ধৰিত্ৰী দিৱস আৰু আমাৰ পৰিৱেশ – আজিজুল হক

আমাৰ কেউফালে পৰিৱেষ্টিত হৈ থকা বস্তুবিলাকৰ সমষ্টিয়েই পৰিৱেশ। সেয়ে মাটি, পানী, বতাহ, গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত, জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদি। আদিৰে পৰা মানুহ প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। এয়ে সৃষ্টিৰ নিয়ম। মানুহক মুক্তভাৱে বিচৰণ কৰিবলৈ দিয়া হৈছে প্ৰাণদায়িনী পৃথিৱীখন। আদিম মানুহে পৰ্বতৰ গুহা, গছৰ খোৰোং আৰু অৰণ্যত বাস কৰিছিল। জীয়াই আছিল হাবিৰ ফল-মূল খায়। প্ৰাকৃতিক পৰিৱেশৰ লগত আছিল মানুহৰ এৰাব নোৱাৰা অতি নিবিড় সম্বন্ধ। আনকি সেইবিলাক মানুহে দেৱ-দেৱী বুলি সেৱা-পূজাও কৰিছিল।

মানুহৰ ক্ৰমবিকাশ হৈ কৃষি আৰু বিজ্ঞানৰ উত্তৰণত উদ্যোগ গঢ়ি উঠাত আৰ্থিক উন্নতি হয়। কিন্তু এই বিকাশৰ লগতে প্ৰাকৃতিক উৎসসমূহ ক্ৰমে হ্ৰাস আৰু ধ্বংস হ’বলৈ ধৰাত প্ৰাকৃতিক ভাৰসাম্যত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ পৰিণতিত গোলকীয় উষ্ণতা, হিম-প্ৰবাহ, প্ৰদূষণ আৰু অ’জন গেছ হ্ৰাস আদি বিপৰ্যয়সমূহ হ’বলৈ ধৰিছে। আন কথাত ক’বলৈ গ’লে প্ৰকৃতিৰ ওপৰত চলোৱা মানুহৰ শোষণ আৰু অত্যাচাৰৰ বাবে প্ৰথিৱীখন মানুহৰ নিজৰে বসবাসৰ অনুপযোগী হৈ উঠিছে।

অষ্টম শতিকাৰ বিখ্যাত চীনা কবি দু ফুৱে লিখিছিল, “দেশখন ধ্বংস হয়, কিন্তু পৰ্বতমালা আৰু নদীবিলাক ৰক্ষা পৰে।” কিন্তু আজি যেন ইয়াৰ বিপৰীত হৈছে। মানুহে খনিজ সম্পদৰ বাবে পাহাৰ-পৰ্বত ভাঙি পেলাইছে, বিদ্যুতৰ বাবে নদ-নদী বান্ধিছে, কাঠৰ বাবে হাবি-জংঘল কাটি খাস্তাং কৰিছে, ঘৰ সাজিবৰ বাবে পহাৰ খহাইছে আৰু বিল-জলাহ আদি আৰ্দ্ৰভূমি পুতি পেলাইছে। কিন্তু মানুহে এইবিলাকৰ কুফল তিল তিল কৈ ভুগি আহিছে। বৰ্তমান যি গতিত পৰিৱেশ দূষিত হ’বলৈ ধৰিছে যে ভৱিষ্যতে পৃথিৱীৰ বুকুৰ পৰা মানুহ সমূলঞ্চে নিঃশেষ হৈ যাব পাৰে। মানুহে এই ভয়ংকৰ অৱস্থাৰপৰা নিস্তাৰ বিচাৰি চিন্তা কৰি পালে ধৰিত্ৰী দিৱস।

আমেৰিকাৰ জ’ন মেক্‌ কনেল নামৰ সমাজকৰ্মী এজনে ১৯৬৯ চনত ছানফ্ৰান্সিস্কো নগৰত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা আৰ্থাৎ ইউনেস্ক(UNESCO)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত সভাত এই দিৱসৰ ধাৰণাৰে এটি প্ৰস্তাৱ দিয়াত বহুতে সমৰ্থ জনায়। প্ৰথমে সেই নগৰত এই দিন উদ্‌যাপিত হয়। ১৯৭০ চনৰ ২২ এপ্ৰিলৰ দিনটো ধৰিত্ৰী দিৱস ধাৰ্য কৰে আৰু ডেনিছ হেইছ নামৰ পৰিৱেশবিদজনে ৰাষ্টীয় সমন্বয়কৰূপে আগ বাঢ়ি আহে। তেওঁলোকৰ আহ্বানৰ প্ৰতি বিপুল সঁহাৰিৰে সেই দিন উদ্‌যাপন কৰে। সেই সময়ৰ ৰাষ্ট্ৰ সংঘৰ সচিবপ্ৰধান ইউ থাণ্টে এই দিৱস পালনৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰে। এই দিৱস ক্ৰমে আন দেশবিলাকতো জনপ্ৰিয় হৈ উঠে। ১৯৯২ চনত ব্ৰাজিলৰ ৰিয়’ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ ধৰিত্ৰী সন্মিলন(Earth Summit) অনুষ্ঠিত হয় আৰু ২০০৯ চনত এই সংঘই ২২ এপ্ৰিলৰ দিনা আন্তৰ্জাতিক মাতৃ ধৰিত্ৰী দিৱস পালনৰ সিদ্ধান্ত লৈ সদস্য ৰাষ্ট্ৰসমূহক পৃথিৱীখনৰ পৰিৱেশ সংৰক্ষণত সৰ্বোতপ্ৰকাৰে সহযোগিতা আগ বাঢ়াবলৈ আহ্বান জনায়। এই বছৰ ‘ধৰিত্ৰীৰ বাবে বৃক্ষ’ মূল বিষয়েৰে আহ্বায়ক মণ্ডলীয়ে আন্তৰ্জাতিক সম্প্ৰদায়ক ধৰিত্ৰী দিৱস পালনৰ বাবে আহ্বান জনাইছে।

এই দিৱসৰ লগত নিচেই মিল থকা দিৱস হৈছে ‘বিশ্ব পৰিৱেশ দিৱস’। ১৯৭২ চনৰ ৫-১৬ জুনত ৰাষ্ট্ৰসংঘই ছুইডেনৰ ৰাজধানী ষ্টকহ’ম নগৰত ১১৩ খন দেশৰ প্ৰতিনিধিৰে অনুষ্ঠিত অধিৱেশনত মানৱ জীৱনত পৰিৱেশৰ সম্বন্ধ সম্পৰ্কে ২৬ দফীয়া চনদ গৃহীত হয়। সেই অনুযায়ী প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে। ইয়াৰ যোগে বিশ্ববাসীক পৃথিৱীৰ পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ হ’বলৈ আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। এই উদ্দেশ্যে বিভিন্ন দেশৰ চৰকাৰ, সমাজ, অনুষ্ঠান আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানেও শিক্ষা আৰু প্ৰশিক্ষণেৰে লোকসমূহক পৰিৱেশৰ প্ৰতি সজাগ হ’বলৈ আঁচনি লৈছে। চিত্ৰাংকন, ৰচনা, আকস্মিক বক্তৃতা আৰু তৰ্ক আদি প্ৰতিযোগিতামূলক অনুষ্ঠান, অলোচনা চক্ৰ, সমাৰোহ, সমদল, গছ পুলি ৰোপণ, নলা-নৰ্দমা পৰিষ্কৰণ তথা পলিথিন বৰ্জনৰ সজাগতা আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিন উদ্‌যাপন কৰা হয়।

অৰণ্যই প্ৰাকৃতিক পৰিৱেশত বিশেষ অৰিহণা যোগায়। ই বায়ু বিশুদ্ধ আৰু শিতল কৰি ৰাখে আৰু বৃষ্টিপাতত প্ৰভাৱ পেলায়। জধে-মধে গছ-গছনি কাটি তহিলং কৰা প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ এটি জ্বলন্ত উদাহৰণ। সভ্যতাৰ ক্ৰমবিকাশত পৰিৱেশ ধ্বংস কৰি নগৰীকৰণৰ দিশত অগ্ৰসৰ হোৱাৰ প্ৰৱণতা হ্ৰাস কৰাৰ নিতান্ত প্ৰয়োজন হৈ পৰিছে। অন্যথা ইয়াৰ যোগেও প্ৰাকৃতিক ভাৰসাম্যৰ অধিক অৱনতি ঘটাৰ আশংকা আছে। পৰিৱেশ সংৰক্ষণৰ বাবে অৰণ্য সংৰক্ষণত বিশেষ মনোযোগ দিয়া প্ৰয়োজন।

গোলকীয় উষ্ণতাৰ বাবে প্ৰধানকৈ উন্নত দেশসমূহেই দায়ী। কিয়নো আৰ্থিক উন্নয়নৰ নামত বৃহৎ উদ্যোগ-কাৰখানাত উৎপাদনৰ বাবে প্ৰকৃতিৰ ওপৰত শোষণ আৰু উৎপীড়ন চলাই এফালে তেওঁলোক অধিক ধনী হৈছে, আনহাতে পৃথিৱীৰ অধিকাংশ লোকক দৰিদ্ৰতালৈ নিক্ষেপ কৰা হৈছে আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। সেয়েহে ঔদ্যোগীকৰণত বিশেষ সাৱধানতা অৱলম্বন কৰা নিতান্ত প্ৰয়োজন। পাৰিপাৰ্শ্বিক প্ৰভাৱ অধ্যয়ন নকাৰাকৈ বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাৰ্যকৰীকৰণে অসমবলৈ ভাবুকি কঢ়িয়াই আনিছে।

প্ৰাকৃতিক সম্পদ আহৰণত সাৱধানতা অৱলম্বন কৰাৰ উপৰি সম্পদৰ সমব্যৱহাৰ কৰা তথা অত্যধিক ভোগ-বিলাসিতাৰ জীৱন পৰিহাৰ কৰা উচিত। মিতাহাৰী আৰু মিতব্যয়ী হোৱাটো পৰিবৱেশ সংৰক্ষণৰ অন্য এটা ঢাপ। ৰাষ্ট্ৰসংঘৰ অন্ন-কৃষি-প্ৰতিষ্ঠানৰ(FAO) সমীক্ষা অনুযায়ী প্ৰতি বছৰে ১৩০ কোটি টন খাদ্য অপচয় হয় যি মুঠ খাদ্য উৎপাদনৰ এক তৃতীয়াংশ। আনহাতে প্ৰতি সাতজন মানুহৰ এজনে অনাহাৰে থাকিবলগা হয় আৰু দৈনিক ২০,০০০ শিশু আহাৰৰ আভাৱত মৃত্যুবৰণ কৰিবলগাত পৰে। ইয়াৰ যোগেও পৰিৱেশৰ ওপৰত প্ৰতিকুল প্ৰভাৱ পৰিছে। কিয়নো এগৰা ভাত পেলাই দিয়া মানে ইয়াক উৎপাদন কৰিবৰ বাবে পথাৰৰ মাটি, পানী, সাৰ, সৌৰশক্তি আৰু হাল বাওঁতে গৰু আৰু মানুহৰ পৰিশ্ৰম প্ৰয়োজন হৈছিল। এক লিটাৰ গাখীৰৰ বাবে গাইক ১০০০ লিটাৰ পানী প্ৰয়োজন হয়। সেয়েহে অপচয় ৰোধ কৰিলে ধন ৰাহি হোৱাৰ উপৰি পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ যথেষ্ট হ্ৰাস হ’ব।

ভাৰতীয় সমাজত ধৰ্ম আৰু সংস্কৃতিৰ বিশেষ প্ৰভাৱ আছে যাৰ যোগেদিও পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা আনিব পাৰি। জনজাতীয় বিশ্বাসত প্ৰকৃতিক ঈশ্বৰত্ব আৰোপ কৰি গছ-গছনি, নদ-নদী, জীৱ-জন্তু, গিৰি-গুহা-শিল আদি পূজা কৰা হয়। বুদ্ধ দেৱে বুদ্ধি-বৃক্ষৰ তলত ধ্যানত থাকোঁতে জ্ঞানপ্ৰাপ্ত হৈছিল। এই ধৰ্মই প্ৰকৃতিৰ প্ৰতি অতি স্পষ্ট আৰু ইতিবাচক মত পোষণ কৰে। হিন্দু ধৰ্মত পাহাৰ-পৰ্বত, নদ-নদী, গছ-গছনি, বতাহ, অগ্নি আদি সকলোকে পবিত্ৰস্বৰূপে বিশ্বাস কৰা হয়। অথৰ্ব বেদত এই প্ৰাৰ্থনা, “সৰ্বোপৰি প্ৰভু, আকাশ, পৰিৱেশ, বৃক্ষ, অৰণ্য সকলোতে শান্তি হওক…তোমাৰ বৰফাবৃত শৃংগ, তোমাৰ অৰণ্য, হে ধৰিত্ৰী আমাৰ প্ৰতি সদয় হোৱা” (১২:১১)। পৱিত্ৰ বাইবেলৰ মতে ঈশ্বৰে প্ৰথম মানৱ আদম আৰু তেওঁৰ ভাৰ্যা ইভক সৃষ্টি কৰি ফল-মূলৰ বৃক্ষ, তৃণ-তৰু-লতা, পশু-পক্ষী আৰু সকলোধৰণৰ জীৱ-জন্তুৰে ভৰা এদেন নামৰ এখন সুন্দৰ বাগিছাত ৰাখিছিল য’ত ফল-মূল খাই জীৱন-ধাৰণ কৰা মানুহৰ কাম আছিল বাগিছাখনৰ তদাৰক কৰা (আদি পুস্তক ২:১৫,১৬)। কোৰানত স্বৰ্গৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা দি কৈছে যে তাত থাকিব নিৰ্মল পানীৰ নিজৰা, গাখীৰ আৰু মৌৰ নদী আৰু সকলো প্ৰকাৰৰ সুস্বাদু ফলবিলাক(৪৭:১৫)। জৈন ধৰ্মত জীৱকুলৰ প্ৰতি অহিংস নীতি এটি মূলমত্ৰ। এইদৰে সকলো ধৰ্মতে প্ৰকৃতি আৰু পৰিৱেশৰ লগত মানুহৰ মধুৰ সম্পৰ্কৰ বিষয়ে বহুতো শিক্ষা পোৱা যায়। সেয়েহে ধৰ্মশাস্ত্ৰবিলাকৰ সঠিক ব্যাখ্যাৰ শিক্ষাৰে নিজ নিজ ধৰ্মীয় সম্প্ৰদায়ৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰাত ডাঙৰ ভিত্তি বা সমলস্বৰূপে ল’ব পাৰি। গতিকে দেখা যায় যে সকলো সচেতন হ’লে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে যথা ব্যৱস্থা লোৱাৰ বহুতো উপায় আছে। উপায়বিলাক হাতে-কামে ল’লে নিশ্চয় পৰিৱেশ সংৰক্ষণৰ দিশে সমাজ অগ্ৰসৰ হ’ব। এনে এটি পৰিৱেশ সংৰক্ষণৰ সংস্কৃতি গঢ়ি উঠাত আমাৰ সকলোৰে দায়িত্ব আছে।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 10, 2016, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: