সম্পাদকীয়:

অসমীয়া ভাষাৰ লিপিৰ নামকৰণ
শিৰোনামটো দেখি স্বাভাৱিকতে প্ৰশ্ন হ’ব যে অসমীয়া ভাষাৰ লিপিৰ নাম নাই নেকি? ভাষাটো দেখোন ইমান পুৰণি; কিন্তু ইয়াৰ লিপি নতুনকৈ উদ্ভাৱন হৈছে নেকি যে কিবা এটা নাম দিব লাগে? আমি দেখোন সৰুৰেপৰা অ, আ, ক,খ আদি অসমীয়া বৰ্ণমালা বুলি পঢ়ি আহিছোঁ। এতিয়ানো কিয় নামৰ কথা আহিল? ইত্যাদি, ইত্যাদি।

এই প্ৰসংগতে ক’ব লাগিব যে ইউনিক’ড আৰু ভাৰত চৰকাৰৰ মতে অসমীয়া ভাষা বাংলা লিপিৰে লিখা হয়। অৰ্থাৎ অসমীয়া ভাষাৰ নিজস্ব লিপি নাই। চৰকাৰৰ মতে ভাৰতৰ ২২ টা স্বীকৃত ভাষা আৰু ১১ টা লিপি আছে। অসমীয়া এটা স্বীকৃত ভাষা যদিও ১১ টা লিপিৰ এটি সুকীয়া লিপি নহয়। ইয়াৰ যোগে দুই সহস্ৰাধিক বছৰীয়া অসমীয়া লিপিৰ ইতিহাস, স্বকীয়তা আৰু স্বতন্ত্ৰতা মষিমূৰ কৰি অসমীয়াক বাংলাৰ উপভাষা আৰু অপভ্ৰংশৰূপেহে বিশ্বৰ আগত প্ৰকাশ কৰা হৈছে। আনকি অসমীয়া লিপিৰ বৈশিষ্ট্য ‘ৰ’ আৰু ‘ৱ’ বৰ্ণও বাংলাৰ ‘র’ বা ‘ব’ৰ অপভ্ৰংশ বুলিহে কয়। তথাপি অসমীয়া লিপিৰ বিৰুদ্ধে কৰা এই অন্যায় আজিকোপতি বহুতে অনুধাৱন কৰিব পৰা নাই। সেয়েহে প্ৰতিবাদো হোৱা নাই।
অসমীয়া লিপিৰ এটি দীঘলীয়া ইতিহাস আছে। অতি পুৰণি কাললৈ ঘূৰি নগ’লেও প্ৰাচীন কামৰূপী যিটো খৃষ্টপূৰ্ব তিনি শতিকাৰ দিনাজপুৰৰ শিলালিপি তথা মহামতী অশোকৰ খোদিত শিলালিপিৰ পৰা আৰম্ভ কৰি উমাচল, নগাজৰী-খনিকৰ, বৰগংগা, কানাই বৰশী বোৱা, ঘণ্টা লিপি আদি প্ৰাচীন শিলালিপি, তাম্ৰলিপি, চৰ্যাপদ, মুদ্ৰা, মঠ-মন্দিৰ তথা দেৱাল লিখন, হিউৱেন চাঙৰ টোকা আৰু পিচত সাঁচিপতীয়া পুথিয়ে ইয়াৰ স্বাক্ষৰ দিছে। সেই লিপিৰ ক্ৰমৱিৰ্তন আৰু বিকাশ ঘটি এতিয়াৰ অৱস্থা পাইছেহি। অসমৰ প্ৰাচীন নাম কামৰূপ। এসময়ত পশ্চিমে বিহাৰৰ কুশী নদীসহ মিঠিলা অঞ্চল আৰু দক্ষিণে উৰিষ্যাৰ একাংশ আৰু বংগ এই বিশাল কামৰূপ ৰাজ্যৰ অধীনত আছিল। তদুপৰি আন ৰাজ্যবিলাকৰ লগতো কামৰূপৰ মধুৰ সম্পৰ্ক আছিল। কামৰূপৰ ৰাজনৈতিক আৰু ভাষা-সাংস্কৃতিৰ প্ৰভাৱ সেই অঞ্চলবিলাকত পৰিছিল। সেই লোকসকলেও কামৰূপী লিপি ব্যৱহাৰ কৰাৰ বাবে বা এই লিপিৰ ধাৰণাৰে তেওঁলোকৰ লিপি গঢ়িলোৱাৰ বাবে অসমীয়া লিপিৰ লগত বাংলা, মৈথিলী আৰু উৰিয়া (বিশেষকৈ ধ্বনিৰ ক্ষেত্ৰত) আনকি তিব্বতীয়া লিপিৰ অতি মিল থকা দেখা যায়। প্ৰাচীন কামৰূপীৰ পৰাই বাংলা আৰু মৈথিলীয়ে বিকাশ লভিছে। ইয়াৰ এটি স্বাক্ষৰ হৈছে পুৰণি বাংলাত অসমীয়া ‘ৰ’ৰ ব্যৱহাৰ আৰু কিছু পৰিৱৰ্তিতৰূপে ‘ৱ’’ৰ প্ৰয়োগ।

ইটো-সিটো লিপিৰ মিল থাকিলে কাৰিকৰী সুবিধাৰ বাবে ইউনিক’ডে একেলগে ৰাখিবলৈ বিচাৰে। যেনেকৈ সংস্কৃত, হিন্দী, মাৰাঠী, নেপালী, আৱধী, গড়ৱালী, মুণ্ডাৰী, কোংকণি, ভোজপুৰী আদিৰ বাবে দেৱনাগৰী লিপি। অসমীয়া আৰু বাংলা লিপিৰ ঐতিহাসিক ভিত্তিত দুয়োটাকে ‘কামৰূপী’ বুলি নামকৰণ কৰাৰ যুক্তি আছে। কিন্তু এয়ে অসমীয়া আৰু বাংলাৰ উমৈহতীয়া নাম হ’লে বাংলাভাষীসকলে নামানিব কিয়নো ভাৰত চৰকাৰ তথা ইউনিক’ডত বাংলা এটি সুকীয়া আৰু প্ৰতিষ্ঠিত লিপি। আনহাতে ইউনিক’ডৰ শেহতীয়া সংস্কৰণে প্ৰাচীন অসমীয়া কামৰূপী লিপিৰে লিখা হৈছিল যদিও আধুনিক অসমীয়া বাংলাৰেহে লিখা হয় বুলি কয়। অৰ্থাৎ আধুনিক অসমীয়া যে প্ৰাচীন কামৰূপীৰ পৰায়ে হৈছে সেইটো ইউনিক’ডে মানি নলয়। এনেবিলাক কাৰণত অসমীয়া লিপি কামৰূপী বুলি নামকৰণ কৰাটো উচিত নহ’ব। অসমীয়া ভাষাৰ অসমীয়া লিপি। ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে।

তদুপৰি আধুনিক অসমীয়া আৰু আধুনিক বাংলাৰ মৌলিক পাৰ্থক্য আছে। কেইবাটিও বৰ্ণৰ উচ্চাৰণৰ উপৰি বাংলাত ধ্বনিৰ অভাৱ পৰিলক্ষিত হয়। সেইবাবে অসমীয়াৰ লগত একে হ’লেও লিপ্যন্তৰত আঁসোসাহ থাকিব। উদাহৰণস্বৰূপে বাংলাত ‘শ, ষ, স’ৰ ধ্বনি প্ৰায় ‘চ’ ৰ দৰে যদিও অসমীয়াত শব্দ আৰু আখৰৰ স্থান বিশেষে চ, হ আৰু খৰ দৰে হয়; যেনে ধনেশ, শিশু, বিদেশ। অসমীয়াত চৰকাৰ বাংলাত সৰকাৰ, অসমীয়াত চিটি বাচ কিন্তু বাংলাত সিতি বাস হয়। অসমীয়াত ই, ঈ,উ,ঊ,চ,ছ ৰ পৰস্পৰৰ উচ্চাৰণ একে যদিও বাংলাত ভিন্ন। সকলো শব্দ, যুক্তাক্ষৰ আৰু উচ্চাৰণবোধক চিন দুয়োটা ভাষাতে একে নহয়। যেনে – অসমীয়াত নতুন, বাংলাত নূতন হয়। বাংলাত ‘ৱ’ উচ্চাৰণ কৰিবলৈ কোনো আখৰ নাই বাবে ‘ব’ বা ‘য়’ লিখিব লগা হয়। যেনে ‘সেৱা’ৰ বাবে ‘সেবা’ আৰু ‘জোৱাৰ’ৰ বাবে ‘জোয়ার’ লিখে। বাংলাত ‘ৰ’ আখটো ‘র’ৰূপে আৰু ব্যঞ্জন বৰ্ণ ‘ক্ষ’টো যুক্তাক্ষৰ হিচাপেহে (ক+ষ=ক্ষ) লিখে। ইউনিক’ডে একোটি আখৰ বা চিহ্নৰ সত্তা বা মূল(entity) এটি নিৰ্দিষ্ট ক’ডেৰে চিনাক্ত কৰে। আখৰ দেখাত একে হ’লেও বাংলাৰ লগত অসমীয়াৰ অন্তত ১৫ টা আখৰ আৰু চিহ্নৰ মূল অমিল আছে। সেয়েহে অসমীয়া আৰু বাংলা একেলগে সাঙোৰাত অসুবিধা আছে। কিয়নো একেলেগে ৰাখিলে লিপ্যন্তৰৰ বাদেও চৰ্টিং কৰোঁতে খেলিমেলি (collation error) হয়। সেয়েহে বাংলাৰ লগত অসমীয়া একেলগে সাঙুৰিলে কেত্‌বিলাক ভাষিক আৰু কাৰিকৰী অসুবিধা আছে। একেই কাৰণতে ৰোমান, গ্ৰীক আৰু চাৰিলিক বা শ্লাভিক লিপিৰ বহুতো মিল আছে যদিও ইউনিক’ডত সুকীয়াকৈ ৰাখিছে। তেনে ক্ষেত্ৰত অসমীয়া লিপিয়ে কিয় নামসহ সুকীয়া পৰিচয় আৰু ইউনিক’ডত স্থান নাপাব?

– আজিজুল হক

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 11, 2015, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

w

Connecting to %s

%d bloggers like this: