সফলতাৰ জ্ঞান -মল্লিকা কলিতা

আঠ বছৰীয়া অভিয়ে গৰমৰ বন্ধত নিজৰ ককাকৰ ওচৰলৈ, গাঁৱৰ ঘৰলৈ গ’ল। এদিন সি খুব উৎফুল্লিত মনেৰে ককাকৰ কাষ পালেগৈ আৰু অতি গৰ্বেৰে ক’বলৈ লাগিল, ‘যেতিয়া মই ডাঙৰ হ’ম, তেতিয়া মই বহুত সফল ব্যক্তি হ’ম। আপুনি মোক সফলতা লাভ কৰিবলৈ আভাস দিব পাৰিবনে?’’ ককাকে মূৰ জোকাৰি হয়ভৰ দিলে আৰু একো নোকোৱাকৈ তাৰ হাতত ধৰি কাষৰ নাৰ্চাৰিখনলৈ লৈ গ’ল। তাত ককাকে সৰু সৰু দুটি গছপুলি কিনিলে আৰু ঘৰলৈ লৈ আহিলে।
তেওঁ আহিয়ে এটি পুলি ঘৰৰ বাহিৰত আৰু আনটো পুলি টাবত লগাই ঘৰৰ ভিতৰত ৰাখিলে। ‘তুমি কি ভাবা, এই দুটি পুলিৰ কোনটো বেছি সফল হ’ব ভৱিষ্যতে?’ ককাকে ল’ৰাটোক সুধিলে। ল’ৰাটোৱে অলপ সময় ভাবি ৰ’ল আৰু ক’লে, ‘ঘৰৰ ভিতৰত ৰাখা পুলিটো বেছি সফল হ’ব কিয়নো সি প্ৰতিপল প্ৰতিটো বিপদ বিঘিনিৰ পৰা সুৰক্ষিত আৰু বাহিৰৰ পুলিটো প্ৰখৰ ৰ’দৰ উত্তাপ, ধুমুহা-বৰষুণ আৰু জন্তুৰ পৰা বিপৰ্য্যস্ত হোৱাৰ ভয়।’’ ককাকে ক’লে, ‘‘চোৱা যাওক আগলৈ কি হয়!’’ আৰু তেখেতে বাতৰিকাকত এখন উঠাই পঢ়িবলৈ লাগিল।
কিছুদিন পিছত ল’ৰাটোৰ বন্ধৰ দিন উকলিল আৰু সি চহৰত থকা ঘৰলৈ উভতি গ’ল। ককাকে দুয়োটা গছপুলিৰে সমানে গুৰুত্ব সহকাৰে প্ৰতিপালন কৰিবলৈ ধৰিলে; সময়েও বাগৰ সলালে। তিনি/চাৰি বছৰ পাছত আকৌ এবাৰ ল’ৰাটোৱে নিজ পিতৃ-মাতৃৰ সৈতে গাঁৱৰ ঘৰলৈ ফুৰিবলৈ গ’ল আৰু ককাকক দেখাৰ লগে লগে সুধি পেলালে, ‘ককা, যোৱাবাৰ আহোঁতে মই আপোনাক কৃতকাৰ্য্য হোৱাৰ আভাস বিচাৰিছিলোঁ; কিন্তু আপুনি একোকে নক’লে !… এইবাৰ আপুনি খাটাংকৈ ক’বই লাগিব।’’ ককাকে মিচিকিয়ালে আৰু নাতিয়েকক সেই ঠাইলৈ লৈ গ’ল য’ত পুলিটো ৰুৱা টাবটো থৈছিল। এতিয়া পুলিটো ধুনীয়া গছ এডাললৈ ৰূপান্তৰিত হৈছিল; ল’ৰাটোৱে ক’লে, ‘চোৱা ককা মই কোৱা নাছিলোনে যে এই পুলিটো বেছি সফল হ’ব …’’ ‘ৰ’বা প্ৰথমে বাহিৰৰ গছপুলিটোৰ অৱস্থাও চাই লোৱাহিচোন…’’ আৰু ককাকে বাহিৰলৈ লৈ গ’ল নাতিয়েকক। বাহিৰত এডাল বিশালকায় বৃক্ষ গৰ্বেৰে ঠিয় হৈ আছিল! যাৰ ঠাল-ঠেঙুলি বহু দূৰলৈ বিয়পি পৰিছিল আৰু যাৰ শীতল ছায়াত পথচাৰীয়ে আৰামেৰে কথা পাতি আছিল। ‘এতিয়া কোৱা কোনডাল গছ বেছি সফল হ’ল?’ ককাকে সুধিলে। ‘…ব… ব…বাহিৰৰ ডাল!… কিন্তু এয়া কেনেদৰে সম্ভৱ হ’ল, বাহিৰত সি ছাগে কিমান যে আলৈ-আহুকাল প্ৰতিৰোধ কৰিবলগীয়া হৈছিল নহয়নে… তথাপিও…’’ ল’ৰাজনে বিষ্ময়কৰ চিত্তে কৈ উঠিল। ককাকে হাঁহিলে আৰু ক’লে , ‘ হয়, কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পুৰস্কাৰও আছে, বাহিৰৰ গছডালৰ স্বাধীনতা আছিল সি যিমান ইচ্ছা সিমানেই শিপাসমূহ সম্প্ৰসাৰিত কৰিব পৰাৰ,নিজৰ শাখা-প্ৰশাখা আকাশ স্পৰ্শ কৰাৰ… সোণটো, এই কথাখিনি মনত ৰাখা আৰু তুমি যি কৰিবা তাতেই সফলতা লাভ কৰিবা -কিন্তু তুমি আজীৱন নিৰাপদক বিকল্পৰূপে চয়ন কৰিলে তুমিও তোমাৰ ক্ষমতা অনুপাতে বিকশিত কৰাব নোৱাৰিবা। কিন্তু যদি তুমি সমস্ত বিপদ নেওচি এই পৃথিৱীৰ সন্মুখীন হ’বলৈ সাজু থাকা তেন্তে তোমাৰ বাবে যিকোনো লক্ষ্যই হস্তগত কৰিবলৈ অসম্ভৱ নহ’ব!’’ ল’ৰাটোৱে দীঘলকৈ উশাহ টানি ল’লে আৰু সেই বিশাল বৃক্ষডালৰ ফালে চাবলৈ লাগিল। সি ককাকৰ কথাখিনি বুজি পাইছিল আৰু আজি সি সফলতাৰ এটি ডাঙৰ পাঠ পঢ়িবলৈ পাইছিল! ভগৱানে আমাক অৰ্থপূৰ্ণ জীৱন জীয়াবলৈ প্ৰস্তুত কৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ, বেছি সংখ্যকে ভয়-ভয়কৈ জীৱনটো যাপন কৰে আৰু কেতিয়াও সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি নাইবা হৃদয়ংগম কৰিব নোৱাৰে। এই অন্তঃসাৰশূন্য ভয়ক পিছলৈ ঠেলি পঠোৱা … জীৱন নিৰ্বাহ কৰাৰ প্ৰকৃত আমেজ তেতিয়াহে পোৱা যায় যেতিয়া আমি কৰিব পৰা সকলোখিনি কামকে আমি কৰিবলৈ সক্ষম হওঁ হ’ক….অন্যথা দুবেলা দুমুঠি অন্নৰ যোগাৰ যিকোনো লোকেই কৰিব পাৰে… সেয়েহে প্ৰতিটো মুহূৰ্ত ‘নিৰাপদ দূৰত্বত অৱস্থান’ৰ পাকচক্ৰত নপৰিবা… প্ৰত্যাহ্বান লোৱা … আৰু সেই বিশাল বৃক্ষডালৰ দৰে নিজৰ জীৱনটোক ‘বৃহৎ’ বনোৱা! (অনুবাদিত)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on আগষ্ট 10, 2016, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: