গল্প: ফুটা কলহ: টেকেলিৰ সুৰুঙাৰে – মল্লিকা কলিতা

বহুত দিনৰ আগৰ কথা। এখন গাঁৱৰ খেতিয়ক এজনৰ কথা। তেওঁ সদায় দোকমোকালিতে উঠি দূৰৈৰ নিজৰাৰ পৰা স্বচ্ছ পানী আনিবলৈ যায়। পানী কঢ়িয়াবলৈ তেওঁ নিজৰ লগত দুটা ডাঙৰ কলহ, এডাল বাঁহৰ মাৰিত বান্ধি কান্ধৰ দুই মূৰে ওলোমাই লয়। তাৰে ভিতৰত এটা কলহ কেনেবাকৈ ফুটিল, আৰু আনটো একদম নিখুঁত আছিল। সেইবাবে সদায় খেতিয়কজন ঘৰ পোৱালৈ মাথো ডেৰ কলহ পানীহে বাচিছিলগৈ। দুবছৰ এনেদৰেই চলি আছিল। সুৰুঙা নথকা কলহটোৰ এই লৈ অহংকাৰ যে তাৰ সম্পূৰ্ণ পানী ঘৰ পাইছিলগৈ আৰু তাৰ কোনো খুঁত নাছিল। আনপিনে ফুটা কলহটোৰ এই লৈ লজ্জাবোধ হৈছিল যে সি আধাখিনি পানী হে ঘৰ পোৱাবলৈ সক্ষম হৈছিল। ফলস্বৰূপ খেতিয়কজনৰ পৰিশ্ৰম অথলে গৈছিল। ফুটা কলহটোৱে এইবোৰ ভাবি দুঃচিন্তাত সময় কটাবলৈ লাগিল আৰু এদিনাখন সি খেতিয়কক মনৰ ভাবখিনি ব্যক্ত কৰি পেলালে, ‘মই নিজৰ প্ৰতি লজ্জাবোধ কৰিছোঁ আৰু আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ’। ‘কিয়?’, খেতিয়কে সুধিলে, ‘তুমি কিয় লজ্জাবোধ কৰিছা?’ ‘আপুনি বোধকৰোঁ গ’মেই নাপায় মই এটা ফালৰ পৰা ফুটা আৰু যোৱা দুটা বছৰে মই যিমানখিনি পানী ঘৰলৈ কঢ়িয়াব পাৰিব লাগিছিল তাৰ মাথো আধা অংশহে কঢ়িয়াব পাৰিছোঁ, মোৰ ভিতৰৰ ডাঙৰ আসোঁৱাহ এয়া। আৰু সেয়ে আপোনাৰ পৰিশ্ৰম অথলে গৈ আছে’ । সুৰুঙা থকা কলহটোৱে দুখী মনেৰে ক’লে। খেতিয়কজনৰ কথাখিনি শুনি অলপ দুখ লাগিল আৰু ক’লে, ‘ কোনো কথা নাই, মই তোমাক আজি উভতি অহাৰ বাটত তুমি বাটৰ সুন্দৰ ফুলবোৰ চোৱাটো বিচাৰোঁ’। কলহটোৱে তেনেকুৱাই কৰিলে, গোটেই পথছোৱা সুন্দৰ ফুলবোৰ চাই আহি থাকিল; আৰু কিছু পৰিমাণে উদাসভাৱ দূৰ হ’ল। পিছে ঘৰ পোৱালৈ ভিতৰৰ অৰ্ধেক পানী পৰি শেষ হৈছিল সেয়াই তাক আকৌ বিমৰ্ষ কৰিলে আৰু খেতিয়কক ক্ষমা বিচাৰিলে। খেতিয়কে ক’লে, ‘তুমি চাগে ভালদৰে লক্ষ্য নকৰিলা, গোটেই পথছোৱাত যিখিনি ফুল আছিল আটাইবোৰ তোমাৰ ফালেই আছিল। নিখুঁত কলহটোৰ ফালে এজোপাও ফুল ফুলা নাছিল। এনে হ’বলৈ পোৱাৰ মূলতে আছিল মই সদায় তোমাৰ ভিতৰৰ আসোঁৱাহখিনি বুজিছিলোঁ; আৰু মই তাৰ লাভ উঠালোঁ। মই তোমাৰ ফালৰ পথত ৰং বিৰঙৰ ফুলৰ গুটি সিঁচি দিছিলোঁ। তুমি সদায় অলপ-অলপকৈ প্ৰতিপালন কৰি গ’লা আৰু গোটেই পথছোৱা ইমান বিনন্দীয়া কৰি তুলিলা। আজি তোমাৰ বাবেই মই সেই ফুল ভগৱনক অৰ্পণ কৰিব পাৰিছোঁ আৰু নিজৰ ঘৰখনকো বিতোপন কৰি তুলিব পাৰিছোঁ। এতিয়া তুমিয়ে ভাবা তোমাৰ বাবেই এইবোৰ সম্ভৱ নহ’লনে?’ আমাৰ ভিতৰত কিবা নহয় কিবা ক্ৰুটি থাকেই ; প্ৰয়োজন মাথো এই দোষ-ক্ৰুটিবোৰক খেতিয়কজনে কৰাৰ দৰে আমিও অদ্বিতীয়ৰূপে তুলি ধৰাৰ। তেতিয়া নিশ্চয়কৈ ‘ফুটা কলহটো’ক ‘নিখুঁত কলহ’টোতকৈ মূল্যবানৰূপে চিহ্নিত কৰিব পাৰিমহ’ক।। (অনুবাদিত)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জুলাই 11, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: