সম্পাদকীয়- আজিজুল হক

বহুতো ক্ষেত্ৰতে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। লিপিৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। চৰকাৰৰ মতে ভাৰতৰ ২২ টা স্বীকৃত ভাষা আৰু ১১ টা লিপি আছে। অসমীয়া এটা স্বীকৃত ভাষা যদিও ১১ টা লিপিৰ এটি সুকীয়া লিপি নহয়। ভাৰতীয় সংবিধানৰ ২৯(১) অনুচ্ছেদ অনুযায়ী নাগৰিকসকলৰ ভাষা, লিপি আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়া হৈছে যদিও অসমীয়া লিপিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দেখ দেখ অমান্য কৰি আহিছে। পূৰ্বে ভাৰত চৰকাৰে অসমীয়া ভাষাৰ নিজস্ব লিপি আছে বুলি মানি লৈছিল। কিয়নো চৰকাৰৰ এনক’ডিং চিষ্টেমৰ(Indian Script Code for Information Interchange) মতে অসমীয়া ভাষাৰ অসমীয়া লিপি থকাৰ তথ্য পোৱা যায়। কিন্তু ইউনিক’ডত হোৱাৰে পৰা কেনেকৈ আৰু কিয় নাইকীয়া হ’ল সেয়ে ই ৰহস্যৰ আৱৰ্তত। ইয়াৰ লগত জড়িত আছে ভাৰতীয় মানক সংস্থা(Bureau of Indian Standard) আৰু চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়। সম্ভৱ ভাৰত চৰকাৰে অসমীয়া ভাষা বাংলা লিপিৰে লিখা হয় বুলি ইউনিক’ড কনছৰ্টিয়ামক তথ্য যোগোৱাত তেতিয়াৰপৰা অসমীয়া লিপি পৰিচয়বিহীন হৈ পৰিল। এসময়ত কেন্দ্ৰীয় চৰকাৰে অসমীয়া লিপি স্বীকাৰ কৰিও পিছত কিয় আৰু কেনেকৈ অস্তিত্বহীন হৈ পৰিল সেয়া এক চিন্তনীয় বিষয়। তথাপি অসমীয়া বিদ্যৎ সমাজ এতিয়াও সজাগ হোৱা নাই।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 11, 2016, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: