ভ্ৰমণ কাহিনী: সীমাৰ পৰিধি ভাঙি—জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ(৩) – মল্লিকা কলিতা

সুগঢ়ী প্ৰৌঢ়াই ইয়াত কেণ্ডেল বিকি থকা আমাৰ চকুত পৰিছিল। বৃদ্ধত্ব ক্ষোভ নহয়, যোগাত্মকভাৱে উৎসাহ যোগায় তেওঁলোকে। Akhali Shuamta Monastery (the new Shuamta) তেলভীৰ ওচৰত, বৃক্ষাচ্ছাদিত অসম ভূমিত, Tsivgombori পৰ্বতত ইয়াৰ অৱস্থিতি। মনেষ্ট্ৰিটোৱে এই নাম পোৱাৰ কাৰণ হ’ল ই তিনিওফালৰ পৰা পৰ্বতেৰে পৰিৱেষ্টিত হৈ আছে। Shuamta মানে পৰ্বতৰ মাজত। এই মনেষ্ট্ৰিটো ১৬শ শতিকাত কাখেটিৰ ৰজা আৰু তেওঁৰ পত্নী টিনাটিনৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল। ৰাণী টিনাই সৰু কালছোৱাত সপোন দেখিছিল, সপোনত কোৱা হৈছিল এটি অৰ্থডক্স মন্দিৰ নিৰ্মাণ কৰিবলৈ। ঠাই টুকুৰাও সপোনত চিহ্নিত কৰা হৈছিল। কিন্তু জেগাডোখৰ অজ্ঞাত আছিল তেওঁৰ বাবে। কিন্তু যেতিয়া কাখেটি যুৱৰাজৰ সৈতে বিবাহ হ’ল, তেওঁৰ বিবাহ-যাত্ৰাৰ জৰিয়তে ঠাই টুকুৰা চিনাক্ত কৰিবলৈ সক্ষম হ’ল আৰু এইদৰে মঠটিৰ স্থাপনা হৈছিল। ই ইটাৰে নিৰ্মিত। পিছলৈ ৰাণী সেই মনেষ্ট্ৰিৰ নান ৰূপে পৰিগণিত হৈছিল আৰু তাতেই সমাধিস্থ কৰা হৈছিল।

মনেষ্ট্ৰিৰ অভ্যাগতক মনেষ্ট্ৰিৰ চিষ্টাৰৰ বাবে গেটত অপেক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল; যিয়ে চাৰ্চৰ ভিতৰলৈ লৈ যাব। জৰ্জিয়ান চাৰ্চসমূহ ৰক্ষণশীল, আৰু বেছিভাগতে পুৰুষসকলে দীঘল পেণ্ট আৰু দীঘল চাৰ্ট পিন্ধি যোৱাটো প্ৰযোজ্য। মহিলাসকলে দীঘল স্কাৰ্ট আৰু বাউসি তথা মূৰ ঢাকি প্ৰৱেশ কৰাটো আৱশ্যক। বহুত চাৰ্চে স্কাৰ্ট সদৃশ আবৃত কাপোৰ যোগান ধৰে মহিলাসকলক। কিন্তু এইক্ষেত্ৰত যথোচিত বস্ত্ৰ পৰিধান কৰাই শ্ৰেয়। ৰীমাই জিন্‌চ পৰিধান কৰি যোৱা হেতুকে চাৰ্চৰ ফালৰ পৰা যোগান ধৰা এখন দীঘল কাপোৰ মেৰিয়াই হে উপাসনা গৃহত প্ৰৱেশ কৰিব পাৰিলে। লক্ষ্য কৰিছিলোঁ ফটো তুলিবলৈ অনুমতি দিয়া হোৱা নাছিল। নতুন আৰু পুৰণি মনেষ্ট্ৰিৰ মাজৰ দূৰত্ব আছিল মাথো দুই কি:মি। আমি সৰল গছৰ গুটি বুটলিছিলোঁ। আমাৰ ভ্ৰমণৰ আৰম্ভণি আমি উপাসনাৰ জৰিয়তে, ভগবানৰ দৰ্শনেৰে কৰিছিলোঁ। ষ্টালিনৰ শাসনকালত ছোভিয়েট ইউনিয়নে দ্বিতীয় বিশ্বযুদ্ধত অংশ লৈছিল, আৰু নাজী জাৰ্মানীৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ষ্টালিনৰ নেতৃত্বত ছোভিয়েট ইউনিয়ন ২য় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ দুই পৰাক্ৰমী শক্তিৰ অন্যতম ৰূপে পৰিগণিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাত লাখ জৰ্জিয়ানে যুদ্ধত অংশ লৈছিল নাজী জাৰ্মানীৰ বিৰুদ্ধে।

তিনি লক্ষৰ ওপৰ সংখ্যক জৰ্জিয়ানৰ প্ৰাণ গৈছিল উক্ত যুদ্ধত। আমাৰ ড্ৰাইভাৰ জৰ্জে সময়ে সময়ে লৈছিল গাইডৰ ভূমিকাও। জানিবলৈ পাই আচৰিত হৈছিলোঁ যে পাঁচ কৌটি(পঞ্চাচ মিলিয়ন)নিৰীহ জনসাধাৰণৰ হত্যাৰ তেজেৰে হাত ৰাঙলী কৰা ষ্টেলিন আছিল এজন জৰ্জিয়ান। ইমান চিগাৰেট খাই আমাৰ ‘ফ্ৰেইণ্ড’ জৰ্জে। ইয়াত ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো নিষিদ্ধ নহয়। আমাৰ অনুমতি লৈ মাজে মাজে গাড়ী ৰখাইও চিগাৰেট হুপিছে। আমি ইমান দিনে দেখিছিলোঁ বালি, শিলৰ ভৰ্টি ট্ৰাক, কিন্তু ইয়াত যেতিয়া কেবল আঙুৰ ভৰ্টি ট্ৰাকবোৰ দেখি আমি কিৰিলি পাৰিছিলোঁ। আমাক যে অচিনাকী জৰ্জিয়ান আঙুৰ খেতিৰ মালিকে মৰমতে ম’না ভৰাই আঙুৰ দিছিল। আমাৰ হৃদয় ভৰি পৰিছিল। আমি মনে মনে ফটো উঠা দেখি খং কৰিব বুলি বৰ ভয় খাইছিলোঁ। ভাষাৰ সমস্যা পাইছিলোঁ, কিন্তু ইমান বন্ধুত্বসুলভ ব্যৱহাৰ। ‘ফ্ৰেইণ্ড’ বুলি কৰা সম্বোধন।

সেইদিনা শনিবাৰ আছিল বাবে কোনো কাৰখানা খোলা নাছিল, স্বাভাৱিকতে আমি আশাহত হৈছিলোঁহক। জৰ্জে প্ৰডাকচ্‌ন আৰম্ভ নোহোৱা এটি ‘কাৰখানা’লৈ আমাক লৈ যায় । বগা ৱাইন প্ৰস্তুত কৰিবলৈ সময়ৰ প্ৰয়োজন মাথো এক মাহ আৰু ৰঙা ৱাইন তিনি মাহ সময় লয়। অ’ কবলৈ পাহৰিছিলোঁৱে তেওঁলোকে ‘কাৰখানা’ বোলে ‘factory’ক। তাত বহুতো ৱাইনৰ টেংক আছিল আৰু প্ৰত্যেকটো টেংকত মজুত ৰাখিব পাৰি ৩১৮ হেক্টলিটাৰকৈ ৱাইন। ইটালীৰ পৰা অহা কাৰখানাটোৰ মেনেজাৰৰ দায়িত্বত থকা ব্যক্তি জনে ভঙা ভঙা ইংৰাজীত আমাক বুজালে আৰু ইংৰাজী ভালদৰে নজনাৰ বাবে নম্ৰতাৰে ক্ষমা খুজিলে। তেখেতে দেখুওৱা বৰফৰ টুকুৰাই ক্ষতিগ্ৰস্ত কৰা মেচিন এটাৰ বিধ্বস্ত ৰূপটোৱে আমাৰ চকু কপালত তুলিলে। এওঁলোকে যে ইমান হিন্দী চিনেমা ভাল পায়, ভাৰতীয় লোককো। আমাৰ মুখ মণ্ডলত যেন ভাৰতীয়ৰ ধ্বজা। দেখিলেই গাই দিব ‘ইচক ডানা বিচক ডানা, ডানে ওপৰ ডানা’। সংগীতে হেনো ভাষাৰ পৰিধি নামানে, সঁচা কথা.. নহ’লেনো সাঁতোৰ শ্ৰেণীত লগ পোৱা মৌৰিতানিয়া দেশৰ যুৱক এজনে ম’বাইলত ‘কভি কভি মেৰে দিল ম্যে’ শীৰ্ষক গানটো শুনি প্ৰতিবাৰেই কান্দি উঠে বুলি অকপট স্বীকাৰোক্তি দিয়েনে আমাৰ আগত… হিন্দী ভাষাৰ অ আ ক খ একো নজনাকৈ-নুবুজাকৈ !! আৰু কি যে ৰঙীয়াল তেওঁলোক ! মন-প্ৰাণ পুলকিত হৈ পৰে। দেহৰ ৰঙ কি যে তেজে ফুটু ফুটু কৰা। চালক ‘জৰ্জ’ৰ প্ৰিয় গান (ডিস্ক’ ডেঞ্চাৰ খ্যাত মিঠুনৰ) ‘জিমী জিমী, আজা-আজা’। তেওঁৰ লগত আমিও গাওঁ। য’ত শব্দ নিষ্ফল হয় সংগীতে তাত বাট কাটে। আমিও সেই সুবিধাতে এমুঠি জোনাক ছটিয়াও তাপিত হৃদয়ত … জীৱনক বিচাৰি পাওঁ যেন…!! বৰজ’মি (Borjomi) বিখ্যাত ইয়াৰ খনিজযুক্ত পানী (মিনাৰেল ৱাটাৰ)ৰ বাবে । এই পানী আটাইতকৈ শক্তিশালী যোদ্ধা অত্যধিক নিচাসক্ত আৰু ডজনৰো অধিক ৰোগৰ। গোটেই বিশ্বব্যাপি ইয়াৰ খ্যাতি; যি নেকি দেশখনৰ প্ৰমুখ ৰপ্তানিজাত সামগ্ৰীও। আপুনি খাবও পাৰে নাইবা ‘বাথ’ও ল’ব পাৰে। আমাৰ চালক ‘জৰ্জে’ আমাক বুজালে আৰু সেই পানীৰ সোৱাদ দিলেও। আমাৰহে সেই পানীৰ সোৱাদ ভাল লগা নাছিল। মাজে মাজে পানী নোহোৱা এটা দুটা শিলাময় নৈ আমি পাৰ হৈ যাওঁ। এখন পানী নাইকিয়া নদী, শুকাই কেৱল শিলগুটি। আমি অলপ ফ্ৰেচ হ’বলৈ ৰৈ দিলোঁ। আনফালে এটি পৰিস্কাৰ, আটকধুনীয়া হ্ৰদ। আমি তললৈ গ’লো, ছোৱালীহঁতে পানীলৈ শিলগুটি দলিয়াই খুৱ উপভোগ কৰিলে। আমাৰ কথা বতৰা শুনি জৰ্জিয়ান মহিলা এগৰাকী আগবাঢ়ি আহি নিজৰ ভাষাৰেই সুধিলে আমি ক’ৰ পৰা আহিছোঁ। ‘ইণ্ডিয়া’ শব্দটো মাথো বুজি পাই আমাক নিজ কন্যাৰ নে পুত্ৰৰ যি নেকি বেংগলোৰ নিৱাসী আমাক অতি আগ্ৰহেৰে ফটো দেখুৱালে। মহিলা গৰাকী কিছু যেন আৱেগিক। আমিও এই মূহুৰ্তত তেওঁৰ সমভাগী। ইমান দূৰৈত থকা আপোনজনৰ স্মৃতিকাতৰ হৈ পৰিছে আমাক দেখি, সেই একেই অনুভৱ আমাৰ যেনেকৈ কোনোবা অচিনাকী জৰ্জিয়ানৰ পাকঘৰত আমাৰ আপোন চাহপাত দেখি। সেই সময়ত আমাৰ ভাষা এক হৈ পৰিছিল। আমি হৃদয়ৰ ভাষা বুজি উঠিছিলোঁ। আমি ফটো উঠিলোঁ আগ্ৰহেৰে, হাঁহি ধেমালিৰে। তেওঁক অকণমান সান্নিধ্য দিবলৈ পাই আমাৰো মন ভৰি পৰিছিল।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 10, 2016, in ভ্ৰমন কাহিনী. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: