সম্পাদকীয় -আজিজুল হক

মাত ফুটাৰ পৰাই আমি অ আ ক খ অসমীয়া বৰ্ণমালা বুলি পঢ়ি আহিছোঁ। কিন্তু আজি কেইবছৰমানৰ পৰাহে শুনিবলৈ পাইছোঁ যে সেইবিলাক বঙালী লিপি। অসমীয়া লিখিবৰ বাবে ‘ৰ’ আৰু ‘ৱ’ বৰ্ণ আছে যদিও সেই দুটাও দৰাচলতে বঙালী ‘র’ৰ অপভ্ৰংশ মাথোন। অৰ্থাৎ বঙালী ‘র’ৰ পেট কাটি দিয়াত অসমীয়া ‘ৰ’ হৈছে আৰু বঙালী ‘র’ বা ‘ব’ৰ তলত এটা আঁচ দি অসমীয়া ‘ৱ’ হৈছে । অৰ্থাৎ অসমীয়া বুলি এটা ভাষাহে আছে, কিন্তু লিপি নাই। সেইবাবে বঙালী লিপিৰে অসমীয়া লিখে। এই ভাষ্য ভাৰত চৰকাৰ আৰু সাম্প্ৰতিক তথ্য-প্ৰযুক্তিৰ বিপ্লৱ ঘটাই ভাষা বিশ্বজনীন কৰিব পৰা প্ৰতিষ্ঠান ইউনিক’ডৰ।
সেয়েহে জনদিয়েক সচেতন অসমীয়া ভাষা আৰু লিপিপ্ৰেমীলোকে আমেৰিকাৰ কেলিফোৰ্নিয়াস্থিত উইনিক’ড কনচৰ্টিয়াম আৰু ভাৰত চৰকাৰৰ ওচৰত প্ৰায় দুহাজাৰ বছৰীয়া ইতিহাস বিজড়িত অসমীয়া লিপিৰ স্বকীয়তা আৰু স্বতন্ত্ৰতা যুক্তি আৰু তথ্যসহকাৰে উত্থাপন কৰি এই লিপিৰ সুকীয়া পৰিচয় আৰু যথাস্থান বিচাৰি আবেদন জনাই আহিছে। ইয়াৰ ফলস্বৰূপে অসম সাহিত্য সভাকে কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰ পৰ্যায়তো আলোচনা-বিলোচনা হৈছে। অসমৰ প্ৰতিনিধিসহ নতুন দিল্লীত তথ্য আৰু প্ৰযুক্তি-বিদ্যা মন্ত্ৰণালয়(DIT) আৰু ভাৰতীয় মানক সংস্থাৰ(Bureau of Indian Standard) লগতো আলোচনা হৈছিল যদিও তেনে সুফল নধৰিলে। তথাপি এই বিষয়ে সবিশেষ আলোচনা কৰিবলৈ মানক সংস্থাই অসমৰ প্ৰতিনিধিসহ এটি সমিতি গঠন কৰি দিয়ে। আগতীয়াকৈ অসমৰ মনোনীত প্ৰতিনিধিকেইগৰাকীৰ লগত এই বিষয়ে চিন্তা-চৰ্চা কৰি থকা কেইজনমানে দিহা-পৰামৰ্শ কৰি সকলোৱে একমতত উপনীত হয় যে অসমীয়া ভাষাৰ লিপি অসমীয়া আৰু এই লিপিৰ স্বকীয় মৰ্যাদা বিচাৰি ইউনিক’ডতো সুকীয়া স্থান বিচৰা যাওক।
আনন্দৰ কথা যে যোৱা ১৭ নবেম্বৰত দিল্লীস্থ মানক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত আলোচনাচক্ৰত অসমৰ প্ৰতিনিধি কেইগৰাকীয়ে যুক্তিসহ অসমীয়া লিপিৰ স্বকীয় পৰিচয় সজোৰে ডাঙি ধৰাত এই লিপিৰ সুকীয়া স্থানৰ বাবে মানক সংস্থাই এটি আঁচনি যুগুতাবলৈ অসম চৰকাৰক আহ্বান জনাইছে। এই বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাত বহি এটি আঁচনি প্ৰস্তুত কৰা হয়। আনুষ্ঠানিকভাৱে অসম চৰকাৰে এই আঁচনি মানক সংস্থালৈ পঠাইছে যিটোৰ স্বীকৃতি বিচাৰি ভাৰতীয় মানক সংস্থাই আন্তঃৰাষ্ট্ৰীয় মানবিশিষ্টকৰণ সংস্থাত(International Organization for Standardization) উত্থাপন কৰিব। এই সংস্থাতহে চূড়ান্ত সিদ্ধান্ত হ’ব। তেহে অসমীয়া লিপিয়ে আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভৰ পথ প্ৰশস্ত হৈ উঠিব।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2016, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: