সম্পাদকীয় শান্তি দিৱসৰ তাৎপৰ্য – – আজুজুল হক

শান্তি সকলোৰে কাম্য। কিন্তু ই যেন সমাজৰপৰা বহু দূৰত। কেউফালে কেৱল
যুদ্ধৰ বিভীষিকা, সন্ত্ৰাস, হত্যা, হিংসা আৰু লুণ্ঠন। ১৯৪৫ চনত ভয়ংকৰ
দ্বিতীয় মহাসমৰৰ পিচতে সংগঠিত ৰাষ্ট্ৰসংঘ বিশ্বসম্প্ৰদায়ৰ শান্তি আৰু
আন্তৰ্জাতিক সুসম্পৰ্ক গঢ়ি তোলাৰ মহৎ উদ্দেশ্যেৰে এই সংঘ প্ৰতিষ্ঠিত
হৈছিল। ১৯৮১ চনত ৰাষ্ট্ৰসংঘই ছেপ্টেম্বৰ মাহৰ তৃতীয় দেওবাৰে আন্তৰ্জাতিক
শান্তি দিৱস পালন কৰাৰ সিদ্ধান্ত লয়। ২০০১ চনৰ পৰা প্ৰতিবছৰে ২১
ছেপ্টেম্বৰত আন্তৰ্জাতিক শান্তি দিৱস বিশ্বব্যাপি যুদ্ধ বিৰতি আৰু অহিংসা
দিন হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে বিশ্বশান্তিৰ কামনাৰে এটি বিশেষ বাণী প্ৰদান
কৰি নিউৰ্য়কত থকা প্ৰধান কাৰ্যালয়ত শান্তিঘণ্টা বজাই এই দিৱসৰ শুভাৰম্ভ
কৰে। ঐক্য আৰু সংহতিৰ প্ৰতীকস্বৰূপে ৬০ খন দেশৰ ল’ৰা-ছোৱালীয়ে দান কৰা
মুদ্ৰা সংগ্ৰহ কৰি গঢ়োৱা এই ঘণ্টাটো জাপানে ৰাষ্ট্ৰসংঘক দান কৰিছিল। ই
যুদ্ধত মানৱৰ ক্ষয়-ক্ষতিৰ কথা সোঁৱৰায়। এই ঘণ্টাটোত ‘বিশ্বত পৰম শান্তি
দীৰ্ঘজীৱী হওক’ বুলি জাপানী ভাষাত খোদাই কৰোৱা আছে। লোকসকল ঠাই বিশেষে
একত্ৰিত হৈ বিভিন্ন কাৰ্যসূচীৰে শান্তিৰ তাৎপৰ্য অনুধাৱন কৰি
ইয়াক প্ৰাপ্তিৰ বাবে উৎসৰ্গিত হোৱা উচিত। ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বতে এই
দিন পালন কৰিবলৈ আহ্বান জনায়।

শান্তিৰ সংজ্ঞা বহুতো। ই কেৱল পৃথিৱীত যুদ্ধবিহীন সমাজৰ অৱস্থায়ে নহয়।
শান্তি হৈছে বিদ্ৰোহ আৰু শত্ৰুতাৰ বিপৰীতে সমাজত পৰস্পৰৰ মাজত
মিলা-প্ৰীতি আৰু সদ্ভাৱৰ এটি অৱস্থা। ই এনে এখন অহিংস সমাজ বা য’ত হিংসাৰ
অৱসান হৈছে। শান্তি হৈছে সমাজত ইজন-সিজনৰ প্ৰতি সন্মান, ন্যায় ব্যৱহাৰ
আৰু সদ্ভাৱনাপূৰ্ণ সম্বন্ধ। সুস্বাস্থ্য আৰু উন্নতিও শান্তিৰ বিস্তৃত
পৰিধিৰ অন্তৰ্ভুক্ত। আধ্যাত্মিক অৰ্থত ঈশ্বৰ আৰু মানুহ তথা মানুহৰ
ইজন-সিজনৰ মাজত মধুৰ সম্পৰ্ক। ই হৈছে পৰিয়ালত মৰম-চেনেহ আৰু পৰস্পৰৰ
মিলাপ্ৰীতি থকা সমাজ। শান্তিৰ লগত উন্নতিৰ কথাও জড়িত আছে। সেয়েহে নিকা,
স্বচ্ছ আৰু দক্ষ চৰকাৰ তথা প্ৰশাসন, জনতাৰ ধৰ্মীয় স্বাধীনতা,
ধৰ্মনিপেক্ষতা, শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্য সেৱা, আৰ্থ-সামাজিক বিকাশ,
পুৰুষ-মহিলা আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে সমান অধিকাৰ,
মানৱাধিকাৰ ৰক্ষা, দুৰ্যোগ নিবাৰণৰ ব্যৱস্থা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু
আইন-শৃংখলা বজাই ৰখা হৈছে শান্তি ৰক্ষাৰ বিভিন্ন উপাদান।

আমাৰ দেশত ধৰ্মৰ ৰাজনীতিকৰণ আৰু ৰাজনীতি সাম্প্ৰদায়িকীকৰণে সাম্প্ৰদায়িক
সংঘাত সৃষ্টি কৰি আহিছে। ধৰ্মৰ নামত গা কৰি উঠা মৌলবাদী শক্তি আৰু আন আন
বিচ্ছিন্নতাকামী সন্ত্ৰাসবাদী গোটে সৃষ্টি কৰা সন্ত্ৰাস সমাজৰ শান্তি,
সম্প্ৰীতি আৰু প্ৰগতিত বাধা আৰু জনজীৱনৰ নিৰাপত্তাতো ঘাই ভাবুকিস্বৰূপে
পৰিগণিত হৈ আহিছে। অলপতে ইছলামিক ষ্টেট্‌ছ(IS)নামৰ দুৰ্ধৰ্ষ আন্তৰ্জাতিক
সন্ত্ৰাসবাদী গোট অসমৰ বাবেও সাংঘাতিক ত্ৰাসৰ বিষয় হৈ পৰিছে। তেনে
সন্ত্ৰাস প্ৰতিৰোধ কৰিবলৈ কেৱল চৰকাৰেই নহয়, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে
মাৰ বান্ধি থিয় হোৱা উচিত। সমাজত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ
হ’লে আন্তঃসাম্প্ৰদায়িক বুজাপৰা আৰু সদ্ভাৱ তথা ধৰ্মীয় সহিষ্ণুতা অতি
প্ৰয়োজন।

সকলো ধৰ্মৰে শান্তিৰ সমল আছে। সেয়েহে আমাৰ ধৰ্মনিৰপেক্ষতাই এনে এক
প্ৰত্যাহ্বান আনি দিছে যে সকলোৱে নিজ নিজ ধৰ্ম বৰ্তাই একেলগে বসবাস কৰাই
মাথোন নহয়, ধৰ্মৰ গঠনমূলক সমলসমূহ লৈ আন্তঃসাম্প্ৰদায়িক সহযোগিতাৰে দেশৰ
পুনৰ গঠনত প্ৰয়োগ কৰাৰ প্ৰচুৰ থল আছে। কিন্তু ধৰ্মৰ নামত সন্ত্ৰাস,
অন্ধবিশ্বাস, সংকীৰ্ণতা আৰু সংৰক্ষণশীলতা, ভাগ্য আৰু অদৃষ্টবাদত বিশ্বাস
আৰু আওপুৰণি ৰীতি-নীতি খামোচ মাৰি ধৰি থকাৰ দ্বাৰা সমাজ সংস্কাৰ আৰু
বৈজ্ঞানিক প্ৰগতিত প্ৰতিবন্ধক হৈ আহিছে। সেয়েহে বৈজ্ঞানিক দৃষ্টিভংগীৰে
আৰু ধৰ্মনিৰপেক্ষতাৰ পটভূমিত সকলো ধৰ্মৰে সংস্কাৰ হোৱা প্ৰয়োজন।
সাম্প্ৰতিক ভাৰতৰ বি জে পি নেতৃত্বাধীন চৰকাৰখন হিন্দুত্ববাদীৰ নামত
ধৰ্মনিৰপেক্ষাতাৰ আদৰ্শৰ প্ৰতি এটি ডাঙৰ ভাবুকিস্বৰূপ হৈ পৰিছে।

অসমৰ চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন আৰু বাৰে বাৰে সীমান্তত অসমৰ বহুতো লোকে
হাৰাশাস্তি ভোগী আহিছে। সেই ৰাজ্যবিলাকৰ লগত অসমৰ সীমা সুনিশ্চিত আৰু
সুৰক্ষিত হোৱাটো নিতান্ত প্ৰয়োজন। অবৈধ বেদেশী নাগৰিকৰ বিতাৰণত চৰকাৰে
গুৰুত্ব দিয়া উচিত। নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ আকাশলংঘী দাম নিয়ন্ত্ৰিত
হোৱা উচিত। বছেৰে বছেৰে ৰাইজক জলাকলা খোৱা বানপানী আৰু গৰাখহনীয়া আৰু
কৃত্ৰিম বানপানীৰ পৰাও সকাহ পাবলৈ চৰকাৰে যথোচিত ব্যৱস্থা লোৱা উচিত।

শান্তি স্থাপনত কেৱল চৰকাৰেই নহয় প্ৰত্যেক নাগৰিকৰে দায়িত্ব আছে।
ব্যক্তিৰ নিজস্ব দায়িত্ব পালন, আনৰ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু
সকলোৰে হিত বিচৰা- এই মূলনীতি অৱলম্বনত এখন সমাজৰ শান্তি নিৰ্ভৰ কৰে।
সন্ত্ৰাসবাদ, দৰিদ্ৰতা, নিৰক্ষৰতা, ব্যাধি, অন্যায়, দুৰ্নীতি, ভ্ৰষ্টাচাৰ
আৰু অনগ্ৰসৰতাৰ কাৰকসমূহৰ বিৰুদ্ধে যুঁজ দি সমাজৰ শান্তি, সম্প্ৰীতি আৰু
উন্নতিৰ বাবে কাম কৰিবলৈ সকলোৰে প্ৰতি সময়ৰ এয়ে আহ্বান।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on চেপ্তেম্বৰ 10, 2015, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: