অনুভৱ – চন্দনা শৰ্মা

২০/০৬/২০১৬ ইং তাৰিখ সোমবাৰ আমাৰ অসমবাসীৰ বাবে এটা বিখ্যাত আৰু প্রখ্যাত দিন৷ কিয়নো কালি ৰাভা দিৱস আছিল৷ যিটো ২০ জুন বুলি ক’লে স্বয়ংক্রিয়ভাৱে আমাৰ মনলৈ আহি যায়। আকৌ এই দিৱসটো যিয়ে যেনেকৈ পাৰে উদ্‌যাপন কৰে৷ অইন বেলিৰ দৰে হয়তো কালিও নিশ্চয়কৈ সমগ্র অসমৰ ভিন্ন প্রান্তত যিয়ে যেনেকৈ পাৰে উদ্‌যাপন কৰিলে৷ আমিও প্রত্যক্ষভাৱে অংশীদাৰ হ’বলৈ নেপালেও ঘৰত বহি পৰোক্ষভাৱে হ’লেও ইয়াৰ অংশীদাৰ হোৱাৰ সূযোগ পালো অসমীয়া অন্যতম জনপ্ৰিয় চেনেল “প্ৰতিদিন টাইম”ৰ যোগে৷ ফেচবুকৰ যিসকল বন্ধু/বান্ধবীয়ে উক্ত অনুষ্ঠানটো উপভোগ কৰিব পাৰিছে সেইসকলে নিশ্চয়কৈ আমাৰ দৰেই অনুভৱ হৈছে ৷ ৰাভাৰ সমাধি স্থলীৰ পৰা পোনপটীয়াকে ৰাভাৰ ওপৰত এটা ভিন্নধর্মী অনুষ্ঠান উপভোগ কৰিব পাই আপ্লুত নহৈ নোৱাৰিলো৷ এইখিনিতে এটা কথা উল্লেখ নকৰিলে অনুষ্ঠানটো সম্পর্কে দিয়া আপডেটো আধৰুৱা হৈ ৰ’ব৷ সেইটো অন্য একোই নহয়৷ প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অনুষ্ঠান প্রচাৰৰ কৌশল আৰু চাতুর্য৷ আমাৰ ধাৰণা যিটো অনুষ্ঠান নাচালে হয়তো বুজিব পৰা নাযাব৷ আমাৰ অতি সীমিত জ্ঞানৰ ওপৰত ভিত্তি কৰি ক’ব বিচাৰো যে উক্ত অনুষ্ঠানটো আছিল যথেষ্ট তথ্যপূৰ্ণ আৰু শিক্ষামূলক৷ কলাগুৰু সর্ম্পকে আমি অন্তত অলপ হ’লেও নতুন কথা গম পালো, শিকিলো৷ যিখিনি কথা ইমান দিন আমি জানিব পৰা নাছিলো৷ ইয়াৰ বাবে সমগ্র তেজপুৰবাসী ৰাইজৰ লগতে নিতুমণি শইকীয়া সম্বনিতে প্রতিদিন টাইমৰ সমুহ কর্মকৰ্তাক ধন্যবাদ জনোৱাৰ লগতে অনুৰোধ ৰাখিম অদূৰ ভৱিষ্যতেও যেন এনেধৰণৰ অনুষ্ঠান আমাক উপভোগ কৰাৰ সুযোগ দিয়ে৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জুলাই 11, 2016, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: