শাওণ বিহু – চামচুল হক

উঁইচিৰিঙাজাকৰ মাতে মাতে
হোৰহোৰাই সোমাই আহে শাওণ বিহু
ভৰা বিহুতলীত বাঘে – ছাগে সাপে – বেঙে
বিৰিখে – বিৰিণাই মাৰে মুকলি বিহু
প্ৰথমদিনা যমডাকিনীক পাটত তোলাৰ পিছৰে পৰা
হুঁচৰি গোৱা লোকসকলে জয়ঢাক বজাই
চকুহাৰা বিধাতাক লৈ ফুৰে ডাংকোলাকৈ
নিদিবলৈ শাও
ইফালে মাদলৰ ছেৱে ছেৱে
নূপুৰৰ তালে তালে
বগীতৰা নাচনীয়ে গৰকত ভাঙে মূধচ
ফেনীপিঠা নিমখপিঠা গুদামাছৰ শুকতি
জুতি লগাই খাই পদূলিত পেলাই যায়
তেজৰঙা পিক
চোৱাই চাই যায় খোৱাই খাই যায়
বছৰেকৰ বিহু
নাওখেল ভূৰখেল আৰু খেল হেতালি
জুনাফাঁকি গায় এইদৰে ―
চকুতে ফুলিছে সৰিয়হ এডৰা
পেটত লৈ গামোচাৰ পানী
হাতত লৈ ফুৰিছোঁ জীউলাও এধানি
উভতি ক’লৈ যাম ৰাতি ৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on আগষ্ট 10, 2016, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: