স্মৃতি – কল্যাণ মেধি

(১)
ছবিখন আঁকি থাকোঁতেই কিবা বিসংগতিত হাতৰ ৰঙখিনি কেনভাচত বাগৰি পৰিল। সমীৰৰ মনটো ভাগি পৰিল। বহুদিনৰ পৰা মনৰ মানুহজনীক আঁকিবলৈ চেষ্টা কৰি আজি বিফল হোৱাত বিষাদৰ ধুমুহাজাকে বুকুত চুই গ’ল। সি যেন আজি বিফল। অন্তৰৰ দুৱাৰ দলিত পুলক বেনাৰ্জীৰ সেই আপুৰুগীয়া গীতটোৱে খুন্দা মাৰিলে ….
মই আজি
সংগীবিহীন
উদাসী
ক্লান্ত পথিক
এই বিশাল পৃথিৱীত।
হঠাত সি চিঞৰি উঠিল।

(২)
ঋতুৰ ৰাণী শৰততে সমীৰে লগ পাইছিল মালাক। সমীৰক দেখাৰ পাছৰ পৰাই তাই সমীৰৰ চিত্ৰশিল্পৰ প্ৰেমত পৰিল। এদিন হঠাতে তপনক এৰি মালা সমীৰৰ কাষলৈ গুচি আহে।
: আপোনাৰ চিত্ৰই মোক মোহিত কৰিছে।
: হয় নেকি?
: হয় আক’। লাহে লাহে এনে লাগিব ধৰিছে যে মই চিত্ৰশিল্পৰ প্ৰেমত পৰিছো।
: চাওঁ ভাইটি। অলপ আহিবাচোন।
: কওক দাদা।
: চাহ নে কফি আনিব দিওঁ?- সমীৰে মালালৈ চকু ঘূৰালে।
: কফি হ’লেই হ’ব।
: দুকাপ কফি দিবা।
: আৰু কিবা আনিম নেকি?
: না। নালাগে।
ঠাইখনৰ বিখ্যাত ৰিজ’ৰ্ট জাচিংফা ৰিজ’ৰ্টত সন্ধ্যা এখন্তেক জিৰাই মালা আৰু সমীৰ ওলাই আহিল।
(৩)
আজিকালি প্ৰায়ে সমীৰ আৰু মালাক একেলগে দেখা পোৱা যায়। ইতিমধ্যে দুয়ো বিবাহৰ বান্ধোনত বান্ধ খাইছে। সমীৰৰ লগৰবোৰৰ মাজৰে তাপসে এদিন সমীৰক লগ পালে।
: চিত্ৰ আঁকিব নজনা এগৰাকী ৰমণী তোৰ প্ৰেমত! ই কি আচৰিত!!
: ধেৎ।
: নহয় অ’। মোৰ যে হিংসা লাগিছে। মালাক মইহে প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবিছিলো।
: হ’ব ব’ল। ইমান দুখ কৰিব নালাগে। তোৰো কপালত বিধাতাই তোৰ বাবেও এগৰাকীৰ ভাগ্য
লিখিছে দে। চিন্তা নকৰিবি। অই টকা অলপ দিব পাৰিবি নেকি?
: কিয়?
: এখন কেনভাচ কিনিব লাগিছিল।
: তোৰ ধনবোৰ সাঁচিছ নেকি? ভৱিষ্যতৎ পৰিকল্পনা ন?
: নহয় অ’ বন্ধু। বৰ বিপদত পৰিছো। যোৱা মাহতে কাম এটাৰ বাবে লোৱা আগধনবোৰ মাৰ
বেমাৰতে খৰচ হৈ গ’ল অ’। তই এহেজাৰ টকা দি সহায় কৰিলেও হ’ব। মোৰ বিশ্বাস তই
অন্ততঃ ইমানকণ সহায় কৰিব পাৰিবি।
: হ’ব দে। ইমান দুখৰ গীত গাব নালাগে। হুঁ ল। চাবি কিন্তু এইবাৰ টকাখিনি সময়তে দিবি। মোৰ
বিয়া আহি আছে।
: বাহ। তোৰো বিয়া ……?
: কি? মই বিয়া কৰাব নোৱাৰো নেকি?
: পাৰ পাৰ।
: অ …..। মোৰ সপোনটো অলপ বেলেগ। এদিন সন্ধ্যা চাহৰ মেলত ক’ম দে।

(৪)
মহন্ত দোকানৰ সন্মুখত তপন আৰু বিপ্লৱ। হাতত এটুকুৰা জলন্ত চিগাৰেট। তপনে উচ্চস্বৰে মালাৰ সৈতে
কটোৱা মধুৰ দিনবোৰৰ কথা বিপ্লৱক ক’ব ধৰিলে।
: মই তাইৰ জীৱন ধ্বংস কৰি দিম। মোক জুইত জাপি দি সংসাৰৰ মধুৰ গীত ৰচিছে! মই তাহাঁতৰ
সংসাৰত জুই লগাই দিম।
: তই এইবোৰ কি কৈছ? প্ৰেমত ত্যাগ কৰিব পৰটোহে প্ৰকৃত প্ৰেম। তই নাজান নেকি?
: আজি সেইবোৰ কথা মোৰ মগজত নাই। মোক দিয়া জুইকুৰা তাইক মই ওভটাই দিমেই।
(৫)
ম’বাইলত সমীৰৰ বাঁহীৰ সুৰটো সুৰটো বাজি উঠিল। মালা বাহিৰৰ পৰা আহি ম’বাইলটো দেখি আচৰিত
হৈ পৰিল।
: (ই আক’ কিয় ফোন কৰিছে!) হেল্ল’ ……।
: তোমাৰ লগত অলপ কথা আছে। আবেলি লগ কৰিবা।
: কিন্তু ……
: কোনো কিন্তু নাই। আবেলি লগ কৰিবা।
————-
আকাশে বতাহে
তোমাকে দেখিছো
এবুকু সপোনত
উপচি পৰিছো ……..
সুদূৰৰ পৰা গীতটো ভাঁহি আহিল। মালা তপনৰ বাইকৰ কাষতে ৰৈ আছে।
: চোৱা। তুমি মোৰপৰা আঁতৰি গৈছা মই বেয়াপোৱা নাই। কিন্তু এজন চিত্ৰশিল্পী কেনে হয় তুমি
বুজিয়ে পোৱা নাই। ক’ত কেতিয়া নৈশ যাপন কৰিব লগা হয় তুমি জানানে? সমীৰ কিমান দিন
নিশা ঘৰত নাই কোৱাচোন।
: হুঁ ???
মালাই তপনৰ কথাবোৰ অনুভৱ কৰিব ধৰিলে।

(৬)
বসন্তৰ সুবাস চাৰিওদিশত। কুলিৰ মাতত ব’হাগৰ আগমন।
: আজি তুমি কামলৈ নোযোৱা? – মালাই সমীৰক সুধিলে।
: অলপ পাছতে যাম।
পুৱাৰ আহাৰমুঠি গ্ৰহণ কৰি সমীৰ ওলাই গ’ল ঘৰৰ পৰা। মালাই আগ ৰাতি তপনৰ লগত কৰা পৰিকল্পনা অনুযায়ী তপন আহি পদূলিত ৰ’লহি। মালাই ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ মেলা দুৱাৰ মেলাতে থৈ সমীৰৰ সংসাৰ এৰি তপনৰ লগত গুচি গ’ল।

ৰাতিৰ পৰিকল্পনা অনুযায়ী তপনে মালাক নিজৰ কৰি লৈ যোৱাৰ কথা কিন্তু সি মালাৰ মাকৰ ঘৰৰ পদূলি মুখত বাইকখন ৰখাই দিলে। মালাক বহু তিৰস্কাৰ কৰি বাইকৰ পৰা নমাই তপন সেই ঠাইৰ পৰা আঁতৰি গ’ল। মালাৰ সন্মুখখন একেবাৰে আন্ধাৰ হৈ পৰিল। তপনৰ কথাবোৰে তাইৰ বুকুত খুন্দা মাৰিব ধৰিলে। তাই সমীৰৰ ওচৰলৈ ঘূৰি যাবও নোৱাৰা হ’ল। প্ৰতাৰণা, অপমান, চলনাত জৰ্জৰিত মালা লাহে লাহে মাকৰ ঘৰলৈ সোমাই গ’ল। মাকে মালাক দুৱাৰমুখত ক্লান্ত অৱস্থাত দেখি আচম্বিত হৈ পৰিল। মূক বেদনাৰে বুকুত ধুমুহাজাক লৈ মালা ভিতৰলৈ সোমাই গ’ল।

(৭)
আবেলিৰ বা চাটিয়ে বিচনাত পৰি থকা মালাৰ গালত চুমা দি গ’ল। হঠাতে অহা জীৱনৰ ধুমুহাজাকে বুকুত খুন্দিওৱাৰ ফলত সপোনবোৰ নিমিষতে চকুৰ আকাশৰ পৰা আঁতৰি গ’ল। বিষাদৰ কবিতাবোৰ কাণত বাজিব ধৰিলে তপনৰ কথা নুশুনা হয় তাইৰ জীৱনলৈ অমানিশা নাহিলহেঁতেন।

মালাই অশেষ কষ্ট কৰিও টোপনি যাব পৰা নাই। বাৰে বাৰে তাইৰ চকুৰ আগত সমীৰৰ মুখখন ভাঁহি থাকিব ধৰিলে। দুগালে অশ্ৰু নিগৰি তাইৰ শেতেলি স্পৰ্শ কৰিলে। সপোনবোৰ অমাৱস্যায়ে গ্ৰাস কৰি পেলালে তাইৰ।
(৮)
নেদেখাজনৰ কি মহিমা। ভাগ্যৰ খেলত সি হাৰি গ’ল। অন্তৰখন তাৰ চিন্ন বিচিন্ন হ’ল। হাতৰ ৰং বোৰ কেনভাচলৈ দলিয়াই দি চিঞৰি উঠাত তাপস তাৰ কোঠালৈ সোমাই আহে।
: ৰঙা ফুলজোপা অকালতে মৰহি গ’ল অ’। – কথাখিনি কৈ সমীৰ উচুপি উঠাত তাপসে মাত
লগালে।
: ৰহচোন। তই মাইকী নে মতা?
: তই কি বুজিবি?
: তোৰ দৰে এটাই প্ৰেম কি বুলি ভাব হা?
: জীৱনত কেতিয়াবা প্ৰেম কৰি পাইছ?
তাপসে হাঁহি এটা মাৰি তাৰ জীৱন বুৰঞ্জীৰ পাতনি মেলিলে।
হঠাৎ তাপস উঠি হাতত তুলিকা এপাত লৈ উকা কেনভাচত চিত্ৰ এখন তৈয়াৰ কৰে। সমীৰে তাপসৰ কাম দেখি হতবাক হৈ পৰিল। চিত্ৰখনে তাক ইতিকিং কৰা যেন তাৰ অনুভৱ হ’ল।
(সমাপ্ত)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on অক্টোবৰ 10, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: