মানুহ হোৱাৰ সংজ্ঞা বিচাৰি – মণ্টু কুমাৰ ডেকা

কপালত হাত ফুৰাই ফুৰাই অতি মৰমেৰে মায়ে প্রায়ে কৈছিল, “ভালদৰে পঢ়াশুনা কৰা, মানুহ হ’ব লাগিব”। এৰা, মানুহতো মই তেতিয়াও আছিলো, তাতে আকৌ কিহৰ মানুহ হোৱাৰ কথা কৈছিল। মাক সোধাত কৈছিল “পঢ়াশুনা কৰি বহুত ডাঙৰ মানুহ হ’ব লাগিব”। সৰুৰপৰা ডাঙৰ হৈ পঢ়াশুনা সমাপ্ত কৰি কর্মৰত হ’লো। এতিয়া মায়ে কোৱা কথাষাৰে বাৰেবাৰে মনত ভুমুকি মাৰে মই বাৰু মানুহ হ’লোনে? কেতিয়াবা মাক সুধিবৰ মন যায় যে মায়ে বিচৰা সেই মানুহজন মই হ’লোনে? কিন্তু নুসুধো! সুধিবৰ সাহ সনহয়! কথাবোৰ নিজৰ মাজতেই ৰাখো ……….!
শিক্ষকজনে সন্তানকেইজনক মানুহ কৰিব নোৱাৰিলে। এজনে প্রাথমিক বিদ্যালয় এখনত কাম কৰে বাকী দুজনে ভাৰতীয় সৈনিকত ভর্তি হ’ল। এটা সুখী পৰিয়াল ! এই মানুহ হোৱাৰ সংজ্ঞাটো শিক্ষকজনে হয়তো পুতেক কেইজনক তেনেকৈয়ে শিকাইছিল ! এজনক শিক্ষাদান কৰাৰ কাৰণে আন দুজনক দেশৰ কাৰণে যুঁজিবলে, তথাপিও যেন মানুহ নহ’ল। মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি আৰু কিছু আগবাঢ়ি গ’লো ……….।

ল’ৰাজনে অষ্টম শ্রেণীলৈকে পঢ়িছিল। ঘৰৰপৰা পলাই গৈ মুম্বাই পালেগৈ। আজিকালি হেনো ভাল দৰমহা পায়। মাজেমাজে দুই তিনিমাহৰ কাৰণে ডুবাইলৈকে যায়। বিয়া পাতিলে, ঘৈণীয়েকজনীও হেনো বাহিৰৰে, মাজে মাজে গা়ৱলৈ আহে ককাইয়েক কেইজনৰ লগত মাকজনীও আগৰ সেই জুপুৰী ঘৰটোতে থাকে। গাঁওখনো আগৰদৰেই আছে মানুহবোৰো কোনো সলনি হোৱা নাই, আগৰদৰেই দিনহাজিৰা পেটৰক্ষা। সি আহিলে গাঁৱৰ মানুহবোৰে কোৱাকুই কৰে গাঁৱৰ ল’ৰা বাহিৰত গৈ মানুহ হ’ল। যোৱা মাহত মুম্বাইত হেনো ঘৰো কিনিছে। গাঁৱত আৰু ক’ত থাকিব? নিজৰ ভাগৰ মাটিখিনি বেচি গুচি যাব। কথাবোৰ শুনি কিছু বিমোৰত পৰিলোঁ। আগবাঢ়ি গৈ থাকিলোঁ……… ।
কিছু দিনৰ আগতে এজন দিল্লীৰ আৰক্ষীৰ লগত চিনাকী হৈছিল। অলপ ল’ৰামতীয়া আছিল কাৰণে মোৰ লগত অতি সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁ সাধাৰণতে সুৰাপান নকৰে যদিও সেইদিনা কৰিছিল। কাৰণটো সোধাত কৈছিল তেওঁৰ ছোৱালীজনীয়ে হেনো কেইবাদিন ধৰি কিবা বিশেষ মানসিক বিকৃতিত ভুগি আছিল। তেওঁ অবিবাহিত ডেকা ল’ৰা, কেইবাবছৰৰ আগতে ৰাস্তাৰ দাতিত পাইছিল সেই ছোৱালীজনীক। অবৈধভা়ৱে প্রসৱ কৰাৰ পাছত তাইক পেলাই থৈ গৈছিল আজিৰ সমাজৰ কোনোবা মানুহে। পঢাইশুনাই কিছু ডাঙৰ কৰিলে। এতিয়া তাই অষ্টমশ্রেণীত পঢ়ে। তাইক হেনো তেওঁ মানুহ কৰি তুলিব। মায়ে কোৱা কথাষাৰে আমনি কৰিব ধৰিলে। কথাবোৰ ভাবো কিন্তু একো বুজি নাপাওঁ মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি বাৰেবাৰে হাবাথুৰি খাওঁ……….. ।
মাজেমাজে ঘৰলৈ(গাঁৱলৈ) যাওঁ। প্রায়বোৰ মানুহেই খা-খবৰ লোৱাৰ পাছত এটাই প্রশ্ন কৰে ‘ক’ত কাম কৰা, চৰকাৰী নে বেচৰকাৰী, দৰমহা কিমান? বাহিৰা পইছা আছেনে?” মানুহ হোৱাৰ এই সংজ্ঞাটোক টকাপইচা, সা-সম্পত্তি, বেইমানী পইচাবোৰৰ লগত কেলেই তুলনা কৰে বাৰু? কিছুদিনৰ আগতে এজন শিক্ষকৰ এটা উক্তিয়ে মোৰ মানুহ হোৱাৰ ব্যখ্যাটো অলপ মুকলি কৰি দিছিল। সৰুৰপৰাই জ্ঞানৰ পোহৰ পাই থকা শিক্ষকজনৰপৰা শুনিবলৈ পালো মানুহ হোৱাৰ সেই সংজ্ঞাটো। অতি আবেগিতভাৱে কৈ উঠিল যে তেখেতৰ পুতেকে কৰা সেই চাকৰিটোত হেনো বাহিৰা পইচা নাই বাকীবোৰ সকলো ঠিকেই আছে। তেখেতে বিচাৰিছিল পুতেকে বাহিৰা টকা পোৱাটো আৰু আর্থিকভাৱে টনকীয়াল হৈ সমাজৰ দৃষ্টিত মানুহ হোৱাটো …….।

পঢ়াশুনা কৰি ডক্তৰ, ইঞ্জিনীয়াৰ , প্রফেছ’ৰ বা আই এ অছ বিষয়া হৈ কিছুমান বেইমানী টকা গোটাই সমাজৰ আগত আর্থিকভাৱে টনকীয়াল হৈ দেখুৱাটোৱেই জানো মানুহ হোৱাৰ সংজ্ঞা। মানুহ হোৱাৰ সংজ্ঞাটোক মানুহবোৰে টকাপইচা, খ্যাতিম সুনাম ইত্যাদিৰ লগত তুলনা কৰি পোৱা নোপোৱাৰ হিচাপনিকাচবোৰক কৰি নোপোৱাৰ বেদনাখিনি আকোৱালি লৈ জীবনৰ মধুৰ আনন্দখিনি বিসর্জন দিয়ে। মানুহ হ’বলৈ গৈ হৈ পৰে পইচা সজাৰ এটা যন্ত্র। অতি যত্নৰে পঢ়াশুনা কৰি হৈ পৰে সমাজৰ একো একোটা উচ্চশিক্ষিত পইচা সজা যন্ত্র। আনৰ সফলতাক সহজভাবে ল’ব নোৱাৰে, নিজৰ পোৱাৰ আনন্দখিনি হেৰাই নোপোৱাৰ বেদনাখিনিক লৈ জীয়াই থাকে সুৰা বা মদিৰাৰ সংগীহৈ ……. ।

মোৰ মাই বিচৰা সেই “ডাঙৰ মানুহজন” বাৰু কেনেকুৱা আছিল সেই কথাটো আৰু সুধা ন’হ’ল আৰু এতিয়া প্রয়োজন বোধো নকৰো। এৰা, মানুহ মই হ’ব নোৱাৰিলোঁ আৰু মানুহ হোৱাৰ সেই সপোনটোও এৰিলো। ভাবিলোঁ মানুহ হৈ জন্ম পোৱাটোৱেই মানুহ হোৱাৰ এটা ডাঙৰ সংজ্ঞা। ঈশ্বৰে এখন সুন্দৰ পৃথিবীত এটা সুন্দৰ মানৱজীবন দিছে সুন্দৰভাবে জীয়াই থাকিবলে। দুদিনমানৰ পাছত হয়তো এদিন যাব লাগিব এখন অচিন দেশলৈ এই মানুহ হোৱাৰ সংজ্ঞাটো এৰি থৈ। দুদিনীয়া জী়বনটো যেন অসাৰ হৈ পৰিব যেন কোনোবাই বতাহক ধৰিবলেহে চেষ্টাক ৰিছে । মই বহুত ধনসম্পত্তিৰ মালিক এই কথাটো চকুৰে দেখা আৰু মুখেৰে কোৱাৰ বাহিৰে একোৱেই নাথাকিব । সুন্দৰ শৰীৰটো প্রকাণ্ড অগ্নিকুণ্ডত জ্বলি উঠিব নিমিখতে শেষ হৈ যাব জীবন।

কথাবোৰ দেখিলো, ভাবিলো, বুজিলো। ঠিৰাং কৰিলো বুকুভৰাই এই সুন্দৰ জীবনটোৰ প্রতিটো দিনেই জীয়াই থাকিম এজন সাধাৰণ মানুহ হৈ…জীয়াই থাকিম মানুহৰ কাৰণে, দহৰ কাৰণে …… মানুহ হোৱাৰ এয়াই সংজ্ঞা পাই লিখনি সামৰিলোঁ ..।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 9, 2015, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: