ছায়া – কল্যাণ মেধি

গল্প:


সপোনটো আধা দেখা হওঁতেই কুকুৰমখাৰ চিঞৰত টোপনিটো ভগাত তাইৰ বিকট খং উঠিল। কোনো ৰকমে তাইৰ টোপনিটো আহিছিলহে। বিচনাখন সেপিয়াই চালে। কাষত আইতাকক নাপায় আইতা বুলি চিঞৰি উঠিল। চিঞৰ শুনি আইতাক দৌৰি আহি তাইক সাৱটি ধৰিলে।
: নাপাই সোণ। নাকান্দিবিচোন। মই গোসাঁই ঘৰলৈহে গৈছিলো।
: আইতা; মা-দেউতালৈ খুওব মনত পৰিছে। হে ভগৱান, মোক কিয় এনে কৰিলা? মই কি ভুল কৰিছিলো? মোক মাৰি নেপেলোৱা কিয়?
: নাপাই সোণ। সন্ধিয়া সময়ত এনেদৰে কন্দা-কটা কৰিব নাপায়।
আইতাকৰ বহু বুজনিত তাই মনে মনে থাকিল। বুকুত সাবটি মূৰত হাত ফুৰাওতে তাই আকৌ টোপনি গ’ল। তাইৰ মাক দেউতাকৰ ওপৰত আইতাকৰ তীব্ৰ খং উঠিল।
– কথাখিনি কৈ থাকোঁতে বিশ্বই মোৰ বাহুত ধৰি হুকহুকাই কান্দি দিলে। মই একো তত্ ধৰিব নোৱাৰিলোঁ। মোৰ আৱেগত কথাখিনিয়ে খুন্দা মৰাত মোৰ দুচকুও সেমেকি উঠিল। কি বুলি বুজাম তাক; একো ওৱাদিয়ে নাপালোঁ
: তই অলপ ধৈৰ্য ধৰচোন। তাৰ পাছৰখিনি ক।
: কেনেকৈ কওঁ ভাবিবই পৰা নাই অ’। তথাপি শুন।
সি লাহে লাহে কথাৰ খুটি ধৰোঁতেই মই কৈ উঠিলোঁ
: ঘটনাটো আগৰ পৰাই ক’চোন।

মন যায়
মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে
খোজ দিবলে…..

ৰাতিপুৱাৰ সময়। খুওব সোনকালে দোকানখন খুলি বিশ্বই ম’বাইলতে মিহিকৈ গান এটা বজাই কাৰোবালে অপেক্ষা কৰি আছে।
চাইকেল টিলিঙাৰ শবদত তাৰ তন্দ্ৰা ভাগিল।
: কি ভাবি আছ অ’?
: কি নো ভাবিবি? তাই এতিয়াও অহা নাই। কালি চহৰৰ পৰা নীলা উপহাৰ এটা আনি থৈছো। কিন্তু ……
: হ’ব ব’ল স্কুলতে দি দিবি।
কথাটো শুনি বিশ্বই কিবা এটা চিন্তা কৰি দোকানখন বন্ধ কৰি মৃণালৰ চাইকেলৰ কেৰিয়াৰত লাফ মাৰি উঠি ল’লে।
: ভালদৰে উঠিব নোৱাৰ? এনেয়েই পিতাইৰ গালি শুনিব লাগে তাতে তই এতিয়াই কৰিয়াৰখন ভাগিলিহেঁতেন।
: হ’ব ব’ল। নাভাগিল নহয়। এতিয়া মনে মনে চাইকেল চলা।

জাকপাতি ল’ৰা-ছোৱালীবোৰ পৰীক্ষা দিবলৈ আহিছে। মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা। বিশ্বই খুওব জোৰত ব্ৰেকডাল টানি দিলে।
: আই অ’। অই গৰু ইমান জোৰত ব্ৰেক মাৰিছ যে! ইম্মান কষ্ট পাইছো।
: তই চাইকেলখন ধৰচোন। মই যাওঁ।
: কিন্তু ক’লৈ?
: আৰে বাবা ধৰ না।
মৃণালে চাইকেলখন বিশ্বৰ হাতত দি দৌৰি জুলিৰ ওচৰলৈ গ’ল। বিশ্বই হাতৰ টোপোলাটো কেৰিয়াৰত থৈ স্কুলৰ সন্মুখতে থকা ভৰালী কাইটিৰ দোকানলৈ সোমাই গ’ল।
: ভৰালী দা; তাই ……
কিবা এটা ক’বলৈ ওলাওঁতেই ভৰালীয়ে মাত লগালে
: কি তাই ক’ব আহিছ? তাই এতিয়াও আহি পোৱা নাই।
কথাষাৰ শুনি বিশ্ব অলপ সময়ৰ বাবে শিল পৰা কপৌটোৰ দৰে হৈ পৰিল। পকেটৰ পৰা ম’বাইলটো ওলিয়াই সময়টো চালে। পৰীক্ষালৈ আৰু আধাঘণ্টাহে আছে। বিশ্ব ফটকৰে দোকানৰ পৰা ওলাই গ’ল। খুওব বেগেৰে চাইকেল চলাই গৈ থাকোতে বাটতে মালতী পেহীক ল’গ পালে।
: পেহী ……. ।
: তই ইমান বেগেৰে চাইকেল চলাইছ যে?
: এই আজি পৰীক্ষা দিবলৈ যোৱা নাই?
: অ। তাইৰ ভাগ্যখন বৰ বেয়া অ’।
: বাৰু হ’ব দে, মই সাউতকে তাইক পৰীক্ষালৈ লৈ যাওঁ।
: তই কেনেকৈ বুজাবি? কোনো বুজাই ৰাখিব পৰা নাই তাইৰ কান্দোন।
বিশ্বই চোতালতে ধমকৈ ষ্টেণ্ডডাল নমাই চাইকেলখন ৰখাই ভিতৰলৈ দৌৰি সোমাই গ’ল।
: কি হ’ল? ব’ল ব’ল। যি হয় পাছত দেখা যাব। আজি শেষ পৰীক্ষাটো দি ল’চোন।
বিশ্বৰ বুজনিত তাই বিশ্বক ধৰি কান্দি দিলে।

– কথাখিনি কৈ থাকোঁতে বিশ্বই আকৌ হুকহুকাই কান্দি দিলে।
: তই ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব?
: তই কেনেকৈ বুজিবি মোৰ অন্তৰখন কেনে কৰি আছে!
: হ’ব দে। ইমান ট্ৰজেডি ফালিব নালাগে। ক’চোন তাই সেইদিনা পৰীক্ষা দিবলৈ কিয় যোৱা নাছিল?
: তাইৰ বাপেকে বেলেগ একৰাকীক লৈ ক’ৰবালে গুচি যোৱাত সিহঁত ইয়ালৈ মানে মোমায়েকৰ ঘৰলৈ একেবাৰে গুচি আহে।
– মই বিস্ময়েৰে তাৰ মুখলৈ চালো।
: মই বুজিছো; তই এই কথাটো নাজান’।
: হা?
: শুন। তাইৰ বাপেকলৈ মোৰ খুওব খং উঠে। মানুহ ইমান স্বাৰ্থপৰ হ’ব পাৰে নে? কিন্তু মাকজনী! মাকজনীও স্বাৰ্থপৰ অ’।
: বুজি নাপালোঁ।
: সেইদিনা শেষৰ পৰীক্ষাটো তাই কিয় দিবলৈ যোৱা নাছিল তই জাননে?
: মইতো তোক সেইটোকে সুধিছো। মই নাজানো।
: শুন। সেইদিনা …..
বিশ্বই কথাখিনি ক’ব নাপাওঁতেই মালতী পেহী আমাৰ মাজত আহি উপস্থিত হ’ল। মালতী পেহী উধাতু খাই অহাত মই প্ৰায় ভয়ে খাইছিলোঁ। আহি পায়ে পেহীয়ে ক’বলৈ আৰম্ভ কৰিলে –
: তাইৰ জীৱনটো ইমান বেয়া। চাচোন, বাপেকে সেই অঘটনটো ঘটাই থৈছেহে। আকৌ সেইদিনা…..
মোৰ উত্সুকতা বাঢ়ি গ’ল। মই সুধিয়ে পেলালো –
: সেইদিনা কি হৈছিল পেহী?
: সেই দিনা …… তাইৰ মাক
: মাকৰ কি হৈছিল?
: সেইদিনা মানে আগৰাতি তাইৰ মাক, সম্পৰ্কীয় ককায়েক এজনলৈ পলায় যায়।
: কি …..?
: তাইৰ জীৱনটো বৰ কলুষিত হৈ পৰিল অ’। দেখ দেখকৈ তাই আজি অন্ধকাৰৰ দিশলৈ গতি কৰিছে। কিন্তু আমিতো তাইৰ এনে হ’ব দিব নোৱাৰো।
মোৰ তাইক এবাৰ লগ পাবৰ মন গ’ল। বিশ্বক মোৰ মনৰ ভাব ক’লো।
: ব’লচোন তাইক এবাৰ লগ কৰি আহোঁ।
মোৰ কথামতে তিনিও ওলালো তাইক লগ কৰিবলৈ।


ঘৰটো আজিকালি নিস্তব্ধ হৈ থকা হ’ল যিটো আগতে নাছিল। মাকজনীয়ে এনে এটা কৰ্ম কৰাৰ পাছত ঘৰখন এনে হোৱাতো স্বাভাৱিক।
তাই আইতাকৰ ওচৰতে বহি কান্দি কান্দি ক’ব ধৰিলে
: আইতা; তইতো সৰুতে কোৱা মোৰ আজিও মনত আছে যে আই-পিতাই ভগৱানতকৈও ওপৰত। সুন্দৰ ধৰাখন দেখিব পৰা কৰাত তেওঁলোকৰ অশেষ অৱদান থাকে। কিন্তু …..আজিচোন মই অন্ধকাৰৰ মাজতে আবদ্ধ। সুন্দৰ কি নাজানো। পৃথিৱীখন যদি ইমানেই সুন্দৰ,মোৰ চকুত ধৰা নপৰে কিয়? স্বাৰ্থপৰ হৈ আপোনক কেনেকৈ পাহৰি যাব পাৰে! ইমান নিৰ্লজ হ’ব পাৰে নে মানুহবোৰ?
সৰু কালতে এনেদৰে ভাগি পৰা ছোৱালীজনীক কেনেদৰে বুজাব আইতাকে একো ধৰিব নোৱাৰিলে।
: তই এনেদৰে ভাগি নপৰিবিচোন সোণ। নেদেখাজন আছে নহয়। তই যা, ৰুমতে অলপ জিৰণি ল’ গৈ যা।
আইতাকৰ কথা শুনি তাই ৰুমলৈ গুচি আহিল। মনত এবোজা চিন্তা লৈ চোতালখনতে অলপ ৰৈ চাৰিওফালে চকু ফুৰালে। গোসাঁই ঘৰৰ কাষতে এটা বস্তু দেখি অলপ দৌৰি যোৱাৰ দৰে গৈ বস্তুটো সাউতকে লৈ আহিল। তাই মনতে এটা সিদ্ধান্ত লৈ পেলালে।


এনেকৈয়ে ভাগেনে
সপোন
এনেকৈয়ে ভাগেনে
দাপোন …….
লাহে লাহে তাই ৰুমটোলৈ সোমাই আহিল। হাতত লৈ অনা বটলটো ভালদৰে চকু ফুৰালে। মাক-দেউতাকৰ ওপৰত তাই প্ৰচণ্ড খং এটা লৈ টেবুলৰ কাষৰ পৰা চকীখন চৰচৰকৈ টানি আনিলে বিচনাৰ কাষতে। ধমকৈ চকীখনত বহি ভৰি দুখন বিচনাত এৰি দিলে। তাইৰ মৰমৰ বান্ধৱী পাপৰীৰ মুখখন চকুৰ আগত ভাঁহি আহিল। তাই হঠাতে উঠি টেবুলৰ পৰা কিতাপ এখন আনি মেলিব ধৰিলে। প্ৰথম পৃষ্ঠাৰ পাছতে সোমাই ৰখা ফটোখন এবাৰ ভালদৰে চালে। তাইৰ দুচকু সেমেকি উঠিল। পাপৰিক বৌয়েকহিচাপে পাবলৈ তাই বৰকৈ আশা কৰিছিল। কিন্তু তাই যে সিদ্ধান্ত লৈ পেলালে এই মায়াৰ সংসাৰত নথকাৰ।
কিতাপখন জপাই বিচনালৈ দলিয়াই দি হাতত থকা বটলতো খুলিব ধৰোঁতেই দুৱাৰমুখত কাৰোবাৰ উমান পাই উচপ খাই উঠিল। ঘূৰি চাই দুৱাৰমুখত বিশ্ব আৰু মোক দেখি হাতত থকা বটলটো মাটিত পেলাই দিলে।
: তই এইবোৰ কি কৰিব ওলাইছ? তই কিয় নিজক শেষ কৰিব ওলাইছ? তোৰ সাহস নাই এই পৃথিৱীত জীয়াই থকাৰ?
বিশ্বই তাইক চৰ এটা মাৰি সাবতি ধৰিলে। তাই বিশ্ব দা বুলি বিশ্বক সৰু ছোৱালীৰ দৰে আকোৱালি ধৰি চিঞৰি কান্দি দিলে।
নিস্তব্ধ ঘৰটো প্ৰাণ পাই উঠিল বিষাদৰ। মোৰ চকু বেৰলৈ গ’ল। এখন জন্মদিনৰ শুভেচ্ছাপত্ৰ দেখি ওচৰলৈ গ’লো য’ত লিখা আছিল
“প্ৰতি, ছায়ালৈ
জন্মদিনৰ হিঁয়াভৰা শুভেচ্ছাৰে
তোমাৰ দাদা বিশ্ব”
মই অবাক হৈ ঘূৰি দিওঁতেই বিচনাত এখন ফটো দেখি আৰু আচৰিত হ’লো। সেইদিনা বিশ্বই চহৰৰ বজাৰৰ পৰা অনা নীলা চাদৰখন পৰিহিতা এগৰাকী ছোৱালীৰ ফটো।
মই এবাৰ ফটোখন, এবাৰ শুভেচ্ছাপত্ৰখন আৰু এবাৰ বিশ্ব-ছায়াক চাই ৰলোঁ।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: