ডোহাৰ বানপানী, জলবায়ু, জাহানাৰা ইত্যাদি – মল্লিকা কলিতা: অল-খোৰ, কাটাৰ

২৫ নবেম্বৰ, বুধবাৰে চুপ্ৰীম এডুকেচন কাউঞ্চিলে সকলো স্কুল বন্ধ ঘোষণা কৰিলে, আগনিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ডোহা নগৰী পানীৰ কবলত পৰে। ৰাষ্টা-পদূলি বানপানীয়ে ডুবাই পেলাইছিল, আনকি হামাড আন্তৰ্জাতিক বিমানবন্দৰো। বহুকেইখন প্ৰতিস্থিত ম’ল আৰু হোটেলত পানীৰ সোঁত বৈছিল ভিতৰলৈ। কোনো জনে বিমানবন্দৰৰ ভিতৰত পানী সোমোৱা ভিডিঅ’ আপলোড কৰি ‘মাল্টি বিলিয়ন ডলাৰৰ বিমানবন্দৰ’- বুলি টুইটাৰত টুইত কৰিছে। চছিয়েল মিডিয়াৰ চাইটসমূহৰ ফটো আৰু ভিডিঅ’ত দেখা গৈছিল পানী ঘৰৰ ছালেৰে বৈ থকা। পঞ্চ তাৰকাযুক্ত শ্বেৰাটন হোটেল আৰু এজডান ম’লৰ দেৱাল খহি পানী নিগৰিছিল। পানীৰ ৰূপ দেখি আমাৰ অসম, আৰু এজাক বৰষুণত ডুব যোৱা গুৱাহাটীৰ বানপানী সদৃশ দৃশ্য যেন ভাৱ হৈছিল। সেইদিনা বৰষুণৰ পৰিমাণ ৮০.৮ মিলি মিটাৰ আছিল বুলি বাতৰিত প্ৰকাশ। উল্লেখযোগ্য যে কাটাৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ(৭৪মি মি)তকৈ এদিনৰ বৰষুণতে সেই সীমা অতিক্ৰম কৰিছিল। গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা সচেতন ব্যক্তি মাত্ৰেই জ্ঞাত। য’ত গোটেই বছৰ বৰফেৰে আবৃত হৈ থাকে, তাত এতিয়া তাপমান গৰম হৈছে। হিমবাহ গলিব লাগিছে। য’ত আছিল বালিময় পাহাৰ তাত এতিয়া প্ৰলয়ংকাৰী বানপানী।

চুবুৰীয়া দেশ চৌডি আৰবৰ ঘাই পথসমূহ ছয় ফুটতকৈ অধিক ওপৰেৰে পানী ভৰি পৰা আৰু পথৰ ওপৰত ৰৈ থকা গাড়ী, মানুহক পানীয়ে উটুৱাই লৈ যোৱা হৃদয় বিদাৰক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল টিভিৰ পৰ্দাত। ৫০ডিগ্ৰীৰ ওপৰত যাৰ তাপমাত্ৰা গতি কৰে তাত এতিয়া বিধ্বংসী প্ৰকৃতিৰ তাণ্ডৱলীলা। অলপতে চেন্নাইকে ধৰি তামিলনাডুৰ বহু স্থানত অতিপাত বৃষ্টিপাতে ধ্বংসযজ্ঞ চলোৱা খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়েও আকাশবাণীত ‘মন কী বাত’ৰ জৰিয়তে বৰ্ধিত জলবায়ু পৰিৱৰ্তনকলৈ চিন্তা প্ৰকাশ কৰে। তেখেতে কয় গোলকীয় উষ্ণতাৰ ফলতে তামিলনাডুৰ সংহাৰকাৰীৰূপ আমি প্ৰত্যক্ষ কৰো। পেৰিছত ৩০ নবেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ হ’বলগীয়া ২১তম জলবায়ু পৰিৱৰ্তনৰ শীৰ্ষ বৈঠকত ভাগ লোৱাৰ পূৰ্বে পৃথিৱীৰ উষ্ণতা বৃদ্ধি নকৰাৰ ক্ষেত্ৰত সকলোৰে দায়বদ্ধতাৰ কথা তেখেতে উল্লেখ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা, চীনৰ ৰাষ্ট্ৰপ্ৰধান শী চিন পিঙ, আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন মিলিত হ’বলগীয়া উক্ত সন্মিলনত পোনপ্ৰথমবাৰৰ বাবে জলবায়ুৰ ওপৰত এখন বাধ্যতামূলক আৰু সাৰ্বভৌম আইন প্ৰণয়ন কৰা। ইয়াৰ লক্ষ্য গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াচৰ তলত ৰখা। ইতিমধ্যে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী জন কেৰীয়ে কাৰ্বন নিৰ্গমন কম কৰাৰ মানসেৰে চীনক প্ৰশংসা আৰু ভাৰতক সমালোচনা কৰি তাপমান বঢ়াই পেলাইছে। প্ৰধানমন্ত্ৰী মোডীৰ সপোন হ’ল গোটেই দেশক সৌৰ শক্তিৰ পোহৰেৰে আলোকিত কৰা। তেখেতৰ সপোনক বাস্তৱ ৰূপত প্ৰতিফলিত কৰাত ব্যস্ত কানপুৰৰ এখন সৰু গাঁৱৰ নুৰজাহান নামৰ মহিলাগৰাকীয়ে সৌৰ শক্তিৰ প্ৰয়োগৰ দ্বাৰা দুখীয়ালোকক পোহৰ বিলাইছে। মোডীয়ে গোলকীয় উষ্ণতা ৰোধ কৰিবৰ বাবে শক্তি সংৰক্ষণ তথা সৌৰ শক্তি ব্যৱহাৰ কৰাত গুৰুত্ব দিবলৈ কয় ‘মন কী বাত’ত। তিনি বছৰ আগতেই নুৰজাহানে এটি মহিলাৰ সমিতি তৈয়াৰ কৰে আৰু তেওঁৰ আশাশুধীয়া প্ৰচেষ্টাত আজি তেওঁৰ গাওঁখন ৰাতিও পোহৰ হৈ থাকে। বিজুলীৰ সমস্যা দূৰ কৰিবলৈ এটা ফেক্টৰী আৰম্ভ কৰি সৌৰশক্তিচালিত লণ্ঠন উত্পাদন কৰে আৰু মাহে এশ টকাকৈ ভাৰালৈ দিয়ে। পাঁচশ ঘৰ লোকৰ ঘৰত পোহৰ বিলোৱা তেওঁ প্ৰকৃততে এগছি বন্তি।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 10, 2015, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: