নিঃশব্দ…. – ইব্ৰাহিম আলী নিঃশব্দ…. – ইব্ৰাহিম আলী নিঃশব্দ…. – ইব্ৰাহিম আলী নিঃশব্দ…. – ইব্ৰাহিম আলী
কলমটোৰ চিঞাহীখিনি আচলতে নীলাই আছিল
হঠাৎ কিয় জানো ৰঙা হৈ গ’ল,
কলমৰপৰা ওলোৱা শব্দবোৰো দেখোন শব্দ হৈ নাথাকে ,
একো একোটি বিৰাট দৈত্য, পিশাচ্
আৰু প্ৰেতাত্মা হৈ যায়,
কোনোবাটো ক’লা,
কোনোবাটো ৰঙা বৰণ হৈ
আন্ধাৰলৈ দৌৰ মাৰে,
শব্দই শব্দক তাচ্ছিল্য কৰে
অট্টহাস্য কৰি বৰ্ণবাদৰ ফাকু খেলে,
শব্দই শব্দক খেদে,
শব্দই শব্দৰ ভয়ত আত্যগোপন কৰে
অবৈধ হোৱাৰ ভয়ত নিশব্দ হৈ পৰে,
বগা আৰু নীলা শব্দবিলাকৰ
জিভা শুকাই যায়,
ৰক্তহীনতাত ভোগে,
চিৎকাৰ কৰে
কাৰণ,
শব্দই শব্দক হত্যা কৰে,
শব্দই শব্দক বলাৎকাৰ কৰে।
Advertisements
Posted on অক্টোবৰ 10, 2016, in কবিতা. Bookmark the permalink. এটা মন্তব্য.
সৃষ্টিৰ জিলিঙনীৰ অংশীদাৰ হ’বলৈ পাই নথৈ আনন্দিত হ’লো, যিটো সময়ত আমাৰ অতি মৰমৰ ও আদৰৰ মাতৃভাষা, অসমী আইৰ বাবে সংকটজনক বা-বাতৰি প্ৰচাৰ হৈ আছে,সে ই সময়তে এনে পদক্ষেপ অতি প্ৰশংসনীয়।
আগন্তুক সংখ্যাৰ বাবে অধীৰ হৈ বাট চাই ৰ’লো..
সমুহ ব্যৱস্থাপক সকললৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো।