আবেলিৰ বেলি: অবি দাস

সন্ধিয়াৰ মায়াময় লগন। ঘৰমুৱা পক্ষীবোৰ কোন কাহানিবাই ঘৰ পালেহি। কিন্তু চহৰখন আছিল তাৰ ব্যতিক্ৰম। বিজুলী চাকিৰ পোহৰত চহৰখন ভৰযৌৱনা গাভৰুৰ দৰে দগমগ কৈ জিলিকি উঠিছে। মানুহবোৰে দিনৰ ব্যস্ততাক একাশৰীয়া কৰি ঘৰ এৰিছে। তাৰে কিছুমান আহিছে মনৰ তাগিদাত, কোনোজন আহিছে প্ৰয়োজনৰ তাগিদাত।

এই সকলোবোৰৰ পৰা নিলগত মই। মই আহিছো সত্তৰ বছৰীয়া মোৰ দেউতাৰ সৈতে, দেউতাৰ বহুদিনীয়া আশা পূৰণৰ মনোকামনাৰে। দেউতাই প্ৰায়েই কয়- “সোণ, চকত নতুনকৈ অপেন কৰা ৰেষ্টুৰেণ্টখনলৈ এদিন যাম ওলাবিচোন! চাও চাও আৰু ম’ম খাম” বহুদিনৰ পৰা যাম যাম বুলিও যাব পৰা নাছিলো। কেতিয়াবা দেউতাৰ গা ভালে নাথাকে, কেতিয়াবা মই সময় মিলাব নোৱাৰো। আজি অফিচত বিশেষ কাম নথকাত সোনকালে আহিলো। দেউতাৰ গাটোও ভালে আছে। গতিকে দেউতাক লৈ ওলায় আহিছো। ভিতৰি ভিতৰি মনটো ভৰি পৰিছে চাগৈ দেউতাৰো!
আহিছো মানে…পালোহিয়েই। দেউতাক ধৰি ধৰি সাৱধানে ৰেষ্টুৰেণ্টত সোমাইছো। ভিতৰত আটোমটোকাৰিকৈ সজোৱা শাৰী শাৰী চকী, টেবুল। ক্ষীণ পোহৰত ডুবি থকা এটা মুকলি মায়াময় পৰিবেশ। মানুহৰ যথেষ্ট সমাগম হৈছে। বিভিন্ন বয়সৰ। তাত উপস্থিত থকা কিছুমানে আমাৰফালে, মানে দেউতাৰফালে কৌতুহলী চাৱনিৰে চালে। দেউতাৰ কঁপা কঁপা খোজ, অস্পষ্ট মাত-কথাই তেওঁলোকক ভবাই তুলিছিল চাগৈ! সেইবোৰৰ প্ৰতি মই ভ্ৰক্ষেপ কৰা নাছিলো। দেউতাৰ সন্তুষ্টি আছিল মোৰ লক্ষ্য।
একাশৰীয়াকৈ দেউতাক বহুৱাই দিলো। ময়ো দেউতাৰ কাষতে বহিলো। দেউতাৰ চকুলৈ চালোঁ…বিমল সন্তুষ্টিত মানুহটো জিলিকি উঠিছিল যদিও বিজুলী পোহৰ আছিল তেনেই কম।
দেউতাৰ ইচ্ছা অনুসৰিয়ে অৰ্দাৰ দিলো। কিছু সময়ৰ বিৰতিত ভাগে ভাগে ৱেটাৰে টেবুলত সজাই দিলেহি “চাও চাও” আৰু “ম’ম’”। লাহে লাহে দেউতাই খাবলৈ আৰম্ভ কৰিলে। মই দেউতাক সহায় কৰি দিলো। দেউতাই নিজে পাৰিম বুলি কৈ মোক মানা কৰি দিলে। দেউতাৰ স্বাভিমানত আঘাত নকৰো বুলিয়েই মই দেউতাই খোৱা দৃশ্য দূৰৈৰ পৰাই চোৱাত লাগিলো। কিমান মনোযোগ আৰু তৃপ্তিৰে খাইছে মানুহটোৱে! নিজে খাবলৈ পাহৰিলো।
বৰ কষ্টৰে আধা খালে, আধা পৰিল। খোৱা হৈ যোৱাৰ পিছত পানীৰে ভালকৈ দেউতাৰ মুখখন ধুৱাই দিলো। চোলাত পৰাবোৰো আঁতৰাই পৰিষ্কাৰ কৰি দিলো। ধৰি ধৰি ৱাছ ৰোমলৈ দেউতাক নিলো, কিছু পৰিমানে দেউতাও চেষ্টা কৰি নিজে পৰিষ্কাৰ হ’ল।
দেউতাক চকীত বহুৱাই বিল পৰিশোধ কৰিলো। দেউতাক চকীৰ পৰা তুলি, আকৌ সাৱধানে দেউতাৰ হাতত ধৰিলো। জয়লাভৰ সন্তুষ্টি বুকুত বান্ধি ৰেষ্টুৰেণ্টৰ পৰা ওলাম আৰু—পিছ ফালৰ পৰা কাৰোবাৰ মাত শুনি ঘূৰি চালো। হয়তো মোকেই মাতিছে। মই ৰৈ দিলো।
মানুহজন কাষ চাপি আহিল। বয়সত দেউতাৰ সমসাময়িক যেনেই লাগিল।আগেয়ে ক’তো লগ পোৱা মনত নপৰিল। মোৰ কান্ধত হাতখন থৈ মানুহজনে ক’লে-
“বোপাই তুমি ইয়াত ডাঙৰ বস্তু এপদ এৰি থৈ গ’লা”
মানুহজনৰ কথাত মই আচৰিত হ’লো। আমি বহা স্থানলৈ ঘূৰি চালো।নাই ..আমিতো একো এৰি অহা নাই!
“খুড়াদেউ…আমি একো এৰা নাই। আমাৰ সকলো বস্তু আমি লৈ আহিছো”-বিনম্ৰতাৰে ক’লো।
মোৰ কথা শুনি মানুহজন আচৰিত হ’ল। তেওঁ পুনৰ ক’লে-
“তুমি নজনাকৈয়ে তুমি ইয়াত বৰ ডাঙৰ বস্তু এপদ এৰিছা বোপাই।
তুমি কি এৰিছা তুমি নিজেই নাজানা!”
“কি”-মোৰ কৌতুহ’ল বাঢ়িব ধৰিলে।

“আমাৰ দৰে অসংখ্য অভিভাৱকৰ বাবে পৰম আশা আৰু তোমাৰ দৰে অসংখ্য সন্তানৰ বাবে শিক্ষা”-মানুহজনে কৈ গ’ল।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 10, 2015, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: