কথা আছিল : পৰাগ পিংকু বৰঠাকুৰ

কথা আছিল
যাৰ ঘৰ নাজিৰাত আছিল
তেওঁৰ বাবে সাঁচি ৰখাৰ কথা আছিল
এটা কলপতীয়া দোকমোকালি
দিখৌক চাদৰ সজাবলৈ মন মেলি পাহাৰ ফালি অহা বেলিটোক
আদৰি অনাৰ কথা আছিল
তেওঁৰ কপাললৈ
এজাক বতাহ অহাৰ কথা আছিল
শীতল
কাউৰী আৰু কপৌবোৰ
একেলগে উৰাৰ কথা আছিল
আকাশত
হাতত হাত থৈ জুমি চোৱাৰ কথা আছিল
হৃদয়
অস্তিন ফালি মচাৰ কথা আছিল
চকুলো
নীৰৱ নিস্তব্ধ নিশা এটা ভাঙি
গীত গোৱাৰ কথা আছিল ঝিলিয়ে
ৰঙা হৈ ফাগুন ফুলা দোকমোকালিটোত
বহাগৰ বতাহ এচাটি বলাৰ কথা আছিল
চকুত চকু থৈ সপোনৰ দেশৰ পৰা
ধৰি অনাৰ কথা আছিল
ডৰিকনা মাছ
দোকমোকালিটো সজায় যি পদূলি গচকাৰ কথা আছিল
তাৰ পোনে পোনেই তেওঁৰ শিৰৰ সেঁওতাটো থকাৰ কথা আছিল
যাৰ ঘৰ নাজিৰাত আছিল
তেওঁৰ স’তে এদিন এটা কলপতীয়া দোকমোকালি লৈ
ওমলাৰ কথা আছিল।
কথা একেবাৰে নাছিল
চকুৱে চকু নেদেখাৰ
বুকুৱে বুকু নুবুজাৰ
চিনাকী মুখলৈ অচিনাকী ডাৱৰ অহাৰ।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2013, in কবিতা. Bookmark the permalink. ১টা মন্তব্য.

  1. কথা একেবাৰে নাছিল
    চকুৱে চকু নেদেখাৰ
    বুকুৱে বুকু নুবুজাৰ
    চিনাকী মুখলৈ অচিনাকী ডাৱৰ অহাৰ।
    – এটা হৃদয়স্পৰ্শী কবিতা।

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: