চিত্তৰঞ্জন দাসৰ লগ হৈ স্বাধীনতা অন্দোলনত নামি পৰে। তেওঁ ‘স্বৰাজ’ নামৰ সংবাদ পত্ৰত স্বাধীনতা বিষয়ে নিয়মীয়াকৈ লেখামেলা কৰে আৰু বংগদেশীয় কংগ্ৰেছ সমিতিৰ প্ৰচাৰৰ দায়িত্বভাৰ লৈ পিচত ইয়াৰ সভাপতিও হয়। তেওঁৰ জীৱনত স্বামী বিবেকানন্দই যথেষ্ট প্ৰভাৱ পেলাইছিল। ইংৰাজৰ বিৰুদ্ধে কৰা অন্দোলনৰ বাবে তেওঁ বেদান্ত আৰু ভাগৱতৰ পৰা অনুপ্ৰেৰণা পাইছিল। তেওঁ জাতীয় কংগ্ৰেছত সক্ৰিয়ভাৱে জড়িত হৈ জৱহাৰলাল নেহৰুৰ লগত কাম কৰিছিল। ১৯২৮ চনত কলিকতাত হোৱা কংগ্ৰেছ অধিৱেশনে ভাৰতৰ বাবে ডমিনিয়ন বা উপনিৱেশন মৰ্যাদা বিচাৰি গ্ৰহণ কৰা প্ৰস্তাৱ তেওঁ বিৰোধিতা কৰিছিল কিয়নো তেওঁ পূৰ্ণ স্বাধীনতা বিচাৰিছিল।

নেতাজী ১৯৩৩ চনত ইউৰোপলৈ গৈ ভাৰতীয় শিক্ষাৰ্থী আৰু ইউৰোপৰ ৰাজনীতিকসকলৰ লগ কৰে। তেওঁ হিটলাৰকো লগ কৰি দলীয় সংগঠনৰ গ’ম লয় আৰু তেওঁলোকৰ পৰা সহায় সমৰ্থনৰ প্ৰতিশ্ৰুতিও লাভ কৰি স্বদেশলৈ ঘূৰি আহে। ১৯৩৮ চনত তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় আৰু ইংৰাজৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰি হ’লেও স্বাধীনতা দাবী কৰে। সেয়েহে অহিংস নীতিৰে আন্দোলন কৰি স্বাধীনতা বিচৰা মহাত্মা গান্ধীৰ লগত মতভেদ হৈ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বামপন্থী ৰাজনৈতিক দলসমূহ একত্ৰিত কৰিবলৈ ফৰৱাৰ্দ ব্লক গঠন কৰে। তেওঁ স্বাধীনতা সংগ্ৰামৰ বাবে এঘাৰ বাৰ কাৰাবৰণ খাটে। তেওঁৰ মতে বিনা তেজে স্বাধীনতা অসম্ভৱ। নেতাজীৰ মূলমন্ত্ৰ হৈছে, “মোক তেজ দিয়া, মই স্বাধীনতা দিম”।

দ্বিতীয় বিশ্বযুদ্ধ চলি থকোঁতেই নেতাজীয়ে ভাৰতৰ স্বাধীনতা লাভৰ অৰ্থে চেষ্টা কৰে। তেওঁ গৃহবন্দী হৈ থকা অৱস্থাতেই ভাৰতৰ বাহিৰত এটা মুক্তি বাহিনী গঠন কৰিবৰ বাবে জাৰ্মানৰ সহায় বিচাৰি ১৯৪১ চনৰ ২ এপ্ৰিলত বাৰ্লিনত উপস্থিত হ’বলৈ সক্ষম হ্য় আৰু তেনে বাহিনী গঠন কৰিবলৈ সেই চৰকাৰ অনুমতিও পায়। জাপানৰ সহায় বিচাৰি তেওঁ ১৯৪৩ চনৰ ১১ মে’ত টকিয়য়োত উপস্থিত হয় গৈ আৰু তাত প্ৰধানমন্ত্ৰী হিডেকী টজ’ৱে দক্ষিণ-পূৱ এচিয়াত জাপানৰ সমৰ্থনপুষ্টৰে এটি মুক্তিবাহিনী গঠন কৰাত সহযোগিতা আগবঢ়ায়। তেওঁ ছিংগাপুৰলৈ গৈ ইংৰাজে এৰি যোৱা যুদ্ধ-বন্দী, সেই অঞ্চলৰ ভাৰতীয় লোক আৰু জাপানী সেনাৰ সহায়েৰে আজাদ-হিন্দ-ফৌজ নামে এটি সেনা বাহিনী গঠন কৰি তেওঁ ইয়াৰ সেনাপ্ৰধান হয় আৰু ১৯৪৩ চনৰ ২১ অক্টোবৰত তাৰ পৰায়ে স্বাধীন ভাৰতৰ অন্তৰৱৰ্তী চৰকাৰ গঠনৰ কৰি তেওঁ এই চৰকাৰৰ প্ৰধান বুলি ঘোষণা কৰে। জাপানৰ বাহিৰে জাৰ্মান আৰু ইটালীয়েও তেওঁৰ প্ৰতি সমৰ্থন জনাইছিল।

আজাদ-হিন্দ ফৌজে বিশ্ব-যুদ্ধত মিত্ৰশক্তিৰ বিৰুদ্ধে যুঁজি আনন্দামান আৰু নিকোবৰ দ্বীপ মুক্ত কৰি ম্যানমাৰ অতিক্ৰমি ১৯৪৪ চনত ক’হিমা আৰু মণিপুৰ পায়গৈ। এই ফৌজে মণিপুৰৰ মৈৰাং নামৰ সৰু নগৰখনিত ১৯৪৪ চনৰ ১৪ এপ্ৰিলত ‘জয় হিন্দ’ আৰু ‘নেতাজী জিন্দাবাদ’ ধ্বনিৰে স্বাধীন ভাৰততৰ পতাকা উত্তোলন কৰে। কিন্তু ভীষণ বৰষুণত ফৌজৰ গতি স্থবিৰ হৈ পৰে আৰু বিশ্ব-যুদ্ধত জাপানী সেনাৰ পৰাজয়ৰ বাবে নেতাজীৰ ফৌজে অধিক আগুৱাব নোৱাৰিলে। তেতিয়াও তেওঁ দৃঢ়মনা হৈ ১৯৪৫ চনৰ ১৭ আগষ্টত ‘এতিয়াও দিল্লী আমাৰ লক্ষ্য’ বুলি সেনাবিলাকক নিৰ্দেশ দি ছোভিয়েটৰ সহায় বিচাৰি ৰাছিয়ালৈ যাবলৈ উদ্যত হয়। সম্ভৱ এই যাত্ৰাত ১৯৪৫ চনৰ ১৮ আগষ্টত টাইৱানৰ আকাশমাৰ্গত বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। কিন্তু তেওঁৰ শ পোৱা নগ’ল। নেতাজীৰ মৃত্যু ৰহস্যময় হৈ ৰ’ল।

নেতাজীৰ মতে ‘স্বাধীনত দিয়া নহয়, বৰং ইয়াক লোৱা হয়’। যদিও আজাদ-হিন্দ-ফৌজে পোনেপোনে ভাৰতৰ স্বাধীনতা আনিব পৰা নাছিল তথাপি স্বাধীনতা আন্দোলনত ই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আন্দোলনৰ চালিকা শক্তিৰ কাম কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অহিংস আন্দোলনতো পৰোক্ষ প্ৰভাৱ পেলাইছিল। তেওঁৰ দক্ষ নেতৃত্বৰ বাবে বিশ্বৰ বহুতো দেশে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি সমৰ্থন জনইছিল। ইংৰাজেও বুজি পাইছিল যে ভাৰতক অধিক কাল তলতীয়া কৰি ৰাখিব পৰা নাযাব আৰু সেয়েহে দুবছৰৰ পিচতে তেওঁলোকে ভাৰত এৰিবলৈ বাধ্য হ’ল। স্বাধীন আৰু শক্তিশালী ভাৰতৰ বাটকটীয়াস্বৰূপে নেতাজীয়ে ঔদ্যোগীক নীতি, মহিলা সবলীকৰণ, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক আদৰ্শ ৰাখি গৈছে। তেওঁৰ অদম্য সাহস, সেনা পৰিচালনাৰ গুণ, দেশপ্ৰেম তথা দেশৰ স্বাধীনতাৰ বাবে উচৰ্গিত জীৱন অতি প্ৰশংসনীয়। ১৯৯২ চনত তেওঁৰ প্ৰতি মৰোণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা ঘোষণা কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ত তৰা ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ ভিত্তিত এই বঁটা প্ৰত্যাহাৰ কৰা হয়, কিয়নো তেওঁৰ মৃত্যুৰ সঠিক প্ৰমাণ দিব পৰা নগ’ল। সংসদ ভৱনত নেতাজী এটি প্ৰতিকৃতি ৰখা হৈছে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথ আৰু বিমান বন্দৰ আদি তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁৰ জন্ম দিনত ‘দেশপ্ৰেম দিৱস’হিচাপে উদ্‌যাপন কৰা হয়।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জানুৱাৰী 16, 2017, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: