অসম চুক্তি আৰু আমিবোৰ – – ইন্দ্ৰনীল গায়ন

আমাৰ বৃহত্তৰ অসমীয়া জাতিটো বাৰেৰহণীয় কৃষ্টি আৰু সংস্কৃতিৰ মিলনভূমি৷ য’ত আমি সকলোৱে একেলগে বসবাস কৰোঁ৷ আজি সেই অসমীয়া জাতিৰ ভৱিষ্যৎ আৰু অস্তিত্ব অসুৰক্ষিত আৰু বিপদাপন্ন৷ বহুসময়ত অনুধাৱন কৰোঁ ঐক্যবদ্ধ হ’ব পৰাকৈ আমাৰ গণতান্ত্ৰিক আন্দোলনৰ ভেটিটো সুদৃঢ় নাছিল৷
শাসক আৰু শোষক শ্ৰেণীৰ স্বৈৰতন্ত্ৰ আৰু ৰাজনীতিৰ বাবেই জাতিটো ঠেক গণ্ডীৰ মাজত সোমাই পৰিল৷ প্ৰতিপলতেই যেন অস্তিত্ব ৰক্ষাৰ সংকট৷

প্ৰশ্ন হয়
অসম চুক্তি মুক্তিৰ পথ আছিল নে?

আন্দোলনৰ মূল উদ্দেশ্য সফল কৰি তুলিবলৈকে চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই চুক্তিয়ে আন্দোলনৰ অন্তৰালত থকা উদ্দেশ্য আৰু জাতিটোৰ আশা আকাংক্ষা পূৰণ
কৰিব পাৰিলেনে?

অসম চুক্তিৰ ৬ নং দফাত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক
আইনগত আৰু প্ৰশাসনিক ৰক্ষা কৱচ দিয়া হ’ব বুলি উল্লেখ আছিল৷

কিন্তু ক’ত গ’ল সেই ৰক্ষা কৱচ?

বৰ্তমানৰ পৰিস্থিতিয়ে হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ অধিকাৰ আইনৰ দাবীত উত্তাল হৈ থকা প্ৰকৃত অসমৰ ছবিখন উদঙাই দেখুৱালে৷ আৰু আমাক ভাবিবলৈ বাধ্য কৰালে চুক্তি আমাৰ বাবে মুক্তিৰ পথ নাছিল৷ কাৰণ ১৯৮৫ চনৰ ১৪ আগষ্ট তাৰিখে অসম চুক্তিৰ ৫:৭ দফাত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে আগতে বহিস্কৃত হোৱা যিসকল লোক অসমত অবৈধভাৱে সোমাইছে তেওঁলোকক বহিস্কাৰ কৰা হ’ব৷ তেনেস্থলত আমি অবৈধ বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ যুক্তি ক’ত৷

এয়া অসমীয়া জাতিৰ আৱেগ, অনুভূতিক ভূলন্ঠিত কৰি অনিশ্চিত ভৱিষ্যতৰ দিশে পৰিচালিত কৰাৰ এক গোপন ষড়যন্ত্ৰ আৰু আমিবোৰ একো একোটা বলিৰ প্ৰথা৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 10, 2016, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: