গল্প: সমাধি – কল্যাণজিৎ মেধি

(১)
লাহে লাহে বৰষুণজাক কমিছে যদিও আকাশখন মাছৰ বাকলিৰ দৰেই হৈ আছে। কিজানি বৰষুণজাক আকৌ আহিব। আকাশত নিশ্চয় কিবা বিজুতি ঘটিছে –
বিনোদে আকাশলৈ চাই ভাবি থাকোঁতেই আঁতৰৰ পৰা অহা চিঞৰ এটাই তন্দ্ৰা ভাগি দিলে।
: বানপানী আহিছে ৰাইজ। মথাউৰি এই চিগো চিগো। খৰধৰ কৰক। অমলে দৌৰি দৌৰি গাঁৱত খবৰ দি গ’ল বানপানী অহাৰ। অলপ সময় বাহিৰত থাকি বিনোদ ভিতৰলৈ সোমাই গ’ল।
: হেৰা, শুনিছা। ঘৰৰ বস্তুবোৰ সামৰা। বাঢ়নী পানী হেনো এইবাৰ গাঁৱত সোমাব। মথাউৰিটো এই চিগো চিগো। আমি এইবাৰ নামঘৰতে থাকিব লাগিব বুজিছা ? সোনকাল কৰা। সমীৰ ক’ত?
: পূজাহঁতৰ ঘৰলৈ গৈছিল। আপুনি ফোন এটা কৰকচোন। কৰুণাই ঘৰৰ বস্তুবোৰ ওখ ঠাইলৈ লৈ গল। বিনোদে সমীৰণলৈ ফোন লগালে –
: বাবা, তই সোনকালে ঘৰলৈ আহচোন। বানপানী …. – বিনোদৰ কথা শেষ নৌহওঁতেই সমীৰণে মাত লগালে
: দেউতা, মই গৈ আছো। পূজাহঁতৰ ঘৰত পানী সোমাইছে।
তই সোনকালে আহিবি।
: হ’ব দেউতা। দেউতাকৰ ফোন পাই সমীৰণে খৰধৰ কৰিলে।
(২)
সন্ধিয়া মৃণাল, পংকজ, ৰূপজ্যোতি, সিদ্ধাৰ্থই সমীৰণক অচেতন অৱস্থাত নামঘৰত থকা শিবিৰলৈ লৈ আহিল। মাকে সমীৰণক দেখি চিঞৰি উঠিল
:বাবা, বাবা। তই নামাত কিয় ? (বন্ধু কেইজনক উদ্দেশি) তোমালোকে মনে মনে আছা কিয়? কি হৈছে বাবাৰ ? সকলো নিশ্চুপ হৈ সমীকৰণক কঠ এখনৰ ওপৰত শুৱাই দিলে। বাপেকে সমীকৰণৰ ভৰিত তেল সানি মালিচ কৰি থাকিল। মাকজনী কান্দি কান্দি বাউলিজনী হৈ বিচনি এখনেৰে বিচি থাকিল। তৎমুহূৰ্ততে শিবিৰটো কাঁহ পৰি জীণ যোৱা যেন হ’ল।
(৩)
ৰাতিপুৱা ৰেডিঅ’ত “আজিপুৱা” অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত এটি বাজি আছে –
“কাহিনী এটি লিখা সেৱাৰ বিষয়ে কৈছিলো বহু বহু বাৰ ……….।”
সমীৰণৰ দুচকু সেমেকি উঠিল। হঠাতে অহা ধুমুহাজাকে সমীৰণৰ বুকু ভিজাই গ’ল। তাৰ মনত ভা’ৱ হ’ল
: মোৰ লগতহে কিয় এনে হয় ? বৰ দুখ লাগিছে আজি। জীৱনটো ইমান জয়াল বুলি ভৱা নাছিলো।
: বাবা। মাকৰ মাতত সি উচপ খাই উঠিল।
কিয় তাৰ এনে হ’ব পালে! অ, নিশ্চয় সেইদিনা হোৱা ঘটনাটোৰ বাবেই তাৰ এনে হ’ল। কৰুণাই সমীৰণৰ কাষতে বহি মূৰত হাতখন দিওঁতেই সি আকৌ উচপ খাই উঠি কাষত মাকক দেখি ‘মা’ বুলি চিঞৰি মাকক সাবতি ধৰি হুকহুকাই কান্দি দিলে। মাকজনীৰো দুনয়নে চকুপানী নিগৰি আহিল। দেউতাকো আহি তাৰ কাষতে বহি পৰিল। একো বুজিব নোৱাৰি সমীৰণক সাৱতি ধৰিলে।
: বাবা। নাপায় সোণ। তই ধৈৰ্য ধৰ। নিয়তিয়ে কৰা কামক তই-মই বাধা দিব নোৱাৰো নহয়।
: তথাপিও দেউতা ….। – সমীৰণে দেউতাকক সাৱতি ধৰি হুকহুকাই কান্দি দিলে।
(৪)
সমীৰণে ঘৰৰ খুঁটা এটাত আঁউজি আবেলিৰ ৰঙা আকাশখনলৈ চাই মুখেৰে ভোৰভোৰাই আছে। তাৰ সন্মুখত জীৱনৰ আদি পুৱাৰ ছবিসমূহ ভাঁহিবলৈ ধৰিলে। কিমান যে আনন্দৰ দিন আছিল সেইবোৰ ….
(৫)
: ক্লাছ শেষ হ’ল। সমীৰণ …। কি হ’ল ? কি চিন্তা কৰি আছ’ ? বল। ঘৰলৈ নাযাৱ নেকি ?
: ৰহ অ’। তাইৰ মুখখন ইমান ধুনীয়া। গুলপীয়া ওঁঠৰ মিচিকি হাঁহি … – সমীৰণে কথা শেষ কৰিব নাপাওঁতে মালা জকজকাই উঠিল।
: থৈ দে তোৰ কবিতা।
: নহয় অ’ মালা। তই বুজি চাচোন। পূজাক দেখিলে মোৰ মনত বসন্ত আহে। মোৰ চৌদিশ সুন্দৰ হৈ পৰে।
: তই তাইক ভালপাওঁ বুলি কৈ নিদিয় কিয় ?
: কৈছিলো। কিন্তু …
: কিন্তু কি ?

: তাই কাকো ভাল নাপায়।
: কিয় ?
: তাই আগতে লৰা এটাক খুব ভাল পাইছিল। সি তাইৰ অন্তৰত বৰ বেয়াকৈ আঘাট দিলে। তেতিয়াৰ পৰা তাই ভালপোৱা শব্দটোকে ঘৃণ কৰা হ’ল।
: তই তাইক সঁচাকৈয়ে ভাল পাৱনে?
: অ’ আক’। তাইক মই কিমান ভাল পাওঁ, তোক কেনেকে বুজাম ?
: হ’ব ব’ল, তই ধৈৰ্য ধৰ। তোৰ ভালপোৱা যদি সঁচা হয়; তেন্তে চাই থাক, তাই তোকো ভাল পাব এদিন। মালা, সমীৰণে কথা পাতি পাতি কলেজৰ পৰা ওলাই আহিল। এনেদৰে কেইদিনমান যোৱাৰ পাছত সমীৰণ আৰু পূজাৰ প্ৰেম আৰম্ভ হল। সিহঁতৰ ঘৰতো কথাটো গম পালে। এদিন সমীৰণৰ মাক-দেউতাক পূজাহঁতৰ ঘৰলৈ গ’ল সিহঁতক বিবাহৰ বান্ধোনেৰে এক কৰিবলৈ পূজাৰ মাক-দেউতাকৰ লগত কথা পাতিবলৈ।
(৬)
চাৰিওফালে উদুলি-মুদুলি পৰিৱেশ। আজি সমীৰণ যাব পূজাক আঙঠি পিন্ধাবলৈ। সিহঁতৰ প্ৰেমে গতি পালে সংসাৰৰ দিশে। ৰাজেশে গাড়ীখন আনি পদূলি মুখ পোৱালে। ইফালে দিপাংকই সকলো প্ৰয়োজনীয় বস্তু গাড়ীত তুলি দিলে। লগৰ সমনীয়া, মাক-দেউতাক, ঘৰৰ বাকীবোৰ মানুহৰ সৈতে সমীৰণ এসময়ত পূজাহঁতৰ ঘৰ পালে। নীতি নিয়মৰ মাজেৰে দুয়োখন ঘৰ এক হৈ পৰিল। আৰু এবছৰৰ পাছত বিবাহৰ দিন ঠিক কৰা হ’ল।
(৭)
বিয়ালৈ আৰু এমাহ বাকী। বিয়াৰ সকলো যোগাৰ ইতিমধ্যে সমাপ্ত হৈছে। এনেতে গাঁৱৰ কাষেৰে যোৱা বুঢ়া লুইত ফেনেফুটুকাৰে বাঢ়িব ধৰিলে। বাঢ়নীপানীয়ে মথাউৰিত কোবোৱাৰ ফলত মথাউৰিটোৰ অৱস্থা বেয়ালৈ ঢাল খালে। গাঁৱৰ ৰাইজে স্থানীয় বিধায়কৰ কাষ চাপিল। তেওঁ কোনো সুদুত্তৰ নিদিয়াত ৰাইজেই এক হৈ মথাউৰি মেৰামতিত লাগিল।
: এইবাৰ আমাৰ গাঁৱত ভয়াবহ পানী হ’ব যেন পাওঁ। হৃদয়ৰ কথাত সমীৰণ চিঞৰি উঠিল।
: আমিবোৰ এনেয়ে আছো নেকি ? মথাউৰিটো আমি একো হ’ব নিদিও।
নদীৰ পানী খুব বেগেৰে বাঢ়িব ধৰিলে। আগৰবাৰ ইঞ্জিনিয়াৰ-ঠিকাদাৰসকলে যদি মথাউৰিটো ভালদৰে মেৰামতি কৰিলেহেঁতেন তেন্তে কোনো চিন্তা নাছিল গাঁওবাসীৰ। কিন্তু সিহঁতে নিজৰ পকেটৰ ফালে চোৱাৰ ফলত গাঁওবাসীয়ে আজি মৰণকে শৰণ কৰি মথাউৰিটোৰ মেৰামতিত যুদ্ধকালীনভাৱে লাগি আছে।
অলপ সময়ৰ পাছতে এটা ডাঙৰ শব্দ কৰি মথাউৰিৰ এটা অংশ খহি লুইতৰ বুকুত লীন গল। হুৰহুৰ কৰি বাঢ়নী পানী গাঁৱলৈ সোমাই আহিল। পূজাহঁতৰ ঘৰটো মথাউৰিৰ কাষতে আছিল। সমীৰণ পূজাহঁতৰ ঘৰলৈ দৌৰ দিলে। ইফালে পূজা, দেউতাক, মাক লগ হৈ বস্তুবোৰ ওখ ঠাইলৈ নিবৰ বাবে ঠেলাত ভৰাই আছে। সমীৰণ পূজাহঁতৰ ঘৰ পোৱালৈকে লুইতৰ পানী পূজাহঁতৰ ঘৰ সোমাল। গৰাখহনীয়া বেছিকৈ আৰম্ভ হল মথাউৰি চিগি যোৱাৰ ফলত। মাটি খহি খহি পূজাহঁতৰ ঘৰৰ কাষ পালেহি তাণ্ডৱৰূপী বাবা লুইত। এসময়ত পূজাহঁতৰ ঘৰটো হালি যাব ধৰিলে।
: সমীৰণ। পূজা ওপৰৰ কোঠাত বস্তু সামৰি আছিল। তাইক লৈ আনা। পূজাৰ দেউতাকৰ কথা শুনি সমীৰণ লগে লগে ওপৰলৈ উঠি গল। পূজাক লৈ ওপৰৰ পৰা নামি আহোঁতেই ঘৰৰ চাদখন খহিব ধৰিলে। এটা পাক চাদৰ ৰড এডাল আহি পূজাৰ মূৰেদি সোমাই গল। পূজাই বিকট চিঞৰ এটা মাৰি দিলে। সমীৰণে পূজাক থাপ মাৰি ধৰালৈকে তাইৰ মৃত্যু হল। পানীৰ তাণ্ডব লীলা চলি থকা অৱস্থাতে সেই ঘৰখনলৈ বিভীষিকা নামি আহিল। সমীৰণে পূজাক ঘৰৰ বাহিৰলৈ লৈ আনে। মাকে ঘৰৰ ভিতৰৰ পৰা পূজাৰ
ওচৰলৈ আহিব ধৰোঁতেই গৰাখহনীয়াত পৰি ঘৰটো লুইতৰ বুকুত লীন যায়। ঘৰটোৰ লগতে মাকজনীও চিঞৰ এটা মাৰি লুইতৰ লগত মিলি পূজাৰ পাছে পাছে গুচি যায় অনন্তধামলৈ।

সমীৰণে পূজাক দেউতাকৰ ওচৰলৈ আনি থকা অৱস্থাতে ঢলি পৰে। লগে লগে তাৰ বন্ধু কেইজনে আহি তাক থাপ মাৰি ধৰে আৰু মাক-দেউতাকৰ ওচৰলৈ, নামঘৰৰ শিবিৰলৈ লৈ আনে। বিবাহৰ পুথি বন্ধ অৱস্থাতে থাকি গল। সমীৰণ-পূজাৰ সপোন সপোন হৈয়ে ৰল। চৰকাৰৰ গাফিলতিত দুখন ঘৰ ধ্বংস হৈ গল। লুইতে নামানে বোকাচটিওৱা ৰাজনীতিৰ ব্যাখ্যা। ইঞ্জিনিয়াৰ, ঠিকাদাৰসকলে নিজৰ পকেটৰ কাৰণে চিন্তা নকৰি নিজ কাম সঠিকভাৱে কৰা হ’লে কিজানি আজি এনে হব নাপালেহেঁতেন।

(৮)
আজি সমীৰণ তেজপুৰৰ পগলা ফাটেকত। হাতত এখন ফটোসহ তাক প্ৰায় দেখা পোৱা যায় কান্দি থকা অৱস্থাত। বাৰে বাৰে উচপ খাই কাষত কাৰোবাক বিচাৰে। কিজানি পূজাক। গৰাখহনীয়াত পৰি ঐতিহ্যপূৰ্ণ মাজুলীৰ সেই কৃষ্টিৰে ভৰা সমীৰণ-পূজাহঁতৰ মৰমৰ কামজান গাঁওখন আজি নিশ্চিহ্ন। সময়ৰ কোবাল গতিত আঁত ধৰিব নোৱাৰি চৰকাৰৰ পাকত পৰি ইতিহাসৰ পাততহে জিলিকিব লগা হ’ল সেই গাঁওখন।

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 আগষ্ট, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক