পাহৰিলা নেকি তুমি অসমীয়া – পংকজ শইকীয়া

মনত পৰেনে
কাকপথাৰৰ কথা
তেজেৰে গধূলি হোৱা …
এটা গধূলিৰ কথা,
অসমীয়াৰ তেজেৰে
এটা ৰাজপথ সেমেকা হোৱা।

মনত পৰেনে
নগাঁওত জ্বলি উঠা ডেকা কেইটিৰ কথা
টায়াৰেৰে জ্বলোৱা, সিহঁতৰ কথা
গণতন্ত্ৰৰ সমাধিৰ নতুন গাথা।
নিতাই পুখুৰিতো উলমি ৰয়
বকতাৰ সংগ্ৰামী সত্তা।

তেজপুৰ, চাবুৱাৰ সেনাচাউনীত
অসমীয়া সেনাৰ শালীনতা
ইলেকট্ৰিক চকত
গুপ্তাংগ বেবেৰিবাং হোৱা ….
তেতিয়াই চিঞৰি উঠে
ভনীমাই, ৰাজুৰ সতীত্ব হেৰুৱা
মোকবধিৰ এক বেদনা।
তুমি নুবুজিবা ….

হিৰকজ্যোতি হেৰাই যোৱা
ৰাজেন শৰ্মা হেৰাই যোৱা
হেৰাই যোৱা সেই কবিৰঞ্জনৰ সত্তা
তাতেই, দিগন্ত হৈ জিলিকি আছিল
চাংলত ফেনলা।

তুমি নূবুজিবা
সৌ ভূটানৰ সুউচ্ছ শিখৰত
বিহু খাবলৈ যোৱা
ভূটানী ৰজাৰ কথা ….
মাৰ্টাৰৰ গুলীৰে থকা সৰকা হোৱা
সেই শিশুৰ কথা
সেই মাতৃৰ কথা… যাৰ শিশুটোৰ বাবে
মুকলাই থকা স্তন্যটোৰ কথা..
গাখীৰ নচণ্ডিয়াই, দুচকুৰ আগত
চন্দিয়াইছিল কেচাঁ তেজৰ চেকুঁৰা
সেয়া উপহাৰ
ভূটানী ৰজাৰ বিহুৰ পিঠা।

বাৰে বাৰে মনত পৰে
তালুকদাৰ, মুজাম্মীল, অনিলৰ কথা
৮৫৫ জনৰ কথা … ১৪০০০ জনৰ কথা …
কিয় অসমৰ বাবেই
অসম মুলুকতেই হয়…
স্বাভিমান বিচাৰাৰ নামত হয়
হত্যা …. মুক্তহত্যা…. গুপ্তহত্যা ..

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 11, 2016, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: