তোমাৰ খবৰ : হিতেন্দ্ৰ কুমাৰ শৰ্মা

তোমাৰ খবৰ লম বুলি সদায় ভাবো জানা

কিবা এটা ভাবি পিচে থমকি ৰওঁ, ৰুদ্ধ কৰি মনৰ অবুজ কামনা ।

এয়া অভিমান নে শংকা সহাৰি নোপোৱাৰ,

নে অনিশ্চিত ভৱিষ্যতৰ চিন্তাৰ বাধা

যে মনটোক লেকাম লগাই ধৰিছে বাৰ বাৰ ।

নিজকে আঁতৰাই আনিছোঁ তোমাৰ পৰা,

তোমাৰ চিন্তাৰ পৰাও, লাহে লাহে;

দমন কোৰিছোঁ অবুজ মনটোক

তোমাৰ প্রতিচ্ছবিও যেন মনলৈ নাহে ।

তথাপি মোৰ উদণ্ড মনে বুজনি নামানে,

অতীতলৈ ঢাপলি মেলে,

সযত্নপালিত তোমাৰ স্মৃতিবোৰ পাহৰণিৰ কবৰৰ পৰা উলিয়াই আনে;

ঠিক তেতিয়াই তোমাৰ খবৰ লবলৈ অকৌ মন যায় জানা,

কিন্তু থমকি ৰয় মোৰ সমগ্র সত্তা

ৰুদ্ধ কৰি হৃদয়ৰ কামনা………

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 10, 2016, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: