অব্যক্ত : ৰশ্মি ৰেখা দাস

অনুভৱ মোৰ তেজে তেজে বৈ যায়
সুৰৰ মূৰ্চ্ছনা হৈ
কেতিয়াবা নিষাদ
কেতিয়াবা গান্ধাৰ
এটি অব্যক্ত সুৰৰ গান হৈ উজায়।

আপোনাৰ সত্তা মোৰ হৃদয়ৰ আৱৰণ
জুৰ মলয়াত কঁপি কঁপি মোৰ
বুকুৱে চকুৱে শিহৰণ
সেয়াও যেন অব্যক্ত সুৰৰ ছন্দে ছন্দে
থৰকাছুটি হেৰুওৱা স্বৰগম।

সন্ধ্যা নামিলে আৱেগৰ খটখটি বগাই
এবাৰ উঠোঁ এবাৰ নামো
শুই নিহপালি দিয়া আকাশখনত
আঙুলি বুলাই সোধোঁ
দিবানে মোৰ আজলি ভৰাই এধানি নীলা?

আঙুলিবোৰ কঁপে
নাই নাই…
নগ্ন দুহাতেৰে মাটিকেই খামুচি ধৰোঁ
নিলাবোৰ মাথো সপোন
সহানুভূতিৰে সন্ধ্যাবোৰ উশাহত মেৰিয়াই
মই আজি ভৰুণ।

 

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মাৰ্চ 10, 2013, in কবিতা. Bookmark the permalink. 3 মন্তব্য.

  1. সহানুভূতিৰে সন্ধ্যাবোৰ উশাহত মেৰিয়াই
    মই আজি ভৰুণ।
    – সুন্দৰ অনুভব।

  2. RRD কবিতাটি ভাল লাগিল

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: