মনতেই আছে আনন্দৰ উৎস ණ ড° মাখনলাল দাস

এজন ৯২ বছৰ বয়সীয়া, সুন্দৰ পোছাক পৰিহিত ভদ্ৰলোক আজি বৃদ্ধাশ্ৰমলৈ আহিছে৷
কেবাঘণ্টাও লবীত বহি অপেক্ষা কৰাৰ পাছত তেওঁ মিচিকিয়া হাঁহি এটা মাৰিলে
যেতিয়া তেওঁক কোৱা হ’ল তেওঁৰ কোঁঠাটো সাজু হোৱা বুলি৷ তেওঁৰ ৮০ বছৰীয়া
ভাৰ্যাৰ অলপতে মৃত্যু ঘটিছে আৰু তেওঁ ঘৰ এৰি ইয়ালৈ আহিবলগীয়া হৈছে৷
হাতৰ লাখুটিত ভৰ দি লাহে লাহে তেওঁ লিফ্টটোৰপিনে আগবাঢ়ি যাব ধৰিলে আৰু মই
তেওঁৰ সৰু কোঁঠাটো কেনেকুৱা হ’ব তাকে তেওঁৰ আগত বৰ্ণনা কৰিবলৈ ধৰিলো,
খিৰিকীত পৰ্দা হিচাবে ওলোমাই ৰখা কাপোৰখনকে ধৰি৷
“খুব ভাল লাগিছে মোৰ ৰুমটো”, কুকুৰ পোৱালি এটা পাই উৎফুল্লিত হোৱা
৮বছৰীয়া ল’ৰা এটাৰ নিচিনাকৈ তেওঁ উৎসাহেৰে ক’লে৷
“আপুনি আপোনাৰ ৰুমটো দেখাই নাই৷ অলপ পৰ ৰ’ব৷ আমি পালোহিয়েই৷”
“দেখা-নেদেখাৰ ওপৰত কথাটো নিৰ্ভৰ নকৰে”, তেওঁ উত্তৰ দিলে৷
“মই ইতিমধ্যেই মোৰ মনত সিদ্ধান্ত কৰিছো যে মই মোৰ ৰুমটো ভাল পাইছো৷ মই
প্ৰতিদিনে ৰাতিপুৱা শুই উঠি এনেদৰে সিদ্ধান্ত লওঁ৷”
“মই আনন্দ আগতীয়াকৈ বাছি লওঁ৷ মই ৰুমটো ভাল পাওঁ নে নাপাওঁ সেইটো
ফাৰ্ণিচাৰৰ ওপৰত নাইবা ৰুমটো কেনেদৰে সজোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ নকৰে
বৰং মই ৰুমটো কেনেভাবে চাবলৈ সিদ্ধান্ত লৈছো তাৰ ওপৰতহে নিৰ্ভৰ কৰিছে৷
মই বাছি ল’ব পাৰো৷ মই গোটেই দিনটো বিচনাত পৰি মোৰ শৰীৰৰ কোন কোন অংগই
ভালদৰে কাম নকৰা হৈছে তাকে চিন্তা কৰি মনটো বেয়া কৰি থাকিব পাৰো, অথবা মই
উঠি ঈশ্বৰক ধন্যবাদ দিব পাৰো মোৰ শৰীৰৰ যিবোৰ অংগই এতিয়াও ভালদৰে কাম কৰি
আছে সেইবোৰৰ বাবে৷
প্ৰতিটো দিনেই একোটা উপহাৰ, যদিহে মই মোৰ চকু মেলিব পৰা হৈ আছো, মই নতুন
দিনটোলৈ মোৰ মনোযোগ দিম আৰু লগতে মোৰ গোটেই জীৱনত মই গোটাই লোৱা ভাললগা
স্মৃতিবোৰ আকৌ মনলৈ আনিম৷
বৃদ্ধাৱস্থা এটা বেংক একাউণ্টৰ নিচিনা৷ আপুনি ইমান দিনে সঞ্চয় কৰি থোৱা
বস্তুবোৰ আপুনি উলিয়াবলৈ ধৰে৷
সেয়েহে, মোৰ উপদেশ এয়ে যে সেই স্মৃতিৰ একাউণ্টত যিমান পাৰে আনন্দ জমা কৰক৷
মোৰ সেই একাউণ্টত আনন্দ যোগ দিয়া বাবে ধন্যবাদ৷ একাউণ্টত মই এতিয়াও জমা থৈ আছো৷
আনন্দৰ বাবে এই সৰল নিৰ্দেশনা কেইটা মনত ৰাখিব:
১) আপোনাৰ অন্তৰখন ঘৃণাৰ পৰা মুক্ত কৰি ৰাখক৷
২) আপোনাৰ মনটো দুশ্চিন্তাৰ পৰা মুক্ত কৰক৷
৩) সহজ-সৰল জীৱন যাপন কৰক৷
৪) অধিককৈ দিয়ক৷
৫) কমকৈ আশা কৰক।
সৰু-সৰু কথা, সাধাৰণ কথা, সহজ কথা অথচ অতি উপযোগী, অতিকৈ প্ৰয়োজনীয় কথা৷
(ইন্টাৰনেটত পোৱা লেখা এটাৰ আধাৰত৷ মূল লেখক অজ্ঞাত)

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 ছেপ্টেম্বৰ, 2015, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক