সুকুমাৰ কলাবিদ শ্ৰীমন্ত শংকৰদেৱ : ইন্দ্ৰনীল গায়ন

প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্যত ৬৪ বিধ কলাৰ বিৱৰণ পোৱা যায়।পৰৱৰ্তী
সময়ত ৬৪ কলাকে কাৰু কলা আৰু সুকুমাৰ বা চাৰু কলা নামেৰে দুটা প্ৰধান
ভাগত ভাগ কৰা হৈছিল। কাৰু কলাক ব্যৱহাৰিক কলা বুলিও ক’ব পাৰি, যিয়ে
মানুহৰ দৈনদ্দিন অভাৱ পূৰণ কৰে।

সুকুমাৰ কলাক চাৰু কলা বা ললিত কলা হিচাপেও অভিহিত কৰিব পাৰি, মানুহৰ
সুকুমাৰ অনুভূতিসমূহক উজ্জীৱিত কৰি মানসিক বা নান্দনিক আনন্দ প্ৰদান
কৰাই হ’ল সুকুমাৰ কলা। অৰ্থাৎ সুকুমাৰ কলাৰ উপযোগিতা হৈছে ব্যক্তি বিশেষৰ
চিত্ত বিনোদনৰ হকে।

একশৰণ নামধৰ্মৰ প্ৰৱৰ্ত্তক শংকৰদেৱ গুৰুজনা বহুমুখী প্ৰতিভাসম্পন্ন আৰু
অসাধাৰণ সামৰ্থ্যৰ পুৰুষ আছিল। গুৰুজনাৰ সৃষ্টিকৰ্মলৈ ভালকৈ মন কৰিলে তেওঁ সমগ্ৰ বিশ্বৰ এজন সুকুমাৰ কলাবিদ হিচাপে আখ্যা দিব পাৰি। লগতে তেওঁ নামঘৰ- সত্ৰৰো উদ্ভাৱক আছিল।

গুৰুজনাৰ সৃষ্টি সুকুমাৰ কলাসমূহক নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি:

১) সাহিত্য:- মহাপুৰুষ গুৰুজনাৰ ভক্তি তত্ত্বমূলক কাব্যগ্ৰন্থ, নাট, গীত, পদ নাম, প্ৰসংগ আৰু অনুবাদমূলক সাহিত্যৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা সৃষ্টি সমগ্ৰ সাহিত্যৰ মাজেদি ভাগৱত ভক্তিৰ ৰসধাৰা মানৱ সমাজলৈ দান কৰিছে, কীৰ্ত্তন, দশম, গুণমালা আদি তেখেতৰ সাহিত্য কৰ্মৰ অপূৰ্ব কীৰ্তি। কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ সাহিত্যৰ মূখ্য উদ্দেশ্য আছিল যদিও সিবোৰ উত্‍কৃষ্ট সাহিত্যকৰ্ম হিচাপেও বন্দিত হৈছে।

২) সংগীত:-  মহাপুৰুষ শংকৰদেৱ আছিল এগৰাকী নিপুণ সংগীতজ্ঞ।একেধাৰে
গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক, আৰু নৰ্ত্তক। তেওঁৰ বৰগীত, ভটিমা, টোটয়
আদিৰ উপৰিও অংকীয়া নাটৰ বাবে লিখি উলিয়াইছিল ভালেমান অংকৰ গীত, এই গীত
সমূহেই আছিল ভাৱ – ভাষাৰ সুৰৰ, মাধুৰ্যৰে সমৃদ্ধ উচ্চ নৈতিক ভাৱাদৰ্শপুষ্ট, যজ্ঞভক্তি মাহাত্ম্যসূচক। ৰাগ সম্বলিত উপাসনা প্ৰাৰ্থনা সংগীত হিচাপে ব্যৱহৃত বৰগীতৰ উপৰিও গুৰুজনাৰ দ্বাৰা ৰচিত অন্যান্য গীতসমূহে সাংগীতিক মূল্যৰে উচ্চমান বিশিষ্ট, অংকীয়া নাটৰ গদ্যশৈলীতো পৰিদৃশ্য হৈছে গীতি ধৰ্মিতা, ইয়াৰোপৰি, মহাপুৰুষ জনাই নিজেই নগাঁও কপিলীমুখৰ কুমাৰৰ সহযোগত সাজি উলিয়াইছিল সংগীতৰ অপৰিহাৰ্য খোল বাদ্য, শালমাৰাৰ মূচীৰ হতুঁৱাই চোৱাইছিল সেই খোলৰ চামৰা, নিজ হাতে দিছিল ঘুণ।

অনান্য লোকবাদ্য সমূহকো সংগত কৰি গুৰু জনাই সৃষ্টি কৰিছিল অপূৰ্ব সুৰ সমলয়। অংকীয়া নাটৰ আয়োজনত সৃষ্টি কৰিছিল বিবিধ নৃত্যশৈলীৰ, নৃত্যৰ বাবে প্ৰয়োজনীয় মাটি আখৰাৰ সৃষ্টি কৰিছিল সূত্ৰধাৰী নৃত্যৰ, কৃষ্ণ নৃত্য  বৰ পৰিৱেশৰ নৃত্য, গুণী নৃত্য, চালি নৃত্য, যাদু ভংগী আদি বিবিধ নৃত্য।

৩) চিত্ৰ শিল্প:- সুকুমাৰ কলাৰ আন এবিধ উপাদান চিত্ৰ শিল্পটো আছিল নিপুণ,
চিহ্নযাত্ৰাৰ বাবে আঁকি উলিওৱা চিত্ৰপটতে পৰিস্ফুত হৈছিল তাৰ দক্ষতা, সপ্ত বৈকুন্ঠৰ চিত্ৰ, পাৰিষদসকলৰ চিত্ৰৰ উপৰিও ভগৱান কৃষ্ণৰ জন্মৰ পৰা বৈকুন্ঠ প্ৰয়াণলৈ, অপূৰ্ৱ দক্ষতাৰে অঁকা পটসমূহৰ বিৱৰণচৰিত পুথিত পোৱা যায়। তদুপৰি সিংহাসন, সাঁচি পাতৰ পুথিত চিত্ৰ আদিৰ উপৰিও ভাওনাত ব্যৱহ্যত হোৱা হেঙুল হাইতাল বুলোৱা চিত্ৰসমূহে মহাপুৰুষ জনাৰ অপূৰ্ব চিত্ৰ নিপুণনতা প্ৰমাণ কৰে। এই চিত্ৰ কলাৰ দ্বাৰা নিৰক্ষৰ জনসাধাৰণক সন্মোহিত কৰি কৃষ্ণ চৰিতামৃত পান কৰোৱাত অভূতপূৰ্বৰূপে সফল হৈছিল। আনকি কোঁচৰজা নৰনাৰায়ণেও গুৰুজনাৰ দ্বাৰা একে ৰাতিতে বাতি কাঢ়ি বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ ভাগৰ অপৰূপ চিত্ৰত মোহিত হৈছিল।

৪) স্থাপত্যবিদ্যা:- স্থাপত্যবিদ্যা হৈছে নিৰ্মাণ বিদ্যা, মঠ, মন্দিৰ, গৃহ আৰু প্ৰাচীৰ আদিৰ নিৰ্মাণ কৌশলসহ  স্থাপত্য বিদ্যাত সুকুমাৰ কলাৰ মৰ্যাদাৰে। ৰাম নামৰ স্মৰণ, বন্দন,শ্ৰৱণ কীৰ্ত্তনৰ বাবে শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিলে নামঘৰ। এই নামঘৰ অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ। সাংস্কৃতিক সম্পদত চহকী অসমীয়া জাতিৰ বাবে
নামঘৰ এক অনন্য সম্পদ। নামঘৰৰ নিৰ্মাণ কাৰ্যই যি স্থাপত্য কৌশল প্ৰয়োগ
কৰিলে সিয়েই মহাপুৰুষজনাক বাস্ত্ৰ, শাস্ত্ৰবিদৰূপে প্ৰতিষ্ঠা কৰে। স্থানীয়ভাবে উপলব্ধ কাঠ,বাঁহ, বেত, খেৰ, ইকৰা, বিৰিণা, নল-খাগৰি আদিকে ব্যৱহাৰ কৰি চালে চকুৰোৱা সৌন্দৰ্যৰে বন্দিত কৰাত গুৰুজনাৰ মাটিৰ ওখ ভেটিৰ ওপৰত কাঠৰ খুটা, কাঠৰ চকী, বাঁহৰ কামী, মাৰলি ব্যৱহাৰ কৰি নল-খাগৰিৰ বেৰা আৰু ধানখেৰৰ চালেৰে নামঘৰ সজাৰ আৰ্হি দেখুৱাইছিল। বেৰবোৰ মাটিৰ ভেটিৰ পৰা ২ হাত মান ওখকৈ দি চালৰ পৰা অধিকাংশ মুকলিকৈ ৰাখিছিল যাতে বাহিৰৰ ৰ’দ বতাহ ভালদৰে সোমাব পাৰে। তদুপৰি জাত-পাতৰ কোনো ভেদাভেদ নাৰাখি সকলোৰে বাবে নামঘৰৰ দুৱাৰ মুকলি কৰি ৰখাৰ উদ্দেশ্য যেন নিহিত আছিল। বানপনী, ভূমিকম্প, আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগতো এই নামঘৰৰ গাঁথনিগত কাৰণতে সুৰক্ষিত হৈছিল। নামঘৰৰ কেতবোৰ বিশেষত্ব আছে:- তাৰে ভিতৰত প্ৰধান বিশেষত্ব হ’ল:- ধৰ্মীয় উপাসনাস্থলীৰ উপৰিও ই সামজিক ন্যায় আৰু সমতাৰ বিচাৰ মন্ত্ৰ, ধৰ্মীয় অনুষ্ঠান হিচাপে নামঘৰ অসমৰ সাংস্কৃতিক জগতত চতুৰ্দশ- পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে। পুৱাৰ প্ৰাৰ্থনা কৰাৰ পৰা সন্ধিয়াৰ প্ৰাৰ্থনালৈকে নামঘৰৰ সৈতে
অসমীয়া জনসমাজ জড়িত হৈ আছে। এই নামঘৰৰ পৰা আকাশে বতাহে ধ্বনিত হৈছে হৰি নামৰ জয়জয়কাৰ।

৫) ভাস্কৰ্য্:- ভাস্কৰ্য্ শিল্পী হিচাপেও শংকৰদেৱ গুৰুজনাৰ নিপুণতা প্ৰশংসনীয়। গুৰুজনা সৰ্বসাধাৰণৰ মাজত কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্য ভাওনা বা অংকীয়া নাটকক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। সেয়ে অনন্য সা-সংৰঞ্জাম:- গৰুড় , গণেশ, কালিনাগ, আদিৰ মুখা, গদা, তৰোৱাল শঙ্খ আদিবোৰ নিৰ্মাণ কৰিছিল। ভাওনাৰ অপৰিহাৰ্য সঁজুলি যেনে:- সিহাংসন,পুথি, থগা, শৰাই, বন্তি, অগ্নিগড় আদিৰ বিবিধ ভাস্কৰ্য গুৰুজনাই নিজে আৰু শিষ্যসকলৰ সহযোগত কৰাইছিল। এইবোৰৰৰ সুন্দৰ অবয়ৱ, ৰং আদিয়ে দৰ্শকৰ মন আকৰ্ষণ কৰিছিল।

মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অন্তৰত উপলব্ধ ভাগৱত ভক্তি মাহাত্ম্য, সহস্ৰজনৰ
অন্তৰলৈ বোৱাই দিয়াৰ উদ্দেশ্য সুকুমাৰ কলাৰ উপাদানসমূহক তেওঁ যথাযোগ্য
ব্যৱহাৰ কৰিছিল আৰু সফলো হৈছিল। এই  ক্ষেত্ৰত  মহাপুৰুষ গুৰুজনাৰ সৃষ্টি
কৰ্মলৈ চাই তেওঁক পৃথিৱীৰ শ্ৰেষ্ঠতম সুকুমাৰ কলাবিদ সকলৰ মাজত এজন বুলি
কোৱাৰ যথেষ্ট থল আছে।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ফেব্ৰুৱাৰী 8, 2013, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

w

Connecting to %s

%d bloggers like this: