অনুভৱ: পৰিশোধ – মল্লিকা কলিতা

বৃদ্ধাশ্ৰম তথা অনাথালয়খনৰ পৰা দেউতাক এৰি মই ঘৰলৈ খোজ পোনাইছিলোঁ। তেনেতে ম’বাইলত পত্নীৰ মাত: ‘দেউতাই যাতে উত্সৱ-পাৰ্বণতো তাতে থাকে আৰু ঘৰলৈ আহিবলৈ ধৰফৰ নকৰে, তুমি বিভাগীয় স্বত্বাধিকাৰীক লগ কৰি নিশ্চিত হৈহে ঘূৰিবা’… ময়ো প্ৰিয়তমা পত্নীৰ কথামতে পুনৰ চৌহদটোলৈ সোমাই গ’লো। এইবাৰ মই হতবাক হোৱাৰ পাল। দেউতাই দেখোন বৃদ্ধাশ্ৰম তথা অনাথালয় খনৰ মুখ্য স্বত্বাধিকাৰীগৰাকীৰ সৈতে এনেকৈ সৌহাৰ্দপূৰ্ণৰূপত কথা পাতি আছিল যেন ইজনে সিজনক বহু আগৰ পৰাই জানে! বহু পুৰণি আৰু প্ৰগাঢ় সম্বন্ধ যেন!! অলপ দেৰি পিছত দেউতাই নিজৰ ৰুমৰ সা-সুবিধা, আয়োজন আদি কেনেকুৱা চাবলৈ গুচি গ’ল। মই ইমান পৰে দমন কৰি ৰখা নিজৰ উদ্বিগ্নতা নিবাৰণৰ অৰ্থে তেখেতৰ কাষ চাপিলোঁ—“আপুনি মোৰ দেউতাক কেতিয়াৰপৰা চিনি পায়?’’ হাঁহি মুখে স্বত্বাধিকাৰীজনে অতি বিনয়েৰে উত্তৰ দিলে—‘যেতিয়া ত্ৰিছ বছৰ আগতে তেখেতে আমাৰ পৰা এটি অনাথ শিশুক তুলি লোৱাৰ সিদ্ধান্ত লৈছিল’… (অনুবাদ)

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 10, 2015, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: