ভ্ৰমণ কাহিনী: সীমাৰ পৰিধি ভাঙি—জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ – মল্লিকা কলিতা

আমাৰ জেগাডোখৰৰ অৱস্থিতি মধ্যবৰ্তী এলেকাত। তিনি মিনিট খোজ কঢ়া দূৰত্বত Rustaveli মেট্ৰ’ষ্টেচন, বাচ ষ্টপ, টেক্সি ষ্টেণ্ড। জন্তু লগত ৰাখিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা হৈছিল। নগদ ধনৰাশি পৰিশোধ কৰিব লাগিব বুলি উল্লেখ থকাত আমি কাটাৰতে কাটাৰি ৰিয়াল ইউ এছ ডলাৰলৈ পৰিৱৰ্তন কৰি (আলফাৰদান এক্সেঞ্জ অফিচ) লগতলৈ গৈছিলোঁ। এয়াৰপৰ্ট’ত দুখনকৈ জৰ্জিয়াৰ চিম কাৰ্ড ক্ৰয় কৰা হৈছিল, যাতে পৰিয়াল পৰিজনৰ সৈতে নিজৰ অনুভৱবোৰ ভাগ-বাটোৱাৰা কৰিব পাৰোঁ। আমাৰ প্ৰয়োজন অনুযায়ী চিম কাৰ্ড আমি পাইছিলোঁ। প্ৰথম দিনা কোনো ভ্ৰমণসূচী ৰখা নাছিলোঁ, কেবল জিৰণি। যিহেতু গোটেই ৰাতি টোপনি ক্ষতি হৈছিল।

আমাৰ ঘৰৰ বাহিৰত লমালমে লাগি আছিল আঙুৰ, মোক- খা, মোক-খা, কৰি আৰু দেখা নেদেখা বিবিধ ফল-আমি উমলি জামলি শিশু একোটি হৈ পৰিছিলোঁ। তাত আছিল ডালিম, পীয়েৰ, নৰাবগৰী আদি কৰি বহুত জনা নজনা ফলৰ গছ। জেষ্ঠা কন্যাই আটাহ পাৰি উঠিল ‘মা, মা হেজেল নাটৰ গছ!’ ৰুটিৰ সামান্য টুকুৰাটো দুয়োজনী ছোৱালীৰে সিহঁতৰ প্ৰিয় ‘নিউট্ৰেলা’ অবিহনে পেটলৈ নাযায়, চিঞৰি নুঠি পাৰেনে! ‘নিউট্ৰেলা’ যি নেকি হেজেল নাটৰ পৰা প্ৰস্তুত কৰা হয়। তাই মনৰ উলাহেৰে সেই গছৰ কিছু গুটি সংগ্ৰহ কৰিলে লগৰ বান্ধৱীক দেখুৱাবলৈ। দুয়োজন গৃহস্থ অলপ ওলাই গ’ল বজাৰ-সমাৰ তথা চৌপাশ দৰ্শন, আৱহাৱা জানিবলৈ বুজিবলৈ। তেওঁলোক ঘূৰি আহিল কিছু বেলিৰ মূৰকত আৰু দুয়ো হাঁহিত থাকিব পৰা নাই। আমি যিমানেই সুধো দুয়োৱে মূৰে কপালে হাত দি হাঁহিব লাগিল। অলপ পিছত ৰহস্য ফাদিল হ’ল; তলৰ দোকান আৰু তাৰ আশে-পাশে যিমানখিনি মানুহ ল’গ পালে তাৰ পৰা তেওঁলোক এটা কথাত নিশ্চিত হ’ল যে জৰ্জিয়াত ইংৰাজী নচলে। ইংৰাজী বুলি যে এটা ধনী ভাষা আছে সিহঁতে তাক লৈ অন্ততঃ মূৰ নঘমায়।

সৌভাগ্যক্ৰমে মহন্তই নিজৰ ম’বাইলত ইংৰাজীৰ পৰা জৰ্জিয়ালৈ অনুবাদ কৰিব পৰা চফটৱেৰ এটা যাওঁতেই ডাউনলোড কৰি নিছিল। সেইটোৰ সহায়-সহযোগিতাত কিছু বজাৰ-সমাৰ সম্ভৱ হ’ল সেই দিনাৰ বাবে। আগলৈ বা কি কি ঘটনা ঘটিবলগীয়া আছে আমাৰ কপালত…! গধূলি ওলাই আহিছিলোঁ তলৰ মূল পথলৈ। সোঁফালে ওলাই গ’লে ‘ৰুস্তাভেলী এভিনিউ’–মূলপথ চহৰৰ। পথৰ কাষত এটি মূৰ্তি, মধ্যযুগীয় জৰ্জিয়ান কবি ৰুস্তাভেলী(Shota Rustaveli)ৰ। তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে এই পথছোৱা যি নেকি স্পন্দন টিবিলিছিৰ। আৰম্ভণি Freedom Squareৰ পৰা ১.৫ কি.মি. দৈৰ্ঘ্যৰ পথটোক টিবিলিছিৰ প্ৰধান ৰাজমাৰ্গ ৰূপে গণ্য কৰা হয়, কাৰণ যথেষ্ট সংখ্যক চৰকাৰী, ব্যক্তিগত, সাংস্কৃতিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এই পথছোৱাৰ ওচৰে-পাজৰে থিয় দি আছে। তাৰ ভিতৰত টিবিলিছি অপেৰা হাউচ, ৰুস্তাভেলী থিয়েটাৰ, Parliament of Georgia, আৰ্ট হাউচ অফ্‌ টিবিলিছি, আৰ্ট মিউজিয়াম, চাৰ্চ ইত্যাদি। এই পথছোৱাত বিভিন্ন ক্যেফে, ভোজনালয়(ৰেষ্টোৰাঁ), দোকানেৰে ভৰি আছে। মুঠৰ ওপৰত খাদ্য ৰসিকৰ বাবে বিস্তৃত ঠাই আগুৰি আছেহি। এয়া হৈছে আধুনিক আৰু বিংশ শতিকাৰ স্থাপত্যকলাৰ একত্ৰিকৰণ। ইয়াত যদি গণ বিক্ষোভ হৈছে, তেনে বহুত প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্য্যসূচীও পৰিৱেশিত হৈছে। এই পথছোৱা স্থাপত্যকলাৰ অনুপম নিদৰ্শন আৰু অন্যতম পৰ্যটন কেন্দ্ৰ চহৰখনৰ। সৰু দোকানৰ পৰা আন্তৰ্জাতিক নামী-দামী প্ৰতিষ্ঠানে কান্ধত কান্ধ মিলাই থিয় দি আছে যেন। এয়াৰ পৰ্টৰ পৰা আহি থাকোঁতে মন কৰিছিলোঁ টিবিলিছিৰ পথসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন, আধুনিক নতুন নতুন দালানে ভৰি পোনাই বহি পৰিছেহি যেন। KFC, McDonald, Domino, Foodmart, Goodwill, Wendys, Bata ৰ ব্যৱসায়িক প্ৰতিষ্ঠান দেখিবলৈ পাইছিলোঁহক। কিছুসময় অ’ত-ত’ত থিয় দি, ফটো আদি উঠি মানুহবোৰৰ ৰেহৰূপ উপভোগ কৰিবলৈ লাগিলোঁ, বোধকৰো অফিচ-কাছাৰী চুটি হৈছে। হিলদোল ভাঙি ওলাই আহিছে বিভিন্ন বয়সৰ, বিভিন্ন গঢ়ৰ মুনিহ-তিৰোতা। ইমান ধুনীয়া! সুগঢ়ী বয়সীয়াল মহিলাৰ ভিৰ অলপ যেন বেছি। দেখি ভাল লাগিছিল এই বয়সতো কৰ্মত বিশ্বাসী এইসকল মহিলা। ৰাষ্টাত হালধীয়া ৰঙৰ পাব্লিক বাছ সেৱা।

তেনেকৈ থাকোঁতেই ঠাইখন পোহৰেৰে আলোকিত হৈ পৰিল। গাড়ীৰ ষ্টিয়েৰিং সোঁফালে। অলপ Carrefour ত সোমালোঁ, আমি চাহ বাকিবলৈ ছাকনীখন অনা নহ’ল। সেইখন লোৱা গ’ল। এপাৰ্টমেণ্টটোৰ বিশালতা নে নিমাওমাও পৰিৱেশৰ আছিল দেখি নেকি নাজানো ডাঙৰৰ পৰা সৰুলৈ ভৌতিক সত্তা অনুভূত হ’বলৈ লাগিল সময় অতিক্ৰমৰ লগে লগে। ৱাৰড্ৰ’বত ওলোমাই ৰখা জনৈক ব্যক্তিৰ কোট কেইটাই সেই ধাৰণাক নিশ্চয়তা প্ৰদান কৰিবলৈ সমৰ্থ হ’ল যেন। মহন্তহঁতৰ ৰুমটোত মোটা মোটা কিতাপেৰে ঠাহ খাই থকা আলমিৰা এটা। কিতাপৰ চেহেৰা সাইলাখ দেখিবলৈ আইন-কানুন বিষয়ক কিতাপ যেন লগা। মহন্তই কৈয়ে পেলালে বোলে আজি আমাক কোন আইনজ্ঞৰ প্ৰেতাত্মাই ওকালতিৰ জ্ঞান বাৰুকৈয়ে দিয়ে ঠিকনা নাই। পিছ দিনাখন আমি টিবিলিছিৰ দক্ষিণ-পূবৰ পৃথিৱীৰ আটাইতকৈ পুৰণি ৱাইন ক্ষেত্ৰসমূহৰ ভিতৰত এখন কাখেটিলৈ যাত্ৰা কৰিম। এয়াৰপৰ্টৰ পৰা আমাক অনা ড্ৰাইভাৰ ‘জৰ্জ’ আমাৰ যাত্ৰাৰ সংগী হ’ব। ৰাতিটো আমি ভবাৰ দৰে একো নহ’ল পিছে। কিন্তু প্ৰথম দিনাখন ৰাতি মহন্ত দম্পত্তিৰ চাৰে তিনি বছৰীয়া কন্যা পুতলাৰ জ্বৰ-বমি। অলপ সময়ৰ বাবে আমি বিপাঙত পৰিছিলোঁ।

আমাৰ এই ভ্ৰমণৰ উদ্দেশ্য মাথোন আমোদ-প্ৰমোদ হে আছিল। মাথোঁ এখন দেশ নিৰ্বাচন কৰাৰ কাৰণ আছিল শিশু সন্তান কেইটি। দুয়োটি পৰিয়ালৰে শিশু সন্তানক প্ৰাধন্যতা দিয়া হৈছিল ভ্ৰমণসূচী তৈয়াৰ কৰাৰ বেলিকা। …কিন্তু সকলোকে আচৰিত কৰি তাই ৰাতিপুৱা যাবলৈ সাজু হৈছিল ভাষাৰ বাবে জনাৰ উপায় নাই মূৰত কি ঘঁহিছো শ্চ্যেম্পু নে কণ্ডিচনাৰ! আটকধুনীয়া বাথৰুম, কিট্‌চেন। পাকঘৰত ডিচ ৱাচাৰ, ডাইনিং এৰিয়া প্ৰমুখ্যে আটাইখিনি আধুনিক উপকৰণ মজুত। পাকঘৰত ‘ওপজা সোণৰ মাটি’ অসমৰ উলিয়ামচন মেগৰৰ চাহৰ টেমাটো দেখি নিজৰ পৰিয়ালৰ আপোনজনক ল’গ পোৱা যেনেই লাগিছিল। আমাৰ কিৰিলিত গছৰ পাত ভাগ্যে নসৰাকৈ থাকিল যেনিবা! কাখেটি(Kakheti) পৰ্বতীয়া এলেকা; এক স্বতন্ত্ৰ সামন্তবাদী আধিপত্য অষ্টম শতিকাৰ শেষৰ পৰা। তেলাভী(Telavi) আৰু চিগনাগী(Signagi) সকলোতকৈ বেছি পদধূলা দিয়া চহৰ কাখেতি। তেলাভী ৰাজধানী চহৰ কাখেতিৰ। ভ্ৰমণ পৰিকাঠামো দ্ৰুত উন্নয়নমুখী হৈছে কাখেতিত, যিহেতু ই সকলোতকৈ পৰিদৰ্শন অঞ্চল জৰ্জিয়াৰ। কাখেটিলৈ যোৱা পথছোৱা সীমাহীন পাক, এবাৰ যদি আৰোহণ পিছৰবাৰ অৱৰোহণ। এই পথছোৱা বছৰৰ সকলো সময়তে দৰ্শনীয় ৰূপত পোৱা যায়। মাজে মাজে ক্ষুদ্ৰ সৰল শান্ত ও মনোৰম গাঁও একোখন পাৰ হৈ যাওঁ। Alazani উপত্যকাৰ চমতকাৰ নৈসৰ্গিক ৰূপ লাৱণ্য, ক’কেছাছ পৰ্বতমালাৰ মনোৰম দৃশ্যৰাজি, ভেড়াৰ পাল, পুৰাতন অৰণ্যানি, সুন্দৰ তৃণভূমি, মেঘৰ সমুদ্ৰই এই মাৰ্গত ৰৈ আছে আপোনাক স্বাগতম জনাবলৈ, আঁকোৱালি ল’বলৈ…। পাষাণ-হৃদয়ৰ লোকৰো অন্তৰ দগ্ধ নোহোৱাকৈ নাথাকিব নিশ্চয়কৈ! আৰু যদি কোনোজন পৌৰাণিক তথা প্ৰকৃতিৰ অনুৰাগী হয়, তেন্তে দুৰ্বল কৰি তুলিব মন-মগজু। সমগ্ৰ পথছোৱা ছৱিৰ দৰে স্পষ্ট আৰু আকৰ্ষণীয়, আৰু আটাইতকৈ উৰ্বৰা অঞ্চল জৰ্জিয়াৰ। উত্তৰৰ সীমান্ত ক’কেছাছ পৰ্বতমালাৰ বিস্তৃতি আৰু দক্ষিণত আজেৰবাইজান। আমাৰ কাখেটি ভ্ৰমণছোৱা তেলভীৰ মাজেৰে গৈছিল সেয়ে কিছু চাবলগীয়া জেগা যেনে Akhali Shuamta আৰু Dzveli Shuamta Monastery উভয় প্ৰাংগণ একেলগে দৰ্শন কৰাটো বাস্তৱিকতে এটা উচিত সিদ্ধান্ত আছিল। Dzveli Shuamta Monastery (the old Shuamta) কাখেতীৰ সকলোতকৈ মহত্বপূৰ্ণ আৰু সকলোতকৈ ধুনীয়া স্থাপত্য কীৰ্তিস্তম্ভৰ দুটি হ’ল Dzveli আৰু Akhali Monastery । দুয়োটাৰ অৱস্থিতি হৈছে পৰ্ণপাতী উদ্ভিদেৰে ভৰা অৰণ্যত যিয়ে আৰু বেছি মনোমুগ্ধকৰ কৰি তুলিছে। এই দুয়োটা মনেষ্ট্ৰি সম্পূৰ্ণ পৃথক স্থাপত্যৰ ফালৰ পৰা তথা নিৰ্মাণৰ সময়ো ভিন্ন। Dzveli বেছি পুৰণি। অগ্ৰভাগত থিয় হৈ থকা চাৰ্চটো পঞ্চম শতিকাৰ; গম্বুজ আকৃতিৰ চাৰ্চ দুটা সপ্তম শতিকাৰ বুলি জানিবলৈ পাইছিলোঁ। নিৰিবিলি পৰিৱেশ, শান্ত-সমাহিত চৌপাশ সঁচাকৈয়ে পুণ্যধাম-নিভৃত জংগলৰ কোণত, মানুহৰ বসতি, কোলাহলৰ পৰা বহু যোজন আঁতৰত। ষোল্ল শতিকাত Akhali স্থাপন নোহোৱালৈ সমগ্ৰ মধ্য যুগছোৱালৈ তীৰ্থযাত্ৰীৰ পচন্দৰ জেগা আছিল এই মনেষ্ট্ৰি। কাব’লষ্টোন(cobblestone) দ্বাৰা Dzveli Monastery নিৰ্মিত। এডাল ‘ইচ্ছা বৃক্ষ’ জৰ্জিয়ান পৰম্পৰা অনুসৰি ডালত ফিটা বান্ধি মনৰ আকাংক্ষা পূৰণ কৰিব পাৰে।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 11, 2016, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: