সম্পাদকলৈ চিঠি: শ্ৰীসঞ্জয় কাকতি

জাতীয় নায়ক খলনায়কৰ দিশে
সম্পাদক ডাঙৰীয়া

অসমৰ পৰা আই এম দি টিৰ দৰে অসম বিৰোধী আইন অসমৰ পৰা চিৰবিদায় দিয়া বাবে সদৌ অসম ছাত্ৰ সন্থাই শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জাতীয়নায়ক আখ্যা দিছিল। সমগ্ৰ অসমে আশা কৰিছিল তেখেতে নিশ্চয় অসমৰ সমস্যাসমূহ সমাধান কৰিব। লাহে লাহে দিন বাগৰিল। অসমে ১৫ বছৰীয়া কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছিল। ঠিক সেই সময়তে নিকা ভাবমূৰ্তিৰ, আধ্যাত্মিকতা গুণসম্পন্ন ধীৰ-স্থিৰ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰীহিচাপে অসমবাসীৰ আগলৈ ওলাই আহিল। সকলোৰে আনন্দ সৰ্বানন্দ শ্লোগান বিশ্বাস কৰি অসমৰ ৰাইজে শাসনৰ সুযোগ দিলেও হঠাৎ অনিশ্চয়তাই ঘেৰি ধৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত।

অসম চৰকাৰৰ দপ্তৰ বিতৰণৰ দিনৰ পৰা ৰাইজৰ মনত সন্দেহ-সংশয় উদয় হয়। বিজেপিৰ জ্যেষ্ঠ নেতাক বাদ দি হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীক মন্ত্ৰীত্ব দিয়াৰ লগতে এজন মন্ত্ৰীৰ হাততে বহুতো শক্তিশালী দপ্তৰ দিয়াৰ পৰা। বাজেটৰ পূৰ্বে কেবিনেটত লোৱা সিদ্ধান্তত বিভাগীয় মন্ত্ৰীৰ অজ্ঞতা আৰু তেনে মন্ত্ৰীৰ হৈ শৰ্মা ডাঙৰীয়া চাফাই দিয়া ঘটনাই, এই চৰকাৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ অপৰিসীমৰ কথাকে বুজায়।

সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় খেল মন্ত্ৰী তথা বৰ্তমানৰ ৰেল মন্ত্ৰী ৰাজেন গোহাঁইকে ধৰি অসমৰ ৬ জন সাংসদে চহী দিয়াৰ পিচতো ৰহাত এইমছৰ সিদ্ধান্ত আজিকোপতি চুড়ান্ত নহল। ইতিমধ্যে এইমছ ৰহাত হোৱাৰ দাবীত মধ্য অসমত প্ৰৱল আন্দোলন গঢ়ি উঠিছে। মিন্টূ দেউৰী নামৰ এজন যুৱক শ্বহীদ হ’ল বহুতো আহত হ’ল। তেনে অৱস্থাত অসমৰ ৰাইজক বিশ্বাসত নলৈ চাংসাৰিত এইমছৰ বাবে ভূমি হস্তান্তৰ দিয়া কাৰ্য্য সোণোৱাল ডাঙৰীয়াৰ দুমুখীয়া চৰিত্ৰ বুলি সকলোতে ঘৃণিত হৈছে। অসম চৰকাৰৰ দয়িত্বশীল মন্ত্ৰী এজনে আনন্দোলন কৰে আমি মলম সানিম আদি মন্তৱ্য সমগ্ৰ ৰাইজক চৰম অপমান কৰে।

জাতি,মাটি,ভেটী সুৰক্ষিত কৰিম বুলি কোৱা চৰকাৰে বাংলাদেশ অসম সীমান্ত চীল কৰা আদি বিষয় বাদ দি তেলৰ খাদ ব্যক্তিগত কোম্পানীক দিব বিচাৰিলে। ৩ মাহ নৌহওঁতে গোপনে ৰাইজৰ মূৰত কৰৰ বোজা জাপি দিলে। শেষত জনদৰদী ৰাজ্য চৰকাৰখনক লজ্জানত কৰি এনে কৰ প্ৰয়োগৰ সিদ্ধান্ত বাতিল কৰিবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে। হিন্দু বাংলাদেশীক নাগৰিকত্ব। জল সংযোগ। আদি বিষয়বোৰৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত নল’লে সোণোৱাল চৰকাৰ তথা বিজেপি চৰকাৰ বিপদত পৰাটো খাটাং।

শ্ৰীসঞ্জয় কাকতি
ৰহা, নগাঁও, অসম
৮০১১৯০৫২১৬

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2016, in সম্পাদকলৈ চিঠি. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: