ভ্ৰমণ কাহিনী – মল্লিকা কলিতা সীমাৰ পৰিধি ভাঙি জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ

“The world is a book, and those who do not travel read only one page.” – Saint Augustine
৪ মে’ৰ খেলপথাৰ শিতানৰ এটি শিৰোনাম ‘ইতিহাস হ’ব ৰিঅ’ অলিম্পিক: প্ৰথমবাৰৰ বাবে এটা ইভেণ্টত মাতৃ-পুত্ৰ’, স্বাভাৱিকতে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। মন কৰিবলগীয়া যে ১২০ বছৰীয়া অলিম্পিক ইতিহাসত ইয়াৰ পূৰ্বে পিতা-পুত্ৰই, পিতৃ-কন্যা আৰু মাতৃ-কন্যাই অংশগ্ৰহণ কৰিছিল। কিন্তু আজিলৈকে মাতৃ-পুত্ৰই একেখন অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাই। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে, জৰ্জিয়াৰ শ্বুটিং ফেডাৰেচনে ঘোষণা কৰা মতে ৰিঅ’ অলিম্পিকত প্ৰতিনিধিত্ব কৰিবলগীয়া গৰ্বিত মাতৃগৰাকী হ’ল নিন’ ছালুকা ভাডজে আৰু পুত্ৰ হ’ল টিছনে মাচাভাৰিয়ানি। জৰ্জিয়া শব্দটোৱে আমাক টানি লৈ গ’ল যোৱা বছৰ তাত কটাই পৰিতৃপ্তি লাভ কৰা সময়খিনিলৈ। আমি সকলোৱে জীৱন পথৰ একোজন মুছাফিৰ। বিচিত্ৰ এই পথত বহুজনে সংগ দিয়ে, ক’ত জন যে হেৰাই যায় আমাৰ অজানিতে। যোৱাবাৰ ছোৱালীহঁতৰ গৰমৰ বন্ধৰ কালছোৱা অসমত কটাই থকাৰ বেলিকা কাটাৰৰ পৰা এটি ফোন আহে প্ৰতিৱেশী অসম-সমাজৰ জগন্নাথ মহন্তৰ। মহন্তই ঈদৰ বন্ধত নিকটৱৰ্তী জৰ্জিয়ালৈ যাবলৈ প্ৰস্তাৱ আগবঢ়ালে। ইতিমধ্যে কাটাৰ নিৱাসী ডাক্তৰ প্ৰেমানন্দ গোস্বামী দাদাহঁতৰ পৰিয়ালটো জৰ্জিয়াৰ পৰা ঘূৰি আহি পাইছিলহি আৰু অসম সমাজৰ সদস্যসকলৰ আগত সানন্দে অৱগত কৰাইছিল জৰ্জিয়া ভ্ৰমণৰ বৃত্তান্ত। কাষৰীয়া লগতে নিৰাপদ ঠাই।

“A journey is best measured in friends, rather than miles.” – Tim Cahill এই কথাখিনি সাৰোগত কৰি আমিও মহন্তৰ প্ৰস্তাৱত হয়ভৰ নিদিয়াৰ যুক্তি বিচাৰি নাপালোঁ। অইনবাৰৰ দৰে ঘৰৰ পৰা ঘূৰি আহোঁতে দুখ-বেদনাৰ টোপোলাটোৰ লগত ভিৰ কৰিলেহি জৰ্জিয়াৰ প্ৰতি অস্থিৰ-অশান্ত এখনি মন। ওভতনি যাত্ৰাত সেইবাৰ পাঁচটা দিন মুম্বাইত অতিবাহিত কৰিছিলোঁ ভাবলেখহীনভাৱে। মনলৈ আহি থাকিল এটাই শব্দ -‘জৰ্জিয়া’। হাতত যে সময় তেনেই তাকৰীয়া। উভটি আহিয়ে নেটত সন্ধান পৰ্ব আৰম্ভ কৰি দিয়া গ’ল জৰ্জিয়াৰ ওপৰত। জৰ্জিয়া এখন সৰু দেশ ৬৯,৭০০ বৰ্গ কি.মি. যাৰ অৱস্থিতি ইউৰোপ আৰু এচিয়াৰ চতুষ্পথত। কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত দক্ষিণত ককেচাছ পৰ্বতলানি। উত্তৰত ৰাচিয়া, তুৰ্কি আৰু আৰ্মেনিয়া দক্ষিণত আৰু আঝৰৱাইজান পূৱ দিশত দেশখনক বেঢ়ি ধৰিছে। জনসংখ্যা ৪.৬ মিলিয়ন। জৰ্জিয়াৰ অৰিয়াঅৰি আছিল পাৰ্ছিয়া, তুৰস্ক আৰু ৰাছিয়াৰ সৈতে; অৱশেষত ১৯শতিকাত ৰাছিয়াৰ ৰাজ্যভুক্ত হৈছিল। আৰ্মেনিয়াৰ পিছত দ্বিতীয় পৌৰাণিক দেশ যিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। ‘ৱাইনৰ জন্মস্থান’, ‘বেলকনি অৱ ইউৰোপ’ জৰ্জিয়াৰ অৱস্থিতি হৈছে কূতনৈতিক ৰূপত মহত্বপূৰ্ণ নাইবা কৌশলগতভাবে গুৰুত্বপূৰ্ণ চাৰিআলি নাইবা চৌপনহা য’ত ইউৰোপ লগ লাগিছেহি এছিয়াৰ। জৰ্জিয়াৰ আছে একক আৰু অনন্য তথা পুৰণি সাংস্কৃতিক ঐতিহ্য। প্ৰসিদ্ধি আছে অতিথি আপ্যায়ন আৰু ৰন্ধনশৈলীত। আমাৰ চাৰিজনীয়া পৰিয়ালটো আৰু জগন্নাথ মহন্তৰ তিনিজনীয়া পৰিয়ালটো ফ্লাই ডুবাইৰে যাত্ৰা কৰাটো নিশ্চিত হৈছিল। চেপ্তেম্বৰৰ পৰা নৱেম্বৰলৈ শৰৎ কাল পৰে জৰ্জিয়াত। সঘন বৃষ্টিপাত হয়। আমি যে বৰষুণ দিব বুলি আগতেই খাটাং, সেয়ে দুয়োটি পৰিয়ালে ছাটি লৈ গৈছোঁ, মোকাবিলা কৰিম ভালকৈয়ে। লগতে পৰ্য্যাপ্ত পৰিমাণে গৰম কাপোৰ। যাওঁতেই লগত ভজা মাছ, চাউল, দাইল, চেনী-চাহপাত সমন্বিতে বেলনা মাৰিডাল পৰ্য্যন্ত লাগেজত ভৰোৱা হৈছিল। নিজে ৰন্ধা-বঢ়া কৰি খোৱাৰ কথা বিবেচিত হৈছিল খাদ্যৰ তাৰতম্যত। সোৱাদ খাপচৰা হোৱাৰ সমস্যাই দেখা দিব, হেনজানি আগতেই সাজু হৈ যোৱাই যুগুত। অভিজ্ঞজনৰ পৰামৰ্শমতে আমি ‘Airbnb’ ত ‘এপাৰ্টপেণ্ট’ বুক কৰি ৰাখিছিলোঁ। ২৪ চেপ্তেম্বৰৰ গধূলি ডোহাৰ হামাড ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টত Flydubai Airlineৰ বিমানখনত বহি লৈছিলোঁহে চকুৰ পচাৰতে ডুবাই অৱতৰণ কৰা যেন লাগিল বিমানখনে।

যোৱা প্ৰায় তিনিটা সপ্তাহ তিলিকতে নাইকিয়া হৈ গ’ল ভ্ৰমণৰ যো-জা কৰোঁতে আৰু এয়াতো মাথোঁ এটা ঘণ্টা! আমাৰ ‘সংযোজিত বিমান’ ডুবাইৰ সময়মতে ১:২০মিনিটত। ডুবাই আৰু জৰ্জিয়াৰ সময়ৰ পিছে কোনো ব্যৱধান নাই। অৰ্থাৎ দুয়োখন ঠাইৰ একঘণ্টা সময়ৰ ব্যৱধান আছিল কাটাৰৰ সময়ৰ সৈতে। আমি ডুবাই এয়াৰ পৰ্টৰপৰা লেণ্ডলৰ্ডৰ বাবে খেজুৰৰ টোপোলা এটি লৈ ল’লো। তিনি ঘণ্টা ত্ৰিছ মিনিটৰ অন্তত বিমানখনে অৱতৰণ কৰিছিলহি টিবিলিছি এয়াৰপ’ৰ্টত। এয়াৰপৰ্টৰ পৰা নামিয়ে দেখিবলৈ পাইছিলোঁ ডাৱৰীয়া বতৰ আমাৰ বাবে ৰৈ আছিল। এয়াৰপৰ্টত নমাৰ লগে লগে কোনো অসুবিধা নোহোৱাকৈ আমাৰ যাৱতীয় কাম-কাজ সমূহ সমাপণ হৈছিল। কাটাৰ ৰেচিডেঞ্চ পাৰ্মিটৰ সহায়ত এই দেশ ভ্ৰমণ কৰিব পাৰি। ৯৪ খন দেশে জৰ্জিয়াত ভিচা নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰে; ৯০দিন পৰ্য্যন্ত থাকিব পাৰে। টিবিলিছি আন্তৰ্জাতিক বিমান বন্দৰ ১৮ কি.মি. আঁতৰত মুখ্য চিটিৰ পৰা; নতুন টাৰ্মিনেল ২০০৭ চনত নিৰ্মিত হৈছিল। বিমান বন্দৰত অৱতৰণ কৰিয়ে মন কৰিছিলোঁ জৰ্জিয়া আৰু ইংৰাজী ভাষাত বিমান উৰণ প্ৰস্থানৰ বা-বাতৰি পৰিৱেশিত হৈ আছে। চহৰলৈ বিমান বন্দৰৰপৰা মাথো ২০মিনিটৰ ৰাষ্টা। ওচৰ-চুবুৰীয়া দেশ আৰ্মেনিয়া, আঝাৰবেইজান আৰু তুৰষ্কৰ সৈতে বাচ সেৱা উপলব্ধ। অনুৰূপভাৱে ৰেল সেৱাও উপলব্ধ। টেক্সি সেৱা আটাইতকৈ সুবিধাজনক, সকলো ঠাইতে মজুত। মেট্ৰ সেৱা ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈ খোলা থাকে। জৰ্জিয়ান ড্ৰাইভাৰ এজনৰ ভাৰা গাড়ীৰে আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। সৰু সৰু বাট-পথ। পাহাৰীয়া এলেকা। চাৰিওফালে ককেচাছ পৰ্বতমালা। পোন্ধৰ কিল’মিটাৰ দূৰত্ব অতিক্ৰমী আমাৰ গাড়ীয়ে পৰম আকাংক্ষিত এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰিলেহি। আমাক গৃহস্থই সম্ভাষণ জনাবলৈ ৰৈ আছিল। আমিও সেই ছেগতে তেখেতলৈ আনা খেজুৰৰ টোপোলাটি তুলি দিলোঁ। আমাৰ এপাৰ্টমেন্টটো আছিল ধুনীয়া কাঠৰ মজিয়াৰ, বেচ আহল বহল। বিশাল আৰু পোহৰেৰে মুখৰিত। এখন ডাঙৰ ফলমূলৰ বাগিছা সন্মুখৰ ফালে। নিৰ্জন কোলাহলশূণ্য। বাৰান্দাখনত ডাঙৰ খিৰিকীৰে সৈতে যুক্ত কৰা হৈছে যাতে ধুনীয়াকৈ বাগিছাখনৰ পৰ্যবেক্ষণ কৰিব পৰা যায়। চাৰিহাজাৰ স্কুৱেৰ ফুটৰ ঘৰটো, সোমায়েই সন্মুখতে এখন বিলিয়াৰ্ড বোৰ্ড। চৰাঘৰত পিয়ান’ এটি। গৃহস্থনী মিচ তাকো (Tako)। ঘৰৰ ঠিকনা Mikheil Zandukeli Street zandukeli, Tbilisi, Georgia । গৃহ প্ৰৱেশ কৰিয়েই চকু গ’ল কাগজ এটুকুৰাত উল্লেখিত ৱাই-ফাই সংযোগৰ বাবে আৱশ্যকীয় ইউজাৰ আই-ডি আৰু পাচৱৰ্ড। এ চি আৰু হিটাৰ সুবিধা মজুত থকা ঘৰটিৰ কাৰুকাৰ্যই আমাক বাৰুকৈয়ে আকৃষ্ট কৰে। (আগলৈ)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on অক্টোবৰ 10, 2016, in ভ্ৰমন কাহিনী. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: