দীক্ষু জ্বৰত আক্ৰান্ত কাটাৰৰ অসমীয়া সমাজ – মল্লিকা কলিতা, অল-খোৰ,কাটাৰ

প্ৰত্যেকবাৰ অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৱে পদূলিমুখ পালেই প্ৰৱাসী মনটোৱে দেশ আৰু মাটিক সোঁৱৰাৰ লগতে উপজা মাটিক পোৱাৰ ব্যাকুলতা আৰু হেঁপাহ তীব্ৰতৰ হয় । সেই হেঁপাহক পূৰ্ণতা দিয়ে আন ব্যাকুল প্ৰৱাসীৰে গঠিত একোখন অসম সমাজে।

মধ্য-প্ৰাচ্যৰ অন্য দেশসমূহলৈ অসমৰ পৰা নিমন্ত্ৰিত জনপ্ৰিয় শিল্পী অতিথিৰে বিহুৰ মঞ্চ ৰজনজনোৱা দেখিবলৈ পালে আমাৰ মনটো হেন্দোলনি তোলে আমাৰ সমাজলৈ কেতিয়াকৈ ভব্য-গব্য শিল্পীয়ে সৌষ্ঠৱ বৃদ্ধি কৰিব! পিছে মন কৰিলেই চন। ২০১৫ চনৰ বিহুটো যেনে তেনে স্থানীয় শিল্পীৰেই পালন কৰি বহাগী বিদায়লৈ জুবিন, পাপন নহ’লেও অন্য জনপ্ৰিয় শিল্পীৰে মঞ্চ শুৱনি কৰা হ’ব বুলি সংখ্যাত তাকৰ কিন্তু মনেৰে ফৰকাল কাটাৰ অসম সমাজৰ যুৱচাম প্ৰমুখ্যে সকলোৱে টঙালি বান্ধে।

ঋতু আহে ঋতু যায় এয়া প্ৰকৃতিৰ নিয়ম। ঋতুৰ থাকে নিজস্ব স্বকীয়তা। ঋতুৰ পৰিৱৰ্তনে প্ৰকৃতিৰ বুকুলৈ যিদৰে পৰিৱৰ্তনৰ ফোৱাৰা বোৱাই আনি জীয়াই থকাৰ প্ৰেৰণা যোগায়; তেনেদৰে সংগীতেও মানুহৰ মনবোৰক, মনৰ হেঁপাহবোৰক উজ্জীৱিত কৰি তোলে। সংগীতে আমাৰ জীৱনত সুখ-দুখ, আনন্দ, বিষাদৰ উপলব্ধিৰে বিশেষ মাত্ৰা প্ৰদান কৰাত অৰিহণা যোগায়। গ্ৰীষ্মকালতো বহাগী বিদায় উদযাপনৰ পৃষ্ঠপোষকতা নকৰা লোকৰ সংখ্যাই সৰহ হ’ব; কিন্তু সংগীতক জানো নিৰ্দিষ্ট সময়সীমাৰ মাজত আবদ্ধ কৰি ৰাখিব পাৰি? আৰু তাৰেই ফচলস্বৰূপে যোৱা বছৰ(২০১৫) জুন মাহৰ দহ(১০জুন) তাৰিখে ‘আহ ঐ আহ খেতি কৰবাক লেগি…’ সহজ সৰল গ্ৰাম্য প্ৰকাশভংগীৰে সামাজিক পৰিৱৰ্তনৰ বাৰ্তা বিলোৱা অসমৰ লগতে বিদেশৰ মাটিতো সংগীতৰ লহৰেৰে খলকনি তোলা জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু ‘বহাগী’ অনুষ্ঠানত ভাগ ল’বলৈ পত্নী বিজয়েতাসহ কাটাৰৰ ডোহাত পুৱতি নিশা উপস্থিত হয়হি।

১২জুনৰ দিনা পৰম আকাংক্ষিত দিনটো আহি পৰে, যিদিনা ডোহা মিচ্যেইডৰ আটকধুনীয়া, চালে চকুৰোৱা আল বানুচ ক্লাব ঘৰ দীক্ষুৰ কন্ঠেৰে মুখৰিত হ’ল। অনুষ্ঠানৰ দিনা সৰ্বপ্ৰথমে অসম সমাজৰ মহিলা আৰু পুৰুষ সমন্বিতে ৰাভা সংগীত ‘নাহৰ ফুলে নুশুৱায়’ পৰিৱেশনৰ দ্বাৰা কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰা হয় আবেলি ৪:৩০বজাৰ লগে লগে । ইয়াৰ পিছত গীতাশ্ৰীৰ বৰগীত, প্ৰিয়ংকা, চুমি আৰু অসম সমাজৰ পুৰুষ বেণ্ডে কণ্ঠ নিগৰায়। আবু-ঢাবিৰ পৰা অহা গায়িকা পূজা গোস্বামীৰ উপস্থিতিয়ে সোণত সুৱগা চৰায়। স্থানীয় কণ কণ মইনাহঁতৰ ‘পেডেল মাৰি মাৰি’ গানৰ লহৰত কৰা নৃত্যাংশ আছিল বেছ আকৰ্ষণীয়।

বিহু অবিহনে জানো বহাগী বিদায় সম্পূৰ্ণ হয়? বিহু হুঁচৰিয়ে উপস্থিত প্ৰায় সকলোকে এপাক নচুৱাই হে এৰিলে । শিল্পী দীক্ষু আৰু তেখেতৰ পত্নীক ফুলাম গামোচা, অসম সমাজৰ মমেণ্ট’, আদিৰে আদৰণি জনাই বহু প্ৰতীক্ষিত শিল্পী জনাৰ কণ্ঠৰ যাদু শুনিবলৈ মঞ্চ এৰি দিয়া হয়। ‘চানেকী’ এলবামৰ ‘বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক’ব’ গীতেৰে আৰম্ভণি কৰি ইটোৰ পিছত সিটোকৈ তেখেতৰ জনপ্ৰিয় গানসমূহত কণ্ঠ নিগৰাই যায়, কবি নৱকান্ত বৰুৱাদেৱৰ কবিতাক গানৰ ৰূপ দিয়া ‘দূৰ’ এলবামৰ ‘পুতলা নাচ’, ‘চেম্পিয়ন’ এলবামৰ ‘তুমি যদি কোৱা’, মাইলৰ খুঁটি ৰূপে পৰিগণিত হোৱা ‘দেৱদাৰু’ এলবামৰ ‘আহ ঐ আহ’, অসমৰ প্ৰায়খিনি জাতি জনগোষ্ঠীক সামৰি মিলিজুলি থকাৰ বাৰ্তা দিয়া ‘দিহিঙে দিছাঙে’, বিহু, আৰু লগতে হিন্দী গীতও সাৱলীল ৰূপে পৰিৱেশন কৰে।

‘চেম্পিয়ন’ নামৰ প্ৰথম এলবামটিৰ জৰিয়তে ২০০৬ চনত অসমৰ সংগীত জগতত ভৰি থোৱা দীক্ষুৱে প্ৰথম এলবামটিৰ জৰিয়তে বিষ্ণু-জ্যোতিৰ সাংগীতিক ক্ষেত্ৰখনত যে আৰু এজন চেম্পিয়নে ভূমুকি মাৰিলে তাৰ খৱব সবলভাৱে জনাই দিয়ে। প্ৰথম গানটিৰ পৰাই দৰ্শকৰ বিপুল সঁহাৰি-সমাদৰ দেখিবলৈ পোৱা পৰিলক্ষিত হয়। পুৰুষ-মহিলা-কণ কণ শিশু নিৰ্বিশেষে ভালে সংখ্যক দৰ্শকেই নাচিবলৈ বাধ্য হয় সুৰৰ মূৰ্চ্ছনাত। বহি থকা খিনিয়েও গানৰ চেৱে চেৱে মূৰ লৰাই, হাত তালিৰে শিল্পী জনাক সমৰ্থন জনায়। দীক্ষুৰ কন্ঠৰ যাদুই মন্ত্ৰমুগ্ধ কৰি ৰাখে সমগ্ৰ সন্ধিয়াটো। তেখেতৰ কৃতিত্ব এইখিনিতেই।

দৰ্শকৰ মৰমৰ দাবীক উপেক্ষা কৰিব নোৱাৰি ‘আহ ঐ আহ’ আৰু ‘তুমি যদি কোৱা’ দুবাৰকৈ পৰিৱেশণ কৰে সুপৰিচিত শিল্পীজনে। দীক্ষুৰ গানৰ স্বকীয়তা বিচাৰ কৰিবলৈ গ’লে দেখিবলৈ পোৱা যায় মাটিৰ গোন্ধ, সহজ সৰল ভাষা, ছন্দোময় প্ৰকাশ ভংগীৰে লোক সংগীতৰ সুৰৰ স্পন্দন আৰু বজৰুৱা, বেপৰোৱা শব্দৰ পয়োভৰ পৰিলক্ষিত নোহোৱাটো। আজি তেনে এগৰাকী শিল্পীক আমাৰ কাটাৰ অসম সমাজৰ পদূলিত পাই আমি সঁচাকৈয়ে গৌৰৱান্বিত। আল বানুচ ক্লাবৰ নিয়ম অনুসৰি নিশা ৯:৩০ৰ ভিতৰত কাৰ্য্যসূচী সমাপন কৰা হয়। আমিষ-নিৰামিষ বিবিধ সুস্বাদু ব্যঞ্জনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতো দীক্ষুৰ মিঠা কণ্ঠই জীপাল কৰি ৰাখে। এংকৰ জাফ্ৰিনে সুচাৰুৰূপে অনুষ্ঠান চলাই নিয়ে। শিশুহঁতৰ মাজত চিত্ৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়, লগতে জেষ্ঠসকলৰ মাজত বাচনি কৰা হয় যোগ্যতাৰ ভিত্তিত শ্ৰেষ্ঠ পুৰুষ আৰু মহিলাৰ সাঁজপাৰ পৰিহিতাগৰাকী। অনুষ্ঠান সামৰণি মৰা হয় অসমৰ জাতীয় সংগীতেৰে। বহুদিনীয়া এটি সপোনে সাৰ-পানী পালে; এৰিবৰ যে কাৰোৱে মন নাছিল কিন্তু মনৰ মাজত ৰামধেনুৰ সাতোৰঙী আনন্দৰ বন্যা কঢ়িয়াই সকলোৱে উভতিছিল আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, ন-উদ্যমেৰে।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মে 10, 2016, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: