সম্পাদকীয় – -আজিজুল হক

উজাই আহিলে মাছে কি মগৰে

উজাই আহিলে শিশু

কাণতে ঢোলেটি মুখতে পেঁপাটি

পালেহি ব’হাগৰ বিহু।

বিহুৰ বতৰ আৰম্ভ হ’লেই। নাহৰ ফুল ফুলাৰ বতৰে সোঁৱৰাই দিয়ে অসমীয়াৰ অতিকৈ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি। ই অসমীয়াৰ জাতীয় উত্‍সৱ, সংস্কৃতিৰ প্ৰতিক আৰু আনন্দৰ উৎস। সংস্কৃতি জাতীয় জীৱনৰ ধাৰা। সেয়েহে বিহু অসমীয়া জাতীয় জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত। বৃহৎ অসমীয়া জাতিৰ সকলো ধৰ্ম আৰু সকলো বৰ্ণৰ মানুহে স্বতঃস্ফুটভাৱে ইয়াক উপালন কৰি আহিছে। বিহু সমন্বয়ৰ উৎসৱ। প্ৰকৃতি আৰু কৃষিভিত্তিত উদ্‌যাপিত এই পৰম্পৰা অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ সমন্বয়ৰ সেতু হৈ আহিছে। ইয়াত নাই কোনো গোষ্ঠীগত সংকীৰ্ণতা অথবা ধৰ্মীয় গোড়ামী। অসমীয়া জাতিটো যেনেকৈ আৰ্য, অনাৰ্য, অষ্ট্ৰিক, মংগোলীয় জাতিৰ সমন্বয়ত গঢ়ি উঠিছে তেনেকৈ ইয়াৰ সংস্কৃতিও বাৰেৰহণীয়া।

সাম্প্ৰতিক বিচ্ছিন্নতাকামী আৰু সমাজদ্ৰোহী শক্তিসমূহে অসমীয়া জাতিটোক থান-বান কৰিব বিচৰাৰ পৰিপ্ৰেক্ষিতত ঐক্য আৰু সমন্বয়ৰ এই উত্‍সৱে বিশেষ তাত্‍পৰ্য বহন কৰিছে। লোকসভা নিৰ্বাচনেও বিহুৰ আনন্দত আউল লগাইছে। কিয়নো ৰাজনৈতিক আৰু দলীয় স্বাৰ্থৰ খাম-খেয়ালিয়ে প্ৰীতি আৰু সমন্বয়ৰ উৎসৱটিৰ সৌন্দৰ্য আৰু পবিত্ৰতা কলুষিত কৰাটোৱে স্বাভাৱিক। সংস্কৃতি পৰিৱৰ্তনশীল। বিহু উদ্‌যাপনো ইয়াৰ ব্যতিক্ৰম নহয়। সেইবুলি আধুনিকতাক দোহাই দি বিহুমঞ্চত ইংৰাজী বা হিন্দী বোলছবিৰ গীত আৰু নাচ-বাগে বিহুৰ ঐতিহ্য ৰক্ষা নকৰে আৰু জাতীয় সংস্কৃতিৰো সৌষ্ঠৱ বঢ়াব নোৱাৰে। যথা সম্ভৱ বিহুক আমি এই কুপ্ৰভাৱৰ পৰা আঁতৰত ৰাখিব লাগে যাতে আমাৰ জাতীয় পৰম্পৰা নিষ্কলুষ হৈ থাকে।

ৰঙালী বিহুৰ শুভেচ্ছাৰে-

-আজিজুল হক

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 11, 2014, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

w

Connecting to %s

%d bloggers like this: