গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাঃ এক অনন্য প্ৰতিভা – প্ৰাণজ্যোতি নাথ

ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ সুযোগ্য সন্তান গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম ১৯০৪ চনৰ, ১৯ আগষ্টত শিৱসাগৰত।

মান্যবৰ বৰুৱা আছিল কলিকতাৰ ‘স্কটিছ চাৰ্চ কলেজ’ৰ দৰ্শনৰ স্নাতক। সেয়ে হয়তো তেখেতৰ গীত-কবিতাসমূহত পৰিস্ফূট হৈছিল এক মিষ্টিক ভাৱ। শব্দ-ভাৱ-ভাষা আৰু সুৰৰ এক অপূৰ্ব সমন্বয়ে পাৰ্বতিপ্ৰসাদৰ গীতৰ শ্ৰোতাক যোৱা কেইবা দশক ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। প্ৰথম অভিধান প্ৰণেতা যদুৰাম বৰুৱাৰ বংশধৰ পাৰ্বতিপ্ৰসাদৰ ভাষা জাতে-পাতে ঘৰুৱা। দিখৌপৰীয়া কবিগৰাকীৰ শিল্প-কৰ্মত প্ৰাণ পাই উঠিছে প্ৰকৃতিৰ নৈসৰ্গিক শোভা। শীতল জোনাক, নৈপৰীয়া কঁহুৱা, শুভ্ৰ শেৱালি, নিজান দুপৰীয়াই পাৰ্বতিপ্ৰসাদৰ গীতত যেনেকৈ এক মায়াময় পৰিৱেশৰ ৰচনা কৰিছে, ঠিক তেনেকৈ গীতত ব্যৱহৃত ‘বানপানী’, ‘গৰাখহনীয়া’ ‘ফেনে-ফুটুকাৰে’ বাঢ়ি অহা নদী আদি কবিয়ে ব্যক্তিগত জীৱনত মুখা-মুখি হোৱা ঘাত-প্ৰতিঘাতৰ প্ৰতীকী প্ৰয়োগ; গীতিকবি গৰাকীৰ ব্যথাভৰা জীৱনৰ স্বৰূপ ফুটাই তুলিবলৈ বোধহয় গীত-কবিতাসমূহত ‘বীণ’, ‘ব’ৰাগী’, ‘বাঁহী’ৰ উল্লেখ সঘনে হৈছে।

“আহিছোঁ ব’ৰাগী এন্ধাৰ বাটত জীৱনৰ জোঁৰ লৈ,
চিৰ অভেদ্য মহা-ৰহস্য সমুখত আছে ৰৈ।
দূৰণিৰ সৌ ক’লা যৱনিকা
তাৰ সিপাৰত আছে কিনো লিখা
কোনে জানে তাৰ সন্ধান, আজি কোনে মোক দিব কৈ?
আহিছোঁ ব’ৰাগী, এন্ধাৰ বাটত জীৱনৰ জোঁৰ লৈ।……”

ৰহস্যৰ সন্ধান বিচাৰি দোমোজাত পৰা কবিয়ে এই অপাৰ ৰহস্য ভাঙিছে এনেকৈ,

“সিপাৰত সৌ নীৰৱতা ভঙা গভীৰ এন্ধাৰ ঘোৰ।
তাৰ তলিতেই আছে হেনো য’ত সোণৰ সোলেঙবোৰ,
সোণৰ সোলেঙ, সুখৰ সপোন,
চৰম প্ৰাণৰ হেঁপাহ গোপন,
তাকেই বিচাৰি আহিছোঁ বৰাগী, জ্বলাই বুকুৰ জোঁৰ।” (বীণ বৰাগী)

এই সোণৰ সোলেঙৰ সন্ধানত কবিমন ঘূৰি ফুৰিছিল অহৰ্নিশে। কেতিয়াবা পাইছিল, কেতিয়াবা পাই হেৰুৱাইছিল। লুইতৰ প্ৰতি মোহ, লুইত পাৰৰ চিত্ৰল সৌন্দৰ্যই তেখেতৰ গীতসমূহ বৈশিষ্ট্যময় কৰি তুলিছিল। পাৰ্বতিপ্ৰসাদৰ বৰুৱাৰ গীতসমূহত লোকগীতৰ ঠাঁচ মনকৰিবলগীয়া। গীতিকবিৰ প্ৰতিটো গীতেই চিত্ৰসম্বলিত। ৰূপ-ৰস, গন্ধ-স্পৰ্শ-শব্দৰ যেন এখনি জাগতিক পৃথিৱী। আনহাতে, কোনটোহঁত গীতত এক অদৃশ্য পৃথিৱীৰ ৰহস্যময় উদাস সুৰ শুনিবলৈ পোৱা যায়। এনে স্বকীয় বৈশিষ্ট্যৰে যুগজয়ী হোৱা পাৰ্বতিপ্ৰসাদৰ গীতসমূহৰ শ্ৰৱণে এক বিমল সুখানুভূতি দিয়ে। অসমীয়া সাহিত্যৰ জগতত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা এটি চিৰজ্যোতিষ্মান নক্ষত্ৰ। ‘সোণৰ সোলেং'(১৯৫৫), ‘ভঙা টোকাৰীৰ সুৰ'(১৯৫৯), ‘গুণ-গুণণি'(১৯৫৭-৫৮), ‘লুইতী'(১৯৫৯), ‘শুকুলা ডাৱৰ আৰু কহুৱা ফুল'(১৯৬৩) ইত্যাদি তেখেতৰ শিল্পীজীৱনৰ অমূল্য কীৰ্তি। এইসমূহ গীত আৰু কবিতা পুথিৰ উপৰি তেখেতে মোমাইদেৱেক শশীপ্ৰসাদ বৰুৱাৰ বিবাহ উপলক্ষে ১৯২৯ চনত প্ৰকাশ কৰিছিল ‘লখিমী’ নামৰ নৃত্যনাটিকাখনি। বৰেণ্য শিল্পী ভূপেন হাজৰিকাদেৱৰ কণ্ঠত অমৰ হৈ ৰৈ গৈছে পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ “তোমাৰ প্ৰেমৰ ভোগজৰাটি”,”গৰখীয়া, হেৰ’ গৰখীয়া”, “জোনাক, জোনাক শীতল জোনাক”, “সেউজীপাৰৰ”, “লুইতৰ চাপৰিত”, “তোৰ নাই যে বন্ধোৱা বাট” আদিৰ দৰে অসমীয়া সাহিত্যৰ সম্পদস্বৰূপ অমূল্য গীতসমূহ।

সৰুৰেপৰাই পাৰ্বতিপ্ৰসাদ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। আঢ্যৱন্ত, সুৰুচিসম্পন্ন আপোন পৰিয়ালটিতে পাৰ্বতিপ্ৰসাদে পাইছিল কাব্য-সাহিত্য-সংগীত চৰ্চাৰ সু-পৰিৱেশ। নানা বৰণীয়া পখিলা, ঢেকীয়াপাত, সুন্দৰ লতাৰে এলবাম সজাই ভালপোৱা ল’ৰাটি আছিল একনিষ্ঠ শিল্পীপ্ৰাণ। ল’ৰা বয়সতে সুন্দৰ ছবি আঁকি শিক্ষকৰ সমাদৰ পাইছিল। গীতিকাৰ পদ্মধৰ চলিহাক পাইছিল স্কুলীয়া শিক্ষক হিচাপে, যিজনে সভা-সমিতিত গীত গাবলৈ বা কবিতা আবৃত্তি কৰিবলৈ পাৰ্বতিপ্ৰসাদক আগবঢ়াই দিছিল। তেওঁৰ ‘পেট’ কবিতাৰ আবৃত্তি শুনি সেইসময়ৰ শিৱসাগৰৰ বিখ্যাত উকীল অক্ষয় বাবুৱে তেওঁক এটি ৰূপৰ ঘড়ী উপহাৰস্বৰূপে দিছিল। লক্ষ্মীৰাম বৰুৱা আৰু পদ্মধৰ চলিহাৰ গীত গাই ডাঙৰ হৈছিল পাৰ্বতিপ্ৰসাদ। সাহিত্যতো আছিল কণমানি গায়কজনৰ অদ্ভুত ৰাপ। ছাত্ৰাৱস্থাতে ‘থুপিতৰা’ নাম দি এখন হাতেলিখা মাহেকীয়া আলোচনী উলিয়াইছিল। ‘থুপিতৰা’ বন্ধ হ’লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত লিখি উলিয়াইছিল ‘ঘৰ-জেউতি’। সাতোটা ককাই-ভাইৰ ভিতৰত ককাইদেৱেক ভগৱতীপ্ৰসাদৰ সতে পাৰ্বতিপ্ৰসাদ আছিল এক-আত্মা। এইগৰাকী ককায়েককে মটৰ দুৰ্ঘটনা এটিত হেৰুৱাই বিষণ্ণ-বিৱশ হৈ দুবছৰ কাল ঘৰৰ পৰা ওলোৱা নাছিল পাৰ্বতিপ্ৰসাদ। ইয়াৰ আগতে কটন কলেজত পঢ়ি থকা সময়ত বাইদেৱেক কমলা বৰুৱাক হেৰুৱাই পাবৰ্তিপ্ৰসাদে ৰচিছিল- “জোনাক, জোনাক, শীতল জোনাক চাই মোৰ চকুলো সৰে” গীতটি। ককায়েকৰ মৃত্যুত তেখেতৰ ভাগি পৰা মনৰ অৱস্থা দেখি জ্যোতিপ্ৰসাদে ১৯৩৪ চনত ‘জয়মতী’ ছবিত অভিনয়ৰ বাবে পাৰ্বতিপ্ৰসাদক মাতি পঠিয়াইছিল। “মোৰ কিন্তু স্বাভাৱিক শোকটো অস্বাভাৱিক উপায়ে আঁতৰাবলৈ ইচ্ছা নহ’ল” বুলি পাৰ্বতিপ্ৰসাদে এই আমন্ত্ৰণ প্ৰত্যাখান কৰিলে। উল্লেখযোগ্য যে, জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত “জয়মতী উৎসৱ”ত জয়মতী নাটকত ন-দহ বছৰ বয়সতে সুন্দৰ অভিনয় কৰি ৰাইজক চমক খুৱাইছিল পাৰ্বতিপ্ৰসাদে। ইয়াৰ উপৰি ১৯২৯ চনত শিৱসাগৰ নাট্য সমাজে আয়োজন কৰা ‘শোণিত কুঁৱৰী’ নাটকত চিত্ৰলেখা হৈ নৃত্য কৰি আৰু ‘চক্ৰধ্বজ সিংহ’ নাটকত মহাবীৰ লাচিতৰ চৰিত্ৰত অভিনয় কৰি এইজনা শিল্পীয়ে দৰ্শকৰ পৰা প্ৰশংসা বুটলিছিল। ‘শোণিত কুঁৱৰী’ত অভিনয় প্ৰসঙ্গত পাৰ্বতীপ্ৰসাদে তেখেতৰ “ৰূপকোঁৱৰৰ কথা”ত উল্লেখ কৰিছে এনেদৰে-

“নাটৰ অভিনয়ত গীতৰ সুৰ আৰু নাচৰ ভংগীৰ নতুনত্বই দৰ্শকসকলক ইমান মোহিত কৰিলে যে তেতিয়াৰ দিনত একেবছৰতে নাটখনি কেইবাবাৰো অভিনীত হৈছিল।” (ৰূপকোঁৱৰৰ কথা, পাৰ্বতীপ্ৰসাদ বৰুৱা)

পাৰ্বতীপ্ৰসাদ আছিল গহীন-গম্ভীৰ, সুন্দৰ-সুঠাম মঞ্চশুৱনি অভিনেতা। ককায়েকৰ মৃত্যুৱে তেখেতৰ মন-প্ৰাণৰ বিস্তৰ ক্ষতি কৰিলতো ক্ষান্ত নহৈ গভীৰ আন্ধাৰৰ মাজত ‘সোণৰ সোলেং’ বিচাৰি সু-অভিনেতা পাৰ্বতিপ্ৰসাদে ১৯৪০ চনত নিৰ্মাণ কৰিবলৈ ল’লে ‘ৰূপহী’ বোলছবি। শব্দ গ্ৰহণৰ বিজুতিৰ বাবে লাভৰ মুখ নেদেখা ‘জয়মতী’ৰ দৰে কেমেৰাৰ কামত খুঁট ৰৈ যোৱা বাবে যদিও সফলতাৰ মুখ নেদেখিলে তথাপি “ৰূপহী” আছিল অসমীয়া ভাষাৰ চতুৰ্থখন বোলছবি। ‘ৰূপহী’ বোলছবিখন সজোৱা হৈছিল সাতোটি গীতেৰে আৰু গোটেইকেইটি গীত লেখিছিল পাৰ্বতিপ্ৰসাদে নিজে। ইয়াৰে “নোবোলো তোক সোণৰ অসম/ মাটিৰ অসম আই” গীতটিত যুটীয়াভাৱে তৰুণ হাজৰিকা আৰু চাৰু বৰদলৈয়ে কণ্ঠ দিছিল। “জোনাক, জোনাক শীতল জোনাক” আৰু “প্ৰিয়তম তুমি আহিবা বুলি” গীত দুটিত পুণ্য কোঁৱৰে কণ্ঠ দিয়াৰ বিপৰীতে “তোৰ নাই যে বন্ধোৱা বাট”ত চাৰু বৰদলৈ আৰু আন দুটি গীতত ক্ৰমে দুৰ্গা ফুকন আৰু তৰুণ হাজৰিকাই কণ্ঠ নিগৰাইছিল। “হাতৰ হেৰোৱা ধন বাটত হেৰা পায়/ বাট পাহৰা বাটৰুৱা ঘৰ বিচাৰি যায়”- এই গীতটিত কণ্ঠদান কৰিছিল পাৰ্বতিপ্ৰসাদে নিজে। এই ছবিৰ ‘জোনাক, জোনাক’ আৰু ‘তোৰ নাই যে বন্ধোৱা বাট’ গীত দুটি ভূপেন হাজৰিকাৰ কণ্ঠত আজিও জনপ্ৰিয়। কমলেশ্বৰ চলিহাৰ ‘সাধু’ৰ আলমত নিৰ্মাণ হোৱা “ৰূপহী”ৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত, সুৰ, পৰিচালনা আছিল পাৰ্বতিপ্ৰসাদৰ নিজৰ। কথাঃ পদ্মধৰ চলিহা আৰু মোক্ষদা চলিহাৰ। পোহৰ ছবি তোলোতা বিভূতি দাস আৰু ধীৰেন দে। “ৰূপহী”ত পাৰ্বতিপ্ৰসাদ বৰুৱাই এজন মহন্তৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ সহকাৰী পৰিচালক ৰাজেন বৰুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰো সহকাৰী পৰিচালক আছিল। কানন চক্ৰৱৰ্তী, পুণ্য কোঁৱৰ, মণিকা নাজিৰ, শুভা দত্ত, গৌৰী কাকতি, পদ্মধৰ চলিহা আদি অভিনয় শিল্পীয়ে অভিনয় কৰিছিল “ৰূপহী”ত।

একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, গায়ক, অভিনেতা, ফিল্ম-নিমাৰ্তা পাৰ্বতীপ্ৰসাদৰ গদ্য ৰচনাতো আছিল নিপুণ হাত। এই বিষয়ত, অসম সাহিত্য সভাৰ ঊনত্ৰিংশ সন্মিলনৰ সঙ্গীত অধিৱেশনৰ সভাপতিৰূপে পাৰ্বতিপ্ৰসাদ বৰুৱাই দিয়া অভিভাষণটো উল্লেখযোগ্য। ইয়াৰ উপৰি জ্যোতি স্মৃতি চাৰণ সভাত কোৱা “ৰূপকোঁৱৰৰ কথা”, “শিল্প সম্পৰ্কে একেষাৰ” আদিত বৰুৱা যে এজন সু-বক্তা আৰু সফল গদ্যলেখকো আছিল সেই কথা প্ৰতীত হয়। এই প্ৰতিভাধৰ জনে শেষ বয়সতো অসুখৰ সমুখত হাৰ নামানি অসুখীয়া দেহাৰেই ভূপেন হাজৰিকাৰ সৈতে চীনা আক্ৰমণৰ সময়ত ট্ৰাকত উঠি গুৱাহাটীৰ বাটে-পথে দেশপ্ৰেমমূলক গীত গাই সাধাৰণ জনতাক জগাই তুলিছিল।

অসুখৰ সমুখত আত্মসমৰ্পণ কৰি এই বহুমুখী প্ৰতিভাধৰ জনৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে অকাল বিয়োগ ঘটে। মৃত্যুৰ পাছত প্ৰকাশ হয় তেখেতৰ ৰচিত “খেল ভঙাৰ খেল” পুথিখন। বিহুগীত, বনগীত, আইনাম, বিয়ানাম, টোকাৰীগীত, বিহুগীতৰ সুৰ দি অসমীয়া সংগীতলৈ তেওঁ যি ধাৰা বোৱালে, সেয়া অনাদি কাললৈ অনন্ত ফল্গুধাৰা হৈ বিয়পি থাকিব। স্বকীয় শৈলী অবিহনে এজন শিল্পীৰ শিল্পকীৰ্তি বৰ্তি থকা অসম্ভৱ। জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ দৰে সমসাময়িক বৰেণ্য শিল্পীৰ মাজতো পাৰ্বতীপ্ৰসাদ এটুকুৰা হীৰাৰ দৰে উজলি উঠিছিল কেৱল তেখেতৰ গীতৰ স্বকীয়তাৰ বাবে। শিল্পীৰ স্বকীয় শৈলীৰ বিষয়ে পাৰ্বতিপ্ৰসাদে তেখেতৰ “শিল্প-সম্পৰ্কে একেষাৰ”ত উল্লেখ তলৰ কথাকেইষাৰ আজিৰ দিনতো প্ৰাসঙ্গিক……

“শিল্পীৰ দেশ নাই, কাল নাই, জাত নাই, ধৰ্ম নাই সঁচা, আৰু শিল্পৰ বৰপথাৰখন দেশ-কাল অতিক্ৰম কৰি ব্যাপক যদিও নিজৰ সুকীয়া প্ৰকাশ-ধৰ্ম এটা সকলো দেশৰ শিল্পীৰেই আছে। আজিকালি পাশ্চাত্য শিল্পীসকল নানা ৰকম ন ন ‘ইজম’ৰ ৰকেটত উঠি প্ৰচণ্ড প্ৰগতিৰ গতিবেগত আগবাঢ়ি যোৱা দেখি চকুত চমক লাগিছে। আৰু তাকে দেখি আমাৰ দেশতো কোনো কোনোৰ দুঃস্বপ্নৰ প্ৰভাৱে উক দি মোহিত হৈ অনুকৰণত গংগাটোপ হ’বৰ মন যাব পাৰে। যি দেশৰে নহওক গোটেই পৃথিৱীৰ সেই ‘ইজম’বোৰ গভীৰভাৱে অনুশীলন কৰি আৰু তাৰ মৰ্ম বুজি মন চহকী কৰি নিজৰ দেশৰ মৌলিক প্ৰকাশ-ভংগী আৰু আদৰ্শ ৰক্ষা কৰা স্বাধীন সৃষ্টিবোৰ দেখিবলৈহে বেছি ভাল লাগে। অৱশ্যে এই প্ৰকাশ-ভংগী বা ‘টেকনিক’ উৎকৃষ্ট হ’লে পৃথিৱীৰ যি কোনো দেশৰে হ’লেও আপত্তি কৰিবৰ কাৰণ হ’ব নোৱাৰে, যদিহে এই প্ৰকাশ ভংগীয়েদি ওলোৱা ‘আৰ্ট’ৰ ৰূপৰ আদৰ্শ নিজৰ মাটিত গজা হয়। ………ভাৰতীয় শিল্পৰ আদৰ্শৰ ঠিক থাকিলেই যি কোনো প্ৰকাশ-ভংগীতে প্ৰকাশ পালেও বিশ্ব-শিল্পৰ মাজত ভাৰত-শিল্পই নিজৰ সুকীয়া আসন প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ’ব।”
(শিল্প-সম্পৰ্কে একেষাৰ, পাৰ্বতিপ্ৰসাদ বৰুৱা)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2016, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: