জীৱন সমীক্ষা – মল্লিকা কলিতা(অল-খোৰ, কাটাৰ)

অজয় ৰাজস্থানৰ কোনো এখন চহৰৰ বাসিন্দা। এজন স্নাতক ডিগ্ৰীধাৰী তথা এটা প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল। কিন্তু ব্যক্তিগত জীৱনত অসুখী। কিবা নহয় কিবা সমস্যাই ঘেৰি থাকিছিল আৰু অজয়ে সেইবোৰকে ভাবি থাকিছিল।

এবাৰ চহৰখনলৈ আহক এজন ফকীৰ বাবা। তেওঁৰ আছিল উট, মানুহ সমন্বিতে এক বৃহৎ দল। স্বাভাৱিকতে গোটেই চহৰত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া ফকীৰ বাবা। বহুতেই নিজৰ সমস্যা লৈ উপস্থিত হ’লহি বাবাৰ আশ্ৰয়স্থলীত। অজয়ৰো কৰ্ণগোচৰ হ’ল এই বতৰা আৰু বাবাৰ দৰ্শন পাবলৈ ব্যগ্ৰ হ’ল।

আশাত বন্দী যে মানৱ জীৱন! বন্ধ বাৰ এটাত অজয়ে অনুসন্ধিৎসু মনলৈ পুৱাই উপস্থিত হ’ল বাবাৰ শিবিৰত। অগণন দৰ্শনাৰ্থীৰ ভিৰ অতিক্ৰম কৰি তাৰো নম্বৰ আহিল বহু অপেক্ষাৰ অন্তত। বাবাক সেৱা এটি জনাই ক’বলৈ লাগিল, ‘বাবা, মই নিজৰ জীৱনক লৈ দুখী, সকলো সময়তে সমস্যাই মূৰ দাঙি থাকেহি। কেতিয়াবা অফিচৰ সমস্যা, আকৌ কেতিয়াবা ঘৰত, কোনোদিন নিজৰ শৰীৰক লৈ উদগ্ৰীৱ হৈ পৰোঁ। মোক এনেকুৱা উপায় দিয়ক যাতে জীৱনৰ পৰা সমস্যা পলাই পত্ৰং দিয়ে আৰু মই শান্তিৰ উশাহ ল’ব পাৰোঁ’।

বাবাই ইষৎ হাঁহিৰে উত্তৰ দিলে, ‘আজি বহুখিনি পলম হ’ল, মই তোমাৰ প্ৰশ্নৰ উত্তৰ কাইলৈ পুৱা দিম। কিন্তু তুমি মোৰ এটি সাধাৰণ কাম কৰিবানে… ?’ ‘নিশ্চয় কৰিম…’ অজয়ে উৎফুল্লিত হৈ ক’লে। ‘আমাৰ শিবিৰত ১০০টা উট আছে, আৰু সিহঁতৰ আলপৈচান ধৰাজন হঠাৎ বেমাৰত পৰিল, মই বিচাৰোঁ আজি ৰাতি তুমি সিহঁতৰ প্ৰতিপাল কৰা।… ‘আৰু যেতিয়া আটাইকেইটা উটে বহি পৰে, তেতিয়া তুমিও শুই পৰিবা, মনত ৰাখিবা ১০০টা উটে বহিলেহে’… এনেকৈ কৈ বাবা আঁতৰি গ’ল নিজৰ টম্বুলৈ।

পিছদিনা পুৱা বাবাই অজয়ক লগ কৰিলে আৰু সুধিলে, ‘ৰাতি টোপনি ভালদৰেই আহিছিল নে?’ ‘বাবা, মই ৰাতি এখন্তেক টোপনি মাৰিবলৈ নাপালোঁ। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মই আটাইকেইটা উটক বহাব নোৱাৰিলোঁ, কোনোবাটো নহয় কোনোবাটো উট থিয় দি ৰৈছিল!!’ দুখেৰে অজয়ে ক’লে। ‘মই জানিছিলোঁ, এনেকুৱাই হ’ব… আজিলৈ এনেকুৱা হোৱা নাই যে আটাইকেইটা উট একেলগে বহিছে!’

বাবাই শান্তভাৱে ক’লে। অজয়ে অসন্তুষ্টিৰে ক’লে, ‘তেনে আপুনি মোক কিয় এনে কৰিবলৈ কৈছিল?’ বাবাই ক’লে, ‘বাচা, কালি ৰাতি তুমি কি অনুভৱ কৰিলা, এয়াই নহয়নে যে যিমানেই চেষ্টা নকৰা কিয় সকলোকেইটা উট একেলগে নবহে ।… তুমি এটাক বহাবলৈ যাবা, দ্বিতীয় এটাই উঠি বহিব’… বাবাই পুনৰ ক’লে, ‘ঠিক একেদৰে এটা সমস্যা সমাধান কৰিবা কিবা কাৰণত দ্বিতীয় এটি থিয় হ’ব… যেতিয়ালৈকে জীৱন আছে এই সমস্যাসমূহো থাকিব… কেতিয়াবা কম, কেতিয়াবা বেছি…’’

‘তেতিয়াহ’লে আমি কি কৰা উচিত?’ অজয়ে কৌতূহলবশতঃ সুধিলে। ‘এই সমস্যাসমূহৰ সৈতে জীৱনৰ আনন্দ ল’বলৈ শিকা। কালি ৰাতি কি হ’ল, বহুকেইটা উটে ৰাতি দেৰিকৈ নিজে নিজেই বহি পৰিল, কিছু কিছু তোমাৰ প্ৰচেষ্টাত বহি পৰে, কিন্তু বহুকেইটাই তোমাৰ প্ৰচেষ্টা সত্ত্বেও নবহিল…আৰু যেতিয়া তুমি পিছত লক্ষ্য কৰিলা তেতিয়া তুমি গ’ম পালা যে তুমি যোৱাৰ পিছত কিছুমানে নিজেই বহি পৰিল। কিবা বুজিলানে?’ বাবাই বুজাবলৈ চেষ্টা কৰিলে। ‘সমস্যাবিলাকো এনেকুৱাই। কিছুমান নিজে নিজেই শেষ হয়, কিছুমান আমি কৰা প্ৰয়াসত সমাধান ওলায়। কিছুমান তুমি বহুত চেষ্টা কৰিলেও সমাধান নোলায়, এনেকুৱা সমস্যাক সময়ৰ ওপৰত এৰি দিয়া । উচিত সময়ত সেইবোৰ নিজে নিজেই নাইকিয়া হৈ পৰিব’ -বাবাই অজয়ক সৰলতাৰে বুজনি দিলে। ‘…আৰু মই আগতে উনুকিয়াই অহাৰ দৰে, জীৱনত কিছুমান সমস্যা থাকিবই থাকিব।

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তুমি দিন ৰাতি সেইবোৰকে ভাবি থাকিবা। এনে হোৱাহেঁতেন উট প্ৰতিপালন কৰোঁতাজনে কাহানিও শুবলৈ নাপালেহেঁতেন !!’ ‘সমস্যাসমূহ এটা মূৰে ৰাখা আৰু জীৱনৰ আনন্দ লোৱা। শান্তিৰে টোপনি যোৱা। যেতিয়া সময় আহিব সেইবোৰৰ আপোনা-আপুনি সমিধান ওলাব। বাচা, ঈশ্বৰৰ আশীৰ্বাদসমূহৰ বাবে তেওঁক ধন্যবাদ জনাবলৈ শিকা, দুৰ্দশাবোৰ আপুনিয়ে উপশম হ’ব…’’ ইয়াকে কৈ ফকীৰ বাবাই কথা সামৰিলে।।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2016, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: