মই ৰাজপথ – ভাস্কৰ জিৎ নাথ

নিথৰ স্পন্দনহীন শৰীৰে সৃষ্টিক সাবটি আজীৱন চিৰ কম্পনহীন মই ৰাজপথ,
পূব-পশ্চিম-উত্তৰ-দক্ষিণ সবাকে সামৰি ৰচোঁ একতাৰ জৰী, জীৱন নদীৰ সু-পথ।

মোৰ বুকুতে বহে ভাগৰুৱা জীৱনৰ এটি দুটি আঁউসী নিশা,
কোলাতে শোৱে গৃহহীন নৰ-নাৰীৰ উচ্চ আকাংক্ষা।

যেতিয়া সূর্যৰ পৰিধি সামৰি নিশাৰ নিয়ন লাইটবোৰ জ্বলি উঠে,
তেতিয়া নীলা শিয়ালৰ আঘাতত ধর্ষিত হয় মোৰ দেহা।

মাজনিশা আজিও শুনো কোনোবা গাভৰুৰ অসহায় আর্তনাদ…..
শুনো পুৱতি নিশালৈকে জাগ্রত মাতৃৰ পুত্র বিচ্ছেদৰ হিয়াভগা কান্দোন।
.
সৌ সিদিনালৈকে বাজি আছিল..
মোৰ বুকুতে কোনোবা কানাইৰ মোহন বাঁহী,
বাজি আছিল গৰখীয়াৰ মুখত হেঁপাহৰ,
আদৰৰ বিহুটি।

মই অসহায় হওঁ…..
যেতিয়া মোৰ কোলাতে বিস্ফোৰিত হয় তেজৰঙী জনতাৰ সপোনবোৰ,
ঠিতাতে বাগৰি পৰে নিষ্পাপ নির্দোষ মৃতদেহৰ অংশবোৰ।

কিদৰে বুজাওঁ…..
কণমানি শিশুটিক,
পিতৃৰ শিৰ কোলাত লৈ অশ্রু মচা পত্নীক।
কিদৰে সান্তনা দিওঁ বৃদ্ধা মাতৃক,
মৃত ভাতৃক সাবটি উচুপি থকা ভগ্নীজনীক।
মই আজি মৌন….,
ৰঙা ৰং বোৰ গাত সানি জীৱন্তে হৈ পৰিছো মৃত।
মই নাজানো মোৰ কেতিয়া জন্ম,
বা কেতিয়া হ’ব মোৰ এই যাত্ৰাৰ অন্ত….।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 10, 2015, in কবিতা. Bookmark the permalink. এটা মন্তব্য.

  1. लक्ष्मीनारायण

    Pohri Bhaal Paalo

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: