এটা সৰু অথচ লাখটকীয়া প্ৰশ্ন – মই ফেচবুকলৈ কেলৈ আহোঁ ? : সাৰদা শ্ৰেষ্ঠ

ফে’চবুক আজিৰ তাৰিখৰ অতি জনপ্ৰিয় নেটৱৰ্ক বুলি ক’লেও বোধকৰোঁ অতুক্তি কৰা নহ’ব। ফে’চবুকৰ এখন নিজা সমাজ আছে। ইয়াত ডেকা গাভৰুৰ পৰা আদি কৰি বয়সস্থ লোকলৈকে বহু মানুহেই আছে। সেইসকলৰ অধিকাংশই শিক্ষিত, বিদ্বান, শিল্পী। তেওঁলোক সকলোৰে নিজা ৰুচি অভিৰুচি আছে। তেওঁলোকৰ মননশীল সৃষ্টিয়ে ফে’চবুকক এক সুকীয়া মৰ্যদা দিবলৈ সক্ষম হৈছে। ফে’চবুক সম্পৰ্কে বহুতৰ মনত এক ভুল ধাৰণা আছে। ফে’চবুক যেন কিছুমান উতনুৱা ডেকা গাভৰুৰ উশৃংখল জীৱনৰ এখন খেলপথাৰ। কিন্তু এয়া তেওঁলোকৰ অজ্ঞতাৰ বাদে আন একো নহয়। এইটো ঠিক যে সকলোৰে ভাল বেয়া থকাৰ দৰে ফে’চবুকৰো ভাল বেয়া দিশ আছে। সেইয়া আমি কেনেকৈ ইয়াক আমাৰ জীৱনত ব্যৱহাৰ কৰিবলৈ লৈছোঁ। সমাজ এখনত ভাল বেয়া থাকিবই, এয়া চিৰন্তন সত্য। কিন্তু সমাজৰ বেয়াদিশবোৰ আঁতৰাই আমি কেনেকৈ সমাজখনক সুন্দৰকৈ গঢ় দি তাক সফলতাৰ দিশলৈ আগবঢ়াই নিব পাৰো সেয়াহে আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।

মই ফে’চবুকলৈ কেলৈ আহোঁ? বন্ধুসকলৰ বহুতেই মোক এই প্ৰশ্ন কৰে। আপুনিও ফে’চবুকত আছে? কিবা যেন নকৰিবলগীয়া কামহে মই কৰিবলৈ লৈছোঁ। এক সন্দেহভৰা চাৱনিবোৰে আৰু বক্ৰ হাঁহিবোৰে মোক বিষম আঘাত কৰে। ময়ো ভাবিবলৈ বাধ্য হৈছোঁ, এৰা, মই কি বিচাৰি আহোঁ ফেচবুকলৈ। প্ৰশ্নটো সাধাৰণ হ’লেও, মোৰ বাবে এতিয়া এইটো লাখটকীয়া প্ৰশ্ন। ফে’চবুকলৈ অহা মোৰ বৰ বেছি দিন হোৱা নাই। দুবছৰমান আগতেহে মই ফে’চবুকলৈ আহিছিলো যদিও মই তাৰ বহুত পাছৰ পৰাহে মই ইয়াত সক্ৰিয় অংশ গ্ৰহণ কৰিবলৈ লৈছোঁ। ফে’চবুকত মই দৈনিক গঢ়ে ২ ঘণ্টা সময় কটাওঁ। এই দুঘণ্টা যেন এক মিনিটতে শেষ হয়। প্ৰথমতেই ফে’চবুক খুলি মোৰ ভাল লগা লিখনি, গল্প,কবিতা আৰু বন্ধু বান্ধৱীৰ আপডেট বোৰ পঢ়োঁ। ধুনীয়া ফটোবোৰ মন্ত্ৰমুগ্ধ হৈ চাই ৰওঁ। তাৰ মাজতে বহুতো ভাল লগা লেখা কেতিয়াবা চকুৰ আঁৰতেই থাকি যায়। কেতিয়াবা মোৰো মন যায় মোৰ নিজৰ অনুভৱৰ ব্যক্ত কৰিবলৈ। সময়ৰ অভাৱতেই হওঁক বা আলস্যৰ বাবেই হওঁক প্ৰায়েই মোৰ নিজৰ অনুভৱবোৰ ব্যক্ত কৰিবলৈ সময় নহয়। আনৰ লেখনিবোৰ পঢ়িয়েই শেষ কৰিব নোৱাৰা হওঁ। ভাল লাগে…বহুতো নজনা-নুশুনা কথাবোৰ জানিব পাৰোঁ। আৰম্ভণীতে মনোৰঞ্জন মজুমদাৰৰ এক মিনিটৰ গল্পবোৰে মোক দিছিল এক নতুন স্বাদ, এক নতুন পুলক। কুলদীপ মেধি,বুবুল কলিতা,লক্ষণ কুমাৰ, মনোহৰ দত্ত, নিবেদিতা হাজৰিকা আদি কবি সকলৰ কবিতা পঢ়ি আহ্লাদিত হৈছিলো। বৰ্তমান বহু কবিৰ কবিতা মই পঢ়িবলৈ পাওঁ। শেহতীয়াকৈ লগ পোৱা পৰাগ পিংকু বৰঠাকুৰ, দেৱব্ৰত বৰা, সিদ্ধাৰ্থ শৰ্মা, মেৰীলিন দত্ত, ৰূপম সাউদ, ৰশ্মিৰেখা দাস, অলক আকাশ আদি কবিসকলৰ (যিসকল কবিৰ নাম ইয়াত উল্লেখ কৰা নহ’ল,সেই সকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে) দৈনিক ১০ টাৰো অধিক কবিতা পঢ়িবলৈ পাওঁ। ফে’চবুক যেন কবিতা সৃষ্টিৰ এক সাৰুৱা পথাৰ। তাৰমাজতে দুই চাৰিটা গল্প, অনুগল্প, ভৌতিক গল্প, প্ৰৱন্ধ আদিও পঢ়িবলৈ সুযোগ পাওঁ। ৰঞ্জিৎ কুমাৰ বৰা, মাধুৰিমা ঘৰফলীয়া, অনুপমা বৰগোহাঁই, প্ৰাঞ্জন প্ৰতীম বৰুৱা, অঞ্জনা তামুলী, ইন্দ্ৰনীল গায়ন, চন্দন জ্যোতি ভূঞাঁ, লক্ষ্য প্ৰহৰ, আদিৰ লেখা সমুহৰো মই গুণগ্ৰাহী। আৰু বৰ্তমান সিদ্ধাৰ্থ শৰ্মা, দেবব্ৰত বৰাৰ আধামিনিটৰ গল্পই ফেচবুকৰ প্ৰতি থকা মোৰ অনুৰাগ অধিক বঢ়াবলৈ সক্ষম হৈছে। মই লক্ষ্য কৰিছোঁ, ফে’চবুকত আজি নিতৌ সাহিত্যৰ নতুন দিশ উন্মোচনৰ এক আন্দোলন যেন গঢ়ি উঠিছে। এই আন্দোলনক গঢ়ি দিছে ই আলোচনীবোৰে । আজি ই আলোচনীবোৰৰ সংখ্যাও দিনে দিনে বাঢ়ি আহিছে। ডঃ বনজীৎ পাঠক ডাঙৰীয়াৰ ইউনিকোড পদ্ধতিৰ ব্যৱহাৰৰ বিষয়ে লেখা আলোচনা বোৰে মোকো অনুপ্ৰাণিত কৰিলে অসমীয়া ইউনিকোডত নিজৰ ভাবোবোৰ বিনিময় কৰিবলৈ  অসমীয়া লিখন প্ৰণালীৰ এনে এটি সুন্দৰ পদ্ধতিৰ সৈতে অৱগত কৰোৱা বাবে মই তেখেতলৈ এই সুযোগতে কৃতজ্ঞতা জনালো। লিখামেলাৰ প্ৰতি আগ্ৰহ মোৰ আগৰ পৰাই আছিল যদিও মোৰ সেই আগ্ৰহ বহুতো কাৰণত স্তমিত হৈ আছিল। কিন্তু ইয়ালৈ অহাৰ পাছত বহুতো কথাই শিকিলোঁ। মাজে মাজে মোৰ অনুভৱবোৰ ব্যক্ত কৰিবলৈকো সুবিধা পালো। অকবৰ মজিয়াত মোৰ লেখা এটা পঢ়ি মোলৈ ৰণজিৎ কুমাৰ বৰাই প্ৰথমবাৰৰ বাবে স্পন্দন আলোচনীখনৰ বাবে মোৰ লেখা বিচাৰি মোলৈ বাৰ্তা পঠিয়ালে। মোৰ উৎসাহৰ জুইকুৰাত ঘি ঢলাৰ কাম কৰিলে অপূৰ্ব কলিতাই। মোৰ লেখা এটিৰ তলত অপূৰ্বই মন্তব্য কৰিলে – “আপোনাৰ শব্দই কথা ক’ব পাৰে। লিখি থাকিব ।” মাত্ৰ দুশাৰী চুটি বাক্য। কিন্তু মোৰ বাবে যেন প্ৰেৰণাৰ অনন্ত স্ৰোত। মই বৰ ভাল লিখিব নাজানো, তথাপি মই মোৰ চেষ্টা অব্যাহত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ মাত্ৰ মোৰ সুহৃদ বন্ধু বান্ধৱী ভাই ভনী সকলৰ অনুপ্ৰেৰণাত।

ফে’চবুকে সামাজিক ঐক্য সাধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মই সৌ সিদিনাখনলৈ কাকো চিনি নাপাইছিলো, মোকো তেনেকৈ কোনেও চিনি পোৱা নাছিল। আজি মোৰ আত্মীয়ৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আছে। সিদিনাৰ অচিনাকী মুখবোৰ আজি মোৰ মৰমৰ ভাই-ভনী। সিদিনালৈকে চিনি নোপোৱা ৰূপম,পৰাগপিংকু,সিদ্ধাৰ্থ শৰ্মা,ইন্দ্ৰনীল গায়ন,দীপজ্যেতি ৰশ্মি আজি মোৰ ভাতৃ-ভগ্নীসুলভ মৰমৰ দাবীদাৰ। কিছুমান দুষ্টমনৰ লোকে ইয়াৰ অপপ্ৰয়োগ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি যদিও ইয়াৰ সকাৰাত্মক দিশবোৰলৈ চাই সেইবোৰ গৌণ বুলিয়েই ক’ব পাৰি। ইয়াতো কিছুমান অশুভ শক্তিয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ অহৰহ চেষ্টা চলোৱাটো কোনো ডাঙৰ কথা নহয়, সেইবোৰৰ পৰা আমি সাৱধান হোৱা উচিত।
ফে’চবুকৰ প্ৰচেষ্টাত জন্ম লাভ কৰিলে ভালেকেইখন ই আলোচনীয়ে। এয়া সঁচাকৈয়ে অসমীয়া সাহিত্য জগতৰ বাবেই অতি সুখৰ খবৰ। এই আলোচনীবোৰে কেৱল ফে’চবুকৰ মজিয়াতেই সীমাবদ্ধ নাথাকি, নিজৰ প্ৰচেষ্টাৰে ছপাকামতো হাতে কামে লাগিছে। এয়া সঁচাকৈয়ে প্ৰসংশনীয় কাম। ই আলোচনী সাহিত্য ডট অৰ্গ প্ৰকল্পটোৱে উত্তৰ পূৰ্বাঞ্চলৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ সন্মানীয় ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ২৩ নৱেম্বৰ তাৰিখে বঁটা চিকিমৰ চিন্তন ভৱনত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য অৰ্গক এক বঁটা প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে অসমৰ আন এটা ৱেবচাইট ‘এনাজৰী ডট কম’ক জুৰীৰ বিশেষ বঁটা প্ৰদান কৰা হয় । ই আলোচনীবোৰৰ এই সন্মানে অসমীয়া সাহিত্য জগতলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা।

শেহতীয়াকৈ ফেচবুকৰ কেইজনমান উদ্যোগী ডেকা সকলে জনকল্যাণমূলক আঁচনিতো হাত উজান দিছে। এইক্ষেত্ৰত আগভাগ লৈছে দেৱব্ৰত বৰা, মেৰীলিন দত্ত, ষড়ানন পায়েং, উত্তম আয়নৰ দৰে কৰ্মনিষ্ঠ লোকসকলে। তেওঁলোকে ২৭ জানুৱাৰী দিনা নিজস্ব পূঁজি সংগ্ৰহেৰে অন্ন সংস্থানহীনলোকক সামান্য বৰঙণি আগবঢ়ায়। সেয়া তেওঁলোকৰ বাবে সামান্য হ’লেও যিসকল তেওঁলোকৰ সহায়ৰ দ্বাৰা উপকৃত হ’ল সেয়া তেওঁলোকৰ বাবে সেয়া অকল্পনীয়ই আছিল বোধকৰোঁ। আজিৰ ব্যস্ততাৰ যুগত কাৰো কালৈকো চাবলৈ সময় নাই, তেনেস্থলত কেইজনমান লোকৰ এই নিস্বাৰ্থ সেৱা অতি আদৰণীয়। যোৱা ৩ মাৰ্চ দেওবাৰে তেওঁলোকৰ আহ্বানক্ৰমে ময়ো তেওঁলোকৰ আলোচনাত মিলিত হৈছিলো। চিলা উৎসৱৰ লগত সংগতি ৰাখি এই আলোচনাৰ আহ্বান কৰা হৈছিল সোণাৰাম খেলপথাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত। এই আলোচনাত ফেচবুকৰ বন্ধু বান্ধৱী সকলৰ নিজা বৰঙণিৰে আগন্তুক মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নিঃসহায় ছাত্ৰ-ছাত্ৰীলৈ কিছু সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেওঁলোকৰ সুন্দৰ প্ৰচেষ্টা ফলৱতী হওঁক তাকেই অন্তৰেৰে কামনা কৰিছোঁ।
ফেচবুকত সঁচা অৰ্থত মই কিবা শিকিবলৈকে আহোঁ। আৰু শিকিলোঁ বহুত। যিদিনাই নতুন কথা শিকিবলৈ পাওঁ বা নতুন অনুভবে মন ভৰাই তুলে সেইদিনা মোৰ দিনটো সাৰ্থক হোৱা যেন অনুভব কৰোঁ। কেতিয়াবা কিছুমান আপডেটে মোৰ মন সজীৱ সতেজ কৰি তোলে। তেনেদৰে কিছুমান আপডেটে মনটো বিষাদেৰে ভৰাই তোলে। কেতিয়াবা কিছুমান ভাল লগা আপডেটবোৰৰ প্ৰশংসা কৰি দুআষাৰ লিখোঁ, কেতিয়াবা কিছুমান লেখাবোৰ পঢ়ি খং ক্ষোভত অনুযোগ অভিযোগো কৰোঁ, কেতিয়াবা দুআষাৰ টানকৈয়ো লিখোঁ। কিবা এটা পঢ়ি মোৰ মনত সৃষ্টি হোৱা অনুভববোৰ ব্যক্ত কৰোঁ, মোৰ নিজস্ব পদ্ধতিৰে। তাৰবাবে মই এতিয়ালৈকে কাৰো পৰা বেয়া ব্যৱহাৰ পোৱা নাই। কিন্তু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ, কিছুমান অহৈতুক তৰ্ক বিতৰ্ক, খাম খেয়ালী মনোভাব। দেখি আৰু পঢ়ি মৰ্মাহত হওঁ…মই বিচাৰি অহা সুখ পলকতে যেন ধূলিসাৎ হৈ যাব খুজে। ফে’চবুকত মোৰ যিসকল ভাই ভনী, বন্ধু বান্ধৱী আছে সেইসকলোকে মই শ্ৰদ্ধা কৰিবলৈ পালে সুখী হওঁ…কাৰণ মই বিশ্বাস কৰোঁ ফে’চবুকৰ এই সমাজখন এখন শিক্ষিত লোকৰ সমাজ । যি সমাজে নিজস্ব সৃজনী ক্ষমতাৰে সৃষ্টি কৰিব পাৰে এখন সুন্দৰ সমাজ ।

একেবাৰে সঁচা কথা হ’ল মই ফে’চবুকত মই এক সুখ বিচাৰি আহোঁ। এটা ভাল কবিতা, এটা ভাল লগা গল্প, এটা সুন্দৰ লেখা পঢ়িবলৈ, এটা মন প্ৰাণ জুৰ পেলাব পৰা ছবি চাবলৈ পালে মই বিচৰি পাওঁ মই বিচৰা সুখ। মোৰ অনুভব শব্দৰ ৰূপেৰে আনৰ আগত ব্যক্ত কৰিব পাৰিলে আৰু তাৰ প্ৰতি উচিত সঁহাৰি পালে মই বিচাৰি পাওঁ মই বিচাৰি অহা সুখ। মোৰ দৰে সকলোৱেই কিজানি সুখ বিচাৰিয়েই আহে ফে’চবুকলৈ। সেই সুখৰ সংজ্ঞাও কিজানি সকলোৰে বাবে একে নহয়। হয়তু একে হ’বও নোৱাৰে।

এইখিনিতে কবি লক্ষ্মণ কুমাৰৰ এটা মনপৰশা সুন্দৰ বক্তব্য উল্লেখ কৰিব বিচাৰিছোঁ। লক্ষণ কুমাৰে ৰণজিৎ কুমাৰ বৰাৰ এটা লিখনীৰ আঁতধৰি প্ৰসংগক্ৰমে এঠাইত কৈছে – “ফে’চবুকক মই এখন মন্দিৰ বুলিয়েই ভাবো। এই মন্দিৰলৈ প্ৰতিদিনে অগণন ভক্ত আহে নিজৰ সুখ-দুখৰ কথা ক’বলৈ,আনৰ সুখ-দুখৰ সমভাগী হ’বলৈ। ময়ো আহোঁ ইয়ালৈ, আন একো কৰিব নোৱাৰিলেও টিলিঙাকে বজাই দিওঁ….অন্তৰৰ মলিনতা দূৰ হৈ যায়। আপুনি এই মন্দিৰৰ এজন পূজাৰী…নৈবদ্যভাগ কেনেকৈ আগবঢ়াই দিব লাগে তাক দেখুৱাই দিয়ে।” আকৌ মৰমলগা হাঁহিৰে কবি ৰশ্মিৰেখা দাসে মোক কথা প্ৰসংগত কৈছিল – “বহুতে ফে’চবুক বেয়া বুলি কয়। মোৰ বৰ দুখ লাগে তেতিয়া। ফে’চবুকৰ বাবেই আপোনালোকৰ দৰে বাইদেউ, দাদা পাইছোঁ। কিমান যে ভাল লাগে!” এনে সুন্দৰ মনোভাবৰ ব্যক্তিসকলৰ য’ত সমাগম ঘটে সেয়া এক মন্দিৰেই হৈ পৰে। আহকচোন আমি আটায়ে ইয়াক মন্দিৰ, মচজিদ,গীৰ্জা বা গুৰুদ্বাৰা বুলিয়েই প্ৰবেশ কৰোঁ এক পবিত্ৰ মনোভাবেৰে, এক ভাতৃত্বৰ ভাবেৰে। আমি আটায়ে নিশ্চয় লাভাম্বিত হ’ম।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2013, in প্রবন্ধ. Bookmark the permalink. 4 মন্তব্য.

  1. সুন্দৰ লেখনি ! লেখনিটোৰ লগত ময়ো একাত্ম হ’লো !..

  2. ভাল লাগিল …..

  3. অনামিকা বৰুৱা

    ভাল লাগিল অনুভৱখিনি অনুভৱ কৰি| একাত্মবোধ কৰিলো|

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: