জীৱনৰ সৰ্পিল বাট – চামচুল হক

জীৱনে কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ একা – বেঁকা বাটেদি খোজ কাঢ়ে।৷কোনো কোনো সময়ত আমি ধৈৰ্যসহকাৰে নীৰৱ দৰ্শক হৈ থকাৰ বাহিৰে অইন উপায় নাথাকে৷ দুৰ্ভাগ্যজনক ঘটনাক ভাগ্যলিপি বুলি সকলোৱে হয়তো মানি নল’ব৷

আজি ৰাতিপুৱা কৰ্মক্ষেত্ৰলৈকে বাছত উঠি সুবিধাজনক ছিট এটাত বহি ল’লোঁ৷ অলপ সময় পাছত কাষত বহাজনৰ হাতৰ পৰা ‘অসমীয়া খবৰ ‘ কাকতখন লৈ পঢ়িবলৈ ল’লোঁ৷ তেজপুৰ অভিমুখী বাছখন গৈ এটা সময়ত বাইহাটা চাৰিআলিত ৰ’ল৷ হিজৰা মহিলা এজনী বাছত উঠি আমাৰ ওচৰত হাত পাতিলে৷ মোৰ কাষত বহাজনে ক’লে: “বাইদেউ, মোৰ লগত পইচা নাই৷ এইমাত্ৰ জে’লৰ পৰা আহিছোঁ৷”
মই বেঁকাকৈ মানুহজনৰ মুখলৈ চাই সুধিলোঁ: “জেলৰ পৰা মানে?”
তেওঁ সহজভাৱে উত্তৰ দিলে : “হয় , মই আজি ন মাহ দহ দিনৰ মূৰত জেলৰ পৰা ওলালোঁ৷ একেবাৰে এৰি দিলে৷ দিল্লীৰ মহিলা দণ্ডাধীশগৰাকী ভাল আছিল৷ হত্যাৰ গোচৰ এটাত সোমাইছিলোঁ৷”
মই বোলোঁ কিয় হত্যা কৰিছিল ? তেওঁ ঘটনাৰ বিৱৰণ দি ক’লে:
“যোৱা ৫ ডিছেম্বৰ, ২০১৫ তাৰিখে ৰাতি মই ভঙাগড়ৰ প্ৰথম গেটখনৰ সমুখত থকা মোৰ সৰু হোটেলখনত থকা অৱস্থাত দুজন বাইক আৰোহী আহিছিল৷ তাৰে পিছৰজনে সোমাই আহি কথা নাই বতৰা নাই ৫০০/- টকা খুজিলে৷ মই দিবলৈ অমান্তি হোৱাত হতাহতি হয়৷ পাছত ল’ৰাজন এটা আঘাতত মৰি থাকে৷ ভঙাগড় আৰক্ষীয়ে মোক ধৰি লৈ গ’ল আৰু পিছৰদিনাৰ পৰাই জেলত সুমুৱাই থ’লে৷ ”
মানুহজনৰ ঘৰ উত্তৰ লক্ষীমপুৰত৷ এতিয়া তেজপুৰত থকা শহুৰেকৰ ঘৰলৈ গৈ আছে৷ পিন্ধনত উৱলি যোৱা টি ছাৰ্ট এটা আৰু জীনচৰ পেন্ট৷ বৰা উপাধিৰ মানুহজনে ছিটৰ তলত পুৰণি বেগ এটাত কিবা আনিছে৷ জে’লত থকা কালত তেওঁক সাক্ষাত কৰিবলৈ ঘৰৰ পৰা এদিনো কোনো মানুহ নাহিল৷ ম’বাইল ফোনটোও লগত অনা নাছিল৷ ন মাহ দহ দিনৰ মূৰত জে’লৰ পৰা ওলাই অহা বুলি কওঁতে এনেহে লাগিল যে মাতৃগৰ্ভতো শিশু ন মাহ দহ দিন থাকে৷ মোৰ কাষত বহি অহাজনৰো নৱজন্ম লাভ কৰা হোৱা নাইতো৷ জে’লৰ ভিতৰৰ বহু প্ৰত্যক্ষ অভিজ্ঞতা তেওঁৰ মুখত শুনি তবধ মানিলোঁ৷ কাম কৰিব পৰা মানুহৰ কাৰণে বিশেষ অসুবিধা নহয় হেনো৷ তেওঁ তাত ৰান্ধনি হিচাপে কাম কৰিছিল৷ কাম কৰিলে দৈনিক মজুৰি খাই – লৈ ৫৫ টকা পায়৷ তেওঁৰ ভাষাত ৬/- টকাৰ চিগাৰেটৰ দাম ৫০/- টকা, ১০/- টকীয়া চিগাৰেট একোডালৰ দাম ১০০/- টকা, কোৱাৰ্টাৰ একোটাৰ দাম ৫০০/-টকা ইত্যাদি ইত্যাদি৷ ইমান দামৰ বস্তুবোৰো তাত কিনি খোৱা লোক আছে ৷ আলফা উগ্ৰপন্থীসকলৰ বাবে বিশেষ সুবিধা থকা সুকীয়া বিল্ডিং আছে৷ নগা উগ্ৰপন্থীসকলৰ কাৰণে আকৌ বেলেগ৷ নগা উগ্ৰপন্থীসকললৈ লাখ লাখ টকা আহি থাকে৷ সদায় চিকেন – মাটন খায়৷ চাহ বাগিচাৰ মালিক এজনে আকৌ অনবৰতে গ’ল্ড ফ্লেক চিগাৰেটৰ ধোঁৱা উৰুৱাই থাকে৷ ৰেপ এণ্ড মাৰ্ডাৰ কেচ৷ ১৮ বছৰৰ জে’ল৷ মই নোসোধাকৈয়ে তেওঁ ক’লে যে জেললৈ বেয়া মানুহ গ’লে ভাল হৈ যাব৷ প্ৰাতঃভ্ৰমণ বা সান্ধ্যভ্ৰমণ কৰিব পৰাকৈ আহল-বহল পকী ৰাস্তা আছে৷ চৰকাৰৰ পৰা যথেষ্ট সুবিধা দিছে ৷
যি কি নহওক, তেওঁ হিজৰাজনীক বাইদেউ বুলি সম্বোধন কৰি জে’লৰ পৰা ওলাই অহা কথাটো মুকলিকৈ কোৱাৰ বাবে ক’ৰবাৰ পৰা সত্যবাদিতাৰ গোন্ধ এটা ভাহি আহি নাকত লাগিছিল।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2016, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: