ৰাজেন গোহাঁই কিয় জ্বলিল – পংকজ শইকীয়া

ৰাজেন গোহাঁই ডাঙৰীয়াই কৰা উক্তিটোত ভুল নাছিল, তথাপিও কিয় জ্বলোৱা হ’ল প্ৰতিকৃতি, তাৰ বিশ্লেষণ কৰিবলৈ যাওঁতে দেখা পোৱা গ’ল অন্য এক প্ৰসহন, বৰাকৰ।

বাংলা ভাষা কোৱা অসমৰ সেই তিনিখন জিলাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই হৈছে অবৈধ নাগৰিক। বৰাকবাসীৰ বহু আশা আছিল হিন্দু বাংলাদেশীৰ নাগৰিকত্ব বিধেয়কখন হৈ উঠক, যাৰ সহায়ত তাত অতদিনে বসবাস কৰি থকা সকলোজনে ভাৰতীয় নাগৰিকত্ব পাওক, অসমৰ ইমূৰ সিমূৰৰ পৰা হিন্দু বাংলাদেশী ভৰি পৰক, আৰু এসময়ত অসমত অসমীয়া ভাষা গুচি বাংলা ভাষা হওক।

যেতিয়াই ৰাজেন গোহঁই ডাঙৰীয়াই ফটককৈ কৈ পেলালে যে নাগৰিকত্ব পাবলৈ হ’লে অসমীয়া ভাষাক আদৰিব লাগিব বা জনাতো প্ৰয়োজন হ’ব তেতিয়াই জাঙুৰ খাই উঠিল এচাম অসমৰ ঐক্য বিনষ্টকাৰী, ভাষা বিনষ্টকাৰী শক্তি, বৰাকত, যি সকলে অসমীয়াক গালি পৰাৰ উপৰি, মন্ত্ৰীজনৰ প্ৰতিকৃতি দাহ কৰে।

তেওঁলোকৰ ইমান খং উঠাৰ প্ৰয়োজন নাছিল, কিয়নো তেওঁলোক ভাৰতীয় নাগৰিক, বাংলাদেশৰ হিন্দু বঙালীৰ কথাহে ৰাজেন গোহাঁই ডাঙৰীয়াই কৈছিল।

ইয়েই কি প্ৰমাণ কৰে :-
১। বৰাকত অবৈধ বাংলাদেশী আছে, যিসকলক ভাৰতীয় নাগৰিকেই ভাতৃসম জ্ঞান কৰি দেশদ্ৰোহী কাৰ্যত লিপ্ত হৈছে।
২। বৰাকৰ মানুহে যে বাংলা ভাষাৰ বাদে সেই ঠাইৰ মানুহে কোনো ভাষা, সংস্কৃতিকে ঠাই দিব নিবিচাৰে।
৩। বৰাকত অবৈধ নাগৰিকৰ উপৰি, বহু সময়ত ডিটেনচন কেম্পৰ পৰা হেৰাই যোৱা লক্ষ লক্ষ বাংলাদেশী তাতে থিতাপি লৈছে, যি এতিয়াও ভাৰতৰ পৰা নাগৰিকত্ব বিচাৰি চল চাই আছে।
৪। বৰাকৰ সেই একেই মানসিকতা কিন্তু, অসমৰ আন বহু অঞ্চলৰ মানুহৰ মাজত দেখা যায়, দুজনতকৈ অধিক বঙালী লগ খালে হৈ যায় ব্ৰহ্মপুত্ৰও বৰাক ভেলী।

(শপত গ্ৰহণ, অনুষ্ঠানৰ দিনাই মই কৈছিলো, বড়ো আৰু বৰাকে অসমৰ পৰা পৃথক ভাবে থাকিবলৈ পিছলৈ দাবী কৰিব, আজি তাৰ সুপ্ত প্ৰকাশ)

শিলচৰক বেলেগ ৰাজ্য দি দিয়ক, অসমীয়া হ’বলৈ টান পোৱা কিন্তু অসমতে থকা সকলোকে শিলচৰলৈ পঠাই দিয়া হওক, শিলচৰৰ মানুহে বেংগলী হৈয়েই থাকক। চাওঁচোন, অসমৰ ৰাজহেৰেই চলি থকা সেইমানুখিনি কেনেকৈ চলে ??????

হিন্দু বাংলাদেশীক বৰ পিৰা পাৰি দিবলৈ যি জাতিয়ে বিনা দ্বিধাই একমত প্ৰকাশ কৰে, যি জাতিয়ে সংসদীয় কমিটিৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ আগতেই কিয়, অসমৰ অন্য সংগঠনৰ লগত আলোচনা নকৰিলে “যাম নে নাযাম”, সকলো জাতীয় সংগঠনক প্ৰাকে প্ৰকাৰে নস্যাৎ কৰি দিল্লী পালেগৈ, সেই জাতিয়ে আকৌ ৰাজেন গোহাঁৰ প্ৰতিকৃতি জ্বলাই… কতা নিধকৰ জাত….

যিসকল মানুহৰ বাবে, অসমত তিনিবাৰকৈ নিজৰ ভাষাৰ বাবে আমি অসমীয়াই যুঁজি যুঁজি মৰিলো, বুকুৰ তেজেৰে স্বহীদৰ চিতা জুই জ্বলালো, সেই মানুহবোৰ নহ’লেও, অসম জীয়াই থাকিব, অসমীয়া জীয়াই থাকিব …

অসমীয়া ৰাইজ.. সজাগ হওক।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 11, 2016, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: