ভূপেনদাৰ সমাধিস্থলৰ আঁত ধৰি – চামচুল হক

সিদিনা সকলোৰে মৰমৰ ভূপেনদাৰ অন্তিম যাত্ৰাৰ ক্ষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ এক মহামিলনৰ তীৰ্থত পৰিণত হৈছিল৷ তাৰ সাক্ষী হৈ ৰ’ল লক্ষ লক্ষ জনতা৷ জনতাৰ হৃদয় নিবিড়ভাৱে চুই যাব পৰা মহাশক্তিৰ মহানায়ক আছিল সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকা৷ সিদিনাখন ভূপেনদাৰ সমাধিস্থলত থিয় হৈ অনুভৱ কৰিছিলো – জীৱনৰ কিছুমান সময় কিদৰে নাটকীয় হৈ উঠিব পাৰে! এই সমাধিস্থলৰ ২২ বছৰ আগৰ কিছুমান ছবি এখন এখনকৈ আমাৰ চকুৰ আগত ভাহি উঠিবলৈ ধৰিছিল৷

জালুকবাৰীৰ এই পুণ্যভূমি প্ৰকৃততে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিশু উদ্যান হিচাপে পৰিচিত৷ ইয়াতে এই অঞ্চলৰ কিছু বিহুবলীয়া লোকে ১৯৮৯ চনত পোনপ্ৰথমবাৰৰ বাবে ‘গুৱাহাটী বিশ্ববিদ্যালয় বিহু সন্মিলন’ৰ আয়োজন কৰে৷ এই বিহু সন্মিলনৰ মুখ্য উপদেষ্টা আছিল ড৹ ভূপেন হাজৰিকা৷ সভাপতি ড৹ উপেন্দ্ৰনাথ দাস আৰু সাংস্কৃতিক বিভাগৰ আহ্বায়ক আছিল এই প্ৰবন্ধ লেখক৷ ঠিক সেইদৰে, তাৰ পাছৰ বছৰ ১৯৯০ চনতো ড৹ ভূপেন হাজৰিকা এই বিহু সন্মিলনৰ মুখ্য উপদেষ্টা আছিল৷ আগৰ বছৰৰ বিহুতলীৰ স্মৃতিৰে আমি সেইবাৰৰ ‘বিহুৱা’ নামৰ স্মৰণিকাখনৰ পাতত যিখিনি লিখিছিলো তাৰ কিয়দাংশ এনে ধৰণৰ আছিল –
“ড৹ ভূপেন হাজৰিকা৷ অসমৰ সংগীত জগতৰ অনন্য এটি নাম৷ অসমত জন্ম লাভ কৰি, ইয়াৰ বায়ু – পানী সেৱন কৰি আন্ত:ৰাষ্টীয় সন্মানেৰে বিভূষিত হোৱা এইজনা মহান পুৰুষক আমি সৌ সিদিনা ২০ এপ্ৰিল, ১৯৮৯ত বিশ্ববিদ্যালয় তথা জালুকবাৰীৰ ৰাইজে আদৰি আনিছিলো আমাৰ বিহুতলীলৈ৷ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ ভূপেনদাই আগ্ৰহেৰে বাট চাই থকা অগণন ৰাইজৰ উপস্থিতিত আৰম্ভ কৰিছিল –
‘জীৱন সিন্ধু বহু বিন্দুৰে হয়
যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ …৷’
ৰাইজৰ অনুৰোধত তেওঁ এটা এটাকৈ গীত গাই গৈছিল৷ লগতে আৰু আহিছিল সহশিল্পী অঞ্জু দেৱী বৰুৱা৷ তেৱোঁ আমাক গাই শুনাইছিল –
‘অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী… ৷’
ভূপেনদাৰ লগত তবলা সংগত কৰা প্ৰখ্যাত তবলাবাদক চঞ্চল খানৰ হাতৰ মুদ্ৰা দেখি আমি হতবাক হৈ চাইছিলো৷
তদুপৰি ভূপেনদাই গোৱা ‘আই সৰস্বতী অ’ ৰংফুল বকুলী, তোমালৈ মানি যাওঁ কি? … ‘গীতটিত স্থানীয় শৰাইঘাট নগৰৰ জীনা নামৰ এজনী বিহুৱতীয়ে মঞ্চত উঠি স্বত:স্ফূৰ্তভাৱে ঘূৰি ঘূৰি নাচিছিল৷ সুধাকন্ঠৰ নিজৰ ভাষাত এই স্থানতে ঘোষণা কৰিছিল – ‘এই বিহুতলীৰ স্থানৰো গুৰুত্ব আছে, কালৰো গুৰুত্ব আছে ‘৷ গতিকে এই গুৰুত্বপূৰ্ণ ঠাইডোখৰ ভূপেনদাৰ সমাধিক্ষেত্ৰ হিচাপে লোৱাত আমি আহ্লাদিত হৈছোঁ৷ এনে বহু সৰু-বৰ স্মৃতি আমি মনত কঢ়িয়াই লৈ ফুৰিছোঁ৷ ভূপেনদা এই স্থানত অহা ফটোকেইখনো ‘বিহুৱা ‘ নামৰ স্মৰণিকাখনত প্ৰকাশ পাইছিল আৰু এই লেখকৰ লগত বৰ্তমানেও আছে৷ দুখৰ বিষয় কিছু বৈদ্যুতিন মাধ্যমে ভূপেনদা এই স্থানত অহা চন- তাৰিখ ভুলকৈ বাৰম্বাৰ প্ৰকাশ কৰি আহিছে৷ সেই উদ্দেশ্যেই এই লেখা আগবঢ়োৱা হ’ল৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 10, 2015, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: