অপব্যয় – – মল্লিকা কলিতা: অল-খোৰ, কাটাৰ

বিশ্বৰ খ্যাতিমান উদ্যোগপতি ৰতন টাটাই টুইটাৰৰ মাধ্যমেৰে এটি অনুপ্ৰেৰণামূলক ঘটনা শ্বেয়াৰ কৰিছিল। জাৰ্মানী এখন অতিকৈ ঔদ্যোগিক দিশত আগবঢ়া দেশ। এনেকুৱা দেশৰ বিষয়ে বহুতৰে ধাৰণা যে তাত মানুহে অতিশয় আভিজাত্যপূৰ্ণ জীৱন যাপন কৰে। যেতিয়া আমি হেমবৰ্গ পাইছিলোঁ, মোৰ সহকৰ্মী গৰাকী এখন হোটেলত সোমায়। আমি দেখিবলৈ পাইছিলোঁ বহুকেইখন মেজ খালী হৈ আছে। এখন মেজত এহাল ডেকা দম্পতীয়ে খাদ্য গ্ৰহণ কৰি আছিল। মেজত সাধাৰণভাৱে দুখন থাল আৰু পানীয়ৰ দুটি বটল। মই ভাবিবলৈ ধৰিছিলোঁ এনেকুৱা সাধাৰণ খাদ্যও ৰ’মাণ্টিক হ’ব পাৰেনে আৰু কৃপন ল’ৰাটোক ছোৱালীজনীয়ে এৰি দিব নেকি! আন এখন মেজত কেইগৰাকীমান বৃদ্ধা মহিলাও আছিল। ৰেস্তোৰাঁৰ খাদ্য পৰিৱেশন কৰা ব্যক্তিয়েহে থালত খাদ্য পৰিৱেশন কৰিছিল আৰু তেওঁলোকে থালত পূৰ্ণ হৈ থকা সকলো খাদ্যই শেষ কৰিছিল।

আমি যিহেতু ভোকাতুৰ আছিলোঁ, আমাৰ স্থানীয় সহকৰ্মীয়ে সৰহ সংখ্যক আহাৰ অৰ্ডাৰ কৰিছিল। আমি আহাৰ খাই শেষ কৰাৰ অন্তঃত প্ৰায় এক তৃতীয়াংশ আহাৰ ৰৈ গৈছিল। আমি যেতিয়া ৰেস্তোৰাঁৰ পৰা ওলাবলৈ লৈছিলোঁ, তেতিয়া সেই বৃদ্ধা মহিলা কেইগৰাকী আমাৰ সৈতে ইংৰাজীত বাৰ্তালাপ কৰে। আৰু বুজিবলৈ সক্ষম হ’লোঁ তেওঁলোক আমাৰ খাদ্য অপচয় কৰা দেখি বাৰুকৈয়ে ক্ষুণ্ণ হৈ পৰিছিল। ‘আমি আমাৰ খাদ্যৰ বিনিময়ত মূল্য পৰিশোধ কৰিছোঁ, আমি কিমান খাদ্য এৰি আহোঁ, ইয়াত আপোনালোকৰ কোনো কাৰবাৰ নাই’ মোৰ সহকৰ্মীজনে বৃদ্ধা মহিলাক প্ৰত্যুত্তৰ দিয়ে। মহিলাসকল বহুত খঙাল হৈ পৰে। এগৰাকীয়ে ক্ষিপ্ৰ গতিৰে ফোন উলিয়ালে আৰু কাৰোবাক ক’ল কৰে। কিছু সময়ৰ পিছত Social Security Organization ৰ কোনো ব্যক্তি ইউনিফৰ্মত উপস্থিত হ’ল। গোটেই ঘটনাৰাজি বুজ লৈ তেখেতে আমাৰ ওপৰত ৫০ ইউৰো জৰিমনা বিহে। আমি নিশ্চুপ হৈ ৰওঁ। বিষয়াগৰাকীয়ে কঠোৰভাৱে কৈ উঠে,– ‘ যিমানখিনি ব্যৱহাৰ কৰিব পাৰে, সিমানখিনিয়ে অৰ্ডাৰ কৰক। পইচা আপোনাৰ, কিন্তু সম্পদ সমাজৰ। পৃথিৱীত এনে বহু সংখ্যক লোক আছে যিয়ে পৰ্যাপ্ত সমলৰ অভাৱৰ সন্মুখীন হ’ব লগাত পৰে। আপোনাৰ সমল ধ্বংস কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে’ … এই ধনী দেশৰ বাসিন্দাৰ চিত্ত প্ৰকাশে আমাক লজ্জিত কৰে। আমি সঁচাকৈ এই বিষয়ে ভাবিব লাগে। আমি এনে দেশৰ পৰা অহা য’ত সমলৰ ক্ষেত্ৰত সমৃদ্ধি বৰকৈ নাই হোৱা। লজ্জিত হোৱাৰ পৰা বাচিবলৈ আমি মাত্ৰাধিক অৰ্ডাৰ কৰোঁ আৰু বেলেগক ট্ৰিট দিয়াৰ প্ৰৱণতাই খাদ্য ধ্বংস কৰোঁহ’ক। নিজৰ কু-অভ্যাস এৰিবলৈ গম্ভীৰভাৱে ভাবক। পইচা আপোনাৰ কিন্তু সমল সমাজৰ। কোনো এখন দেশ মহান হ’ব তেতিয়াহে যেতিয়া তাৰ নাগৰিক মহান হ’ব। মহান মানে ডাঙৰ ডাঙৰ সাফল্য লাভ কৰা নুসূচায়। মহান হ’বলৈ সৰু সৰু কাম কৰিলেই হ’ল যাৰ দ্বাৰা দেশ শক্তিশালী ৰূপে আগবাঢ়িব পাৰে। খাদ্য অপচয়, পানীৰ অপব্যয় ৰোধ কৰা, বিজুলী বিনাকাৰণত অপচয় ৰোধ এইবোৰ সৰু সৰু ঢাপেৰে দেশক শক্তিশালী গঢ় দিব পাৰোঁ। আহক আমি ৰতন টাটাৰ অনুপ্ৰেৰণামূলক ঘটনাৰ পৰা শিক্ষা লওঁ আৰু দেশৰ বহুমূলীয়া সম্পদ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰোঁ। সদায় মনত ৰাখিব পইচা নিশ্চয়কৈ আমাৰ, কিন্তু সম্পদ দেশৰ!

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 10, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: