আকাশৰ সৈতে : মাধুৰীমা ঘৰফলীয়া

অৱশেষত কোনোমতে বিয়াখন হ’লগৈ। কমবোৰ বিধি পথালি আহিল নে? প্ৰথমে মানুৰ মাক-বাপেকে নামানে; পাছত যেতিয়া সৈমান হৈ বিয়াৰ দিন বাৰ ঠিক হ’ল,বুমনৰ বেমাৰী মাকজনী ঢুকাল। সংসাৰত আপোন বুলিবলৈ তাৰ বিয়া দিয়া বায়েক কেইজনীৰ পাছত সেই মাকজনীয়েই আছিল, দেউতাক সিহঁত সৰু থাকোঁতেই ঢুকাল। এতিয়া মাক ঢুকুৱাৰ পাছত বিয়াখন আকৌ এবছৰলৈ পিছুৱাই গ’ল। তাৰ পাছত যেনিবা সৰুকৈ হ’লেও হ’লগৈ।
বাচনখিনি ধুই মানুৱে এবাৰ শোৱা ৰূমলৈ ভুমুকি মাৰি চালে- বুমনে লেপটপটো লৈ কিবা কামত ব্যস্ত হৈ আছে। বেচেৰা! যোৱা চাৰিদিন ধৰি বহুত কষ্ট হৈছে। বিয়াখন সৰুকৈ পাতিলেও বায়েক ভিনিয়েককে ধৰি গোটেই আলহীখিনিক সি নিজেই চম্ভালিব লগা হৈছিল। আজি আলহীবোৰ গৈ শেষ হ’ল। মানুৰ মুখত এনেই হাঁহি এটা বিৰিঙি উঠিল-বিয়া হৈ গলে কি হ’ব ! আলহীৰ হেঁচাত এই কেইদিন বুমনক অন্তৰংগ ভাৱে ভালদৰে লগেই পোৱা নাই। আজিৰ পৰা আৰু সেই অসুবিধা নহ’ব !
“জোনটি ওলালে তৰাটি ওলাব….”- সু-মধুৰ কণ্ঠৰে মানুৰ ফোনটো বাজি উঠিল। তাই ফোনটো লৈ চালে-নীলাই ফোন কৰিছে। দুষ্টালিৰ হাঁহি এটা মাৰি তাই ফোনটো উঠাই ক’লে-
-ঐ গৰু ক’…
– কি ক’….? আজিটো তহঁতৰ ৰাতি নুপুৱাই চাগৈ ন’…? গোটেই ৰাতি মিছ কল দি থাকিম চাবি।
সিফালৰ পৰা মানুৱে আশা কৰাৰ দৰেই নীলাই চিঞৰিলে।
-মই ফোন অফ কৰি থ’ম।
-ধেই কটা……!! শুন কালিলৈ মোক চব ক’ব লাগিব আক …ক’বিনে নকৱ ক’…?
-উহ ভগৱান ক’ম ক’ম। এতিয়াটো ফোনটো থ’।
-আয়ৈ, বৰ খৰধৰ হৈছে ন’?…যা যা….কালিলৈ মনত ৰাখিবি।
ফোনটো কাটি দিলে তাই। মানুৰ আকৌ হাঁহি উঠি গ’ল। কি যে ছোৱালী এইজনী। আগতে বুমনে কেতিয়াবা ক’ৰবাত তাইক লগ কৰিবলৈ মাতিলে নীলাক লগ ধৰিলেই কয়- “তই অকলেই যা দেই, মই তহঁতৰ কাষত বহি ব’ৰ হ’বলৈ নাই ” নীলা এবাৰেই যি গৈছিল আৰু হোষ্টেললৈ ঘূৰি আহি গোটেই দিনটো তাইক গালি পাৰি থাকিল-“ হেৰৌ, তই সেইটো ল’ৰাৰ লগত কেনেকৈ জীৱন কটাবি হয়নে? সি দেখোন পঢ়াৰ বাদে একো ভাবিয়েই নাপায়|” লগৰ বাকীবোৰ ছোৱালীকো মাতি আনি কৈছিল, “এই জান’ সাইলাখ কালিদাস এটা পালে!”
-মানু…………………….
বুমনৰ মাতত মানু চক খাই উঠিল।
-অ’ কিবা ক’বা?
-তুমি আজৰি হোৱাই নাই নেকি?
-এই হৈছোঁ আৰু ৰ’বা।
পাকঘৰৰ দুৱাৰখন বন্ধ কৰি মানু শোৱা  ৰূমলৈ সোমাই আহিল। বুকুখন অলপ কঁপিও উঠিল। হওঁতে ফুলশয্যাৰ নিশা হিচাপে এটা নিশা পাৰ হৈ গ’ল; কিন্তু যিমান হ’লেও এনে লাগিছে -আজি নিশাটোহে যেন বুমনৰ সৈতে প্ৰথম নিশা। ডীম লাইটটো জ্বলাই তাই লাহেকৈ বুমনৰ কাষতে বিচনাত বহিলগৈ। বুমনৰ চকু তেতিয়াও লেপটপটোত। মানুলৈ নোচোৱাকৈয়ে সি এহাতেৰে মানুক কাষ চপাই আনিলে। মানুৰ গাতো পুহমহীয়া জাৰত কঁপাৰ দৰেই কঁপি উঠিল।
-মানু?
-হমমমম….
-তোমাৰ পৰা মই কি বিচাৰোঁ জানা ….!
-কি?
-মই বিচাৰো তুমি নিজৰ চিনাকি নিজেই হোৱা, যদি কালিলৈ কোনোবাই কয়-এয়া বুমনৰ পত্নী, তেতিয়া মোৰ যিমান ভাল লাগিব তাতোতকৈ বেছি ভাল লাগিব যেতিয়া কাৰোবাৰ আগত মই গৰ্বৰে ক’ব পাৰিম যে মই তোমাৰ স্বামী! বুজিলা নে ?
-ও…….তুমি কি চাই আছা নো?
-কেইবাদিনো নিউজবোৰ চোৱা নাই অ’ চাই লৈছিলোঁ।
-অ’!
-মানু, এই গুগুলত যে কথাবোৰ থাকে, মাজে মাজে পঢ়িবা চোন; বৰ ইনটাৰেষ্টিং জানা!
কথাষাৰ কৈয়ে সি লেপটপত খুচৰি খুচৰি ফটো কিছুমান উলিয়ালে।
-মানু চোৱাচোন…মোৰ এই ঠাইতে ঘৰ এটা বনাবলৈ মন আছে জানা। চোৱা কিমান ধুনীয়া ঠাই।
মানুৱে ফটোখন জুমি চালে। বৰ ধুনীয়া ঠাই।
-কোন ঠাইৰ ফটো এইখন?
-কেলিফৰ্ণিয়া!
-হা !! সেই ’টু টাউজেণ্ড টুৱেলভ’ নামৰ চিনেমাখনত দেখুৱাই যে, সেই ঠাইখন নে….??
-ও
-হে হৰি !! বাবা তোমাৰ সপোনবোৰ কিয় ইমান দূৰলৈ শিপায় হয় নে……?
-আৰে, সপোন দেখাত আপত্তি কি ?
-দস্তুৰমত আপত্তি নাই..|কিন্তু তুমি যি ঠাইৰ নাম ল’লা, সেই ঠাইত মই সপোনতো ঘৰ নবনাওঁ।
-হাৰে কিয় ?
-কিয় মানে? সেই চিনেমাখনত দেখুওৱা মনত নাই? পৃথিৱী ধ্বংস হ’লে বোলে প্ৰথমে সেইবোৰ ঠাইয়েই ধ্বংস হ’ব !!
-মানু !!
-আৰু শুনা, মই এতিয়া সপোন দেখোঁ- আমাৰ গাঁওত এটা ঘৰ হ’ব। য’ত সেই চিনেমাখনত দেখুওৱাৰ দৰে ডাঙৰ বানপানী আহিলেও আমি নমৰো….| কিয় মৰিম? আমি কিবা ভীম কলৰ ভূৰ সাজি ল’ম নহয়। চব ডুবিলেও ভীম কল কেতিয়াও নুডুবে জানা।
মানুৱে দুষ্টালিৰ হাঁহি এটা মাৰি বুমনৰ নাকটো জোকাৰি ক’লে। মানুৰ কথাত সিও হাঁহি উঠিল। দুহাতেৰে মানুক জোৰেৰে আকোৱালি লৈ ক’লে- তুমি এনেকৈ থাকিবা মানু। তোমাক মোৰ এনেকৈ ভাল লাগে।
-সঁচা নে…! বিদ্যা শপত খাই কোৱা?
-বিদ্যা শপত…! আৰু কোনোবা ভগৱানৰ নামত শপত খাব লাগে যদি কোৱা, শপত খাই দিম। তোমালোকৰ আকৌ ঢেৰ ভগৱান নহয়….!! আনকি সেই আকাশৰ গ্ৰহ কেইটাকো বাদ নিদিলা। ………….গ্ৰহৰবোৰৰ বিষয়ে জানানে মানু…?
-নাজানো ! তথাপি আজি ক’ব নালাগে।
-কিয়?
-ব’ৰ নকৰিবা না বাবা……!.
এইবাৰ বুমনে মানুৰ নাকটো জোকাৰি হাঁহিলে।

দিনবোৰ ভালপোৱা, ভাললগাৰ আৱেশেৰেই পাৰ হৈ গৈ থাকিল।
সেইদিনা দেওবাৰ। দেওবাৰ আবেলিটো বুমনৰ বৰ ভাল লাগে। মানুৰ সৈতে যে সময় কটাবলৈ পায়। দুপৰীয়া ভাত খাই কিতাপ এখন লৈ সি বাৰাণ্ডাতে বহি আছিল। কাম বন কৰি আজৰি হৈ মানুও তাৰ কাষতে বহিলহি। কুটুৰ-কুটুৰ কৈ চফ দুটামান চোবাই নিজৰ স্বভাৱসুলভ ভংগীৰে তাই নিজৰ মুখ খুলিলে
-বাবা জানা?
-হুওওও…. মই জানিলেচোন তুমি নোকোৱাই।
-ধেত, ধেমালি এৰাচোন।
-কোৱা।
-কালি মায়ে আমাৰ হৈ কোনোবা বাবা এজনক কিবা চোৱাইছিল হেনো।
-অ’…..
-মই জানো তুমি বিশ্বাস নকৰা, তথাপি মায়ে ক’বলৈ কৈছে কাৰণে কৈছোঁ- তোমাৰ শনি গ্ৰহটো বেয়া চলি আছে বোলে। মোৰ বিৰাট ভয় লাগিছে। তোমাক কিবা ধাতু এটাৰ আঙুঠি এটা পিন্ধিবলৈ কৈছে জানা। সেই বাবাৰ তাতে পাব বোলে।
মানুৰ কথা শেষ হ’বলৈ পালে কি নাপালে, বুমনে হো হোৱাই হাঁহি উঠিল। বুমনৰ হাঁহি দেখি মানুৰ মুখখন ফুলি বেলুনৰ দৰে হৈ পৰিল। তাকে দেখি বুমন অলপ শান্ত হ’ল।
-মানু….! মোৰ পত্নী হৈও তুমি এইবোৰ বিশ্বাস কৰিলে কেনেকৈ হ’ব নো….? তুমিচোন সকলোবোৰ জানাই…|
বুমনে মানুৰ চকুত চকু থৈ ক’লে।
-জানো জানো তথাপি কেতিয়াবা কিবা ভয় লাগি যায় অ’…|  তুমিয়ে যে মোৰ প্ৰাণ, মোৰ ক্ৰেডিট কাৰ্ড, এ,টি,এম!
-হ’ব হ’ব, হ’ব দিয়া মই আজি তোমাক সেই গ্ৰহবোৰৰ কথা ক’ম। শুনিবাতো?
-ও কোৱা।
বুমনৰ প্ৰস্তাৱটো শুনি মানুৰ ভিতৰি ভিতৰি খং উঠিল যদিও সমুখত সেয়া নেদেখুৱালে। আচলতে তাই বজাৰ কৰিবলৈ যোৱা প্ৰ’গাম বনাইছিল। বিগ বজাৰত বোলে বহুত কিবা কিবি ’ডিচকাউণ্ট’ দি আছে। এতিয়া নিজেই নিজৰ গলৰ জৰী বান্ধি ল’লে। বুমনৰ কথা নুশুনিলেও সি বেয়া পাব। গতিকে তাই চোফাখনত লেপেটি কাঢ়ি বহি ল’লে।
বুমনে লেপটপটো আনি ’অন’ কৰি ল’লে। তাৰ পাছত ফটো অলপ দেখুৱাই কৈ যাবলৈ ধৰিলে-তুমি জানানে, বিশ্বব্ৰহ্মাণ্ডখন ইমানেই ডাঙৰ যে তাত হাজাৰ হাজাৰ তাৰকা ৰাজ্য আছে। আৰু তেনে এখন তাৰকা ৰাজ্যৰ এটা সৰু অংশ হ’ল আমাৰ সৌৰজগত। এইখন বুধ গ্ৰহৰ ফটো চোৱা। এই গ্ৰহটোত কেৱল আইৰণ আছে। বহুত বেছি গধুৰ। সেইবাবে তাৰ মাধ্যাকৰ্ষণ শক্তি বহুত বেছি।
-অ’ তেতিয়া হ’লে বাবাজীবোৰে বুধ গ্ৰহ বেয়া হ’লে বুলি ক’লে মূৰত কিবা বোজা পৰা কথা কয় হ’বলা!
চকুৰ আগত বুধ গ্ৰহৰ সলনি বিগবজাৰ দেখি থকা মানুৱে বুমনৰ কথাত মাত লগালে। মানুৰ কথাত মিচিকিয়া হাঁহি মাৰি বুমনে আকৌ ক’লে-
-এইটো বৃহস্পতি। ই বৰ ডাঙৰ গ্ৰহ। সেইবাবে তাৰ মাধ্যাকৰ্ষণ শক্তি বহুত বেছি। আৰু সেইবাবে তাৰ উপৰিভাগ জুলীয়া হৈ থাকে। তালৈ যদি মানুহ যায় তেতিয়া মানুহটোৰ ওজন ইমান বাঢ়ি যাব যে থিয় হ’বই নোৱাৰিব।
-আয়ৈ…. বাবা মোৰ যদি কিবা চুপাৰ পাৱাৰ থাকিলহেঁতেন, তেতিয়া পৃথিৱীৰ গোটেই পাপী আত্মাবোৰ তাতে থৈ আহিলোগৈহেঁতেন!
-হয়নে ….? বাৰু এইটো শুক্ৰ গ্ৰহ। ইয়াক ’এংগৰি গডেছ’ বুলিও কোৱা হয়। তাৰ উপৰিভাগৰ উষ্ণতা প্ৰায় ৫০০ ডিগ্ৰী ছেলছিয়াছৰ আশে পাশে থাকে। তাত অনবৰতে হাজাৰ হাজাৰ আগ্নেয়গিৰি উদগীৰণ হৈ থাকে। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত বহুত বেছি ছালফাৰ গেছৰ এটা আৱৰণ আছে; যাৰ বাবে তাক অতি উজ্জল দেখা যায়।
-অ….তেতিয়াহ’লে শুক্ৰ গ্ৰহ বেয়া হ’লে তাবিজ বা আঙুঠি পিন্ধাই ভাল দেই বাবা …..
মানুৱে এইবাৰো নিজৰ ব্যাখ্যা নেৰিলে।
-ওওও তোমাৰো যে এই মুখ মানু! বাৰু এইটো চোৱা শনি গ্ৰহ। ই আচলতে এটা ডাঙৰ গেচৰ বল। আৰু শনিগ্ৰহৰ চাৰিওকাষে আবৰি থকা আঙুঠিটোত দেখিছা যে তাত আচলতে হাজাৰ হাজাৰ বৰফৰ টুকুৰা আদিয়ে তাৰ চাৰিওফালে ঘুৰি ফুৰে। আৰু সেই আঙুঠিও কিমান বহল জানা-আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কৈ বেছি।
এইবাৰ মানুৰ মুখ মেল খাই গ’ল। চকু দুটা ডাঙৰ কৰি তাই ক’লে-বাপৰে বাবা শনিটো কমতি বিপদজনক নহয় দেই…..! তুমি জলদি আঙুঠি পিন্ধিবা হ’লে। নহ’লে তাৰ শিল এটাই যদি আমাৰ ঘৰত পৰেহি, তেতিয়া?
-হেহ এইজনী…তাৰ এটুকুৰা বৰফ কিছুমান আমাৰ এখন এখন ৰাজ্যৰ সমান ডাঙৰ হয়।
-উৱা !!
-উৱা ক’ব নালাগে, এইফালে চোৱা এইটো ইউৰেনাচ, ই বহুত বেছি ঠাণ্ডা। আৰু এইটো নেপচুন, অশান্ত গ্ৰহ। শুক্ৰ গ্ৰহৰ নিচিনা একেই কিন্তু সিমান গৰম নহয়। এই গ্ৰহটোৰ নাম টাইটান। শনি গ্ৰহৰ উপগ্ৰহ। বহুত ঠাণ্ডা। ৰাতি হ’লে উষ্ণতা প্ৰায় মাইনাছ ১৫০ ডিগ্ৰী ছেলছিয়াছত থাকে। ইয়াৰ উষ্ণতা যদি পৃথিৱীৰ দৰে হৈ যায়, তেন্তে তাত মানুহ থাকিব পাৰিব পাৰে বুলি বিজ্ঞানীসকলে কৈছে জানা। তুমি জানানে মানু, যিকোনো এটা বস্তু মাইনাছ ২৭৩ ডিগ্ৰী উষ্ণতা থাকিলে বস্তুটো নোহোৱা হৈ যাব। লাগিলে সেয়া একো একোটা ডাঙৰ গ্ৰহেই হওক।
-…………….মই ইমান দিনে ভাবি আছিলোঁ- কেতিয়াবা যদি ক’ৰবাত ভগৱানক লগ পাওঁ আলাউদ্দিনৰ চাকিটো খুজিম। পিছে এতিয়া তোমাৰ কথাবোৰ শুনি যি দেখিছোঁ, মাইনাছ ১৭৩ ডিগ্ৰী উষ্ণতা সৃষ্টি কৰিব পৰা ঝড়ু কী চড়ী এডাল খুজিম। তেতিয়া মই এই দেশৰ ৰাণী হৈ যাম ….ন’বাবা……!
-মানু…..!!!
-কি ?
-মই কেতিয়াবা কি ভাবো জানা? মই কি সপোন দেখোঁ, তুমি মোতকৈ সাত গুণ বেছি জানা।
বাবাৰ কথাত মানুৱে তাৰ পিঠিত ভুকু এটা মাৰি ক’লে-
-তোমাৰ সংগদোষ বাবা।
-অ’কে অ’কে …! চবতকৈ ডাঙৰ কথাটো নুশুনা নেকি?
-কোৱা কোৱা, তোমাৰ কথা শুনিম বুলিয়েইতো কাণত মিঠাতেল ঢালি বহি লৈছোঁ।
-এটা হীৰাৰ গ্ৰহ পোৱা গৈছে জানা …..
-কি……. !! ইমান দেৰি সেইটোৰ কথাকে কোৱা নাই কিয়! তুমি মিছাতেই ইমান পঢ়া শুনা কৰিলা। জলদি কিবা যান এখন বনোৱা, আমি সেই হীৰাৰ গ্ৰহটোলৈ যাম…..!! মানে সপোনত সোনটো। কোৱা কোৱা ক’ত পাইছে?
-Cancer constellation পোৱা গৈছে। পৃথিৱীৰপৰা ৪০ আলোকবৰ্ষ দূৰৈত। ইয়াৰ উপৰি ভাগ হীৰা আৰু গ্ৰেফাইটেৰে গঠিত। ইয়াৰ উষ্ণতা ২,১৫০ ডিগ্ৰী ছেলছিয়াছ!
-ছেহ ! বৰ বেছি দূৰৈত পালে ন’ বাবা….? কোনোবা গ’লেও ঘূৰি আহি পৃথিৱীখন পাইনে নাপায় ঠিক নাই |….আৰু গৈ পায় মানে সেই গ্ৰহটো পাই গৈ নে নাপায় তাৰো ঠিক নাই ! ব্লেক হলবোৰে যিমানহে গ্ৰহবোৰ গিলে!
-বাহ ! মানু তুমি শিকিছাচোন ।
মানুৰ কথা শুনি বুমনে মুখ খন উজলি উঠিল ।
-শিকিছোঁ সোণটো, নহ’লে জানো তুমি মোক সুদাই এৰিবা। এতিয়া উঠা, বজাৰলৈ ওলোৱা। মই নাযাওঁ আৰু তুমিয়ে যোৱা। মিছা মাছ পালে আনিবাচোন।
মানুৰ কথাত বুমন বজাৰলৈ বুলি ওলাল। বজাৰৰ পৰা ঘূৰি আহোঁতে অকল মিছা মাছেই নহয় আৰু এবিধ ডাঙৰ মাছ লৈ উভতিল । ঘৰত সোমাইয়ে সি মানুক ক’লে-
-মানু আজি মাছৰ জোল কণ মই ৰান্ধিম দেই ।
বুমনে ভাল ৰান্ধে। গতিকে মানুৱে একেষাৰে সন্মতি দিলে। ৰাতি মানুৱে পাকঘৰত নিজৰ ৰান্ধিব লগীয়াখিনি ৰান্ধি বুমনক মাতিলে। বুমন লগে লগে হাজিৰ। মানুৱে পাকঘৰতো তাক গতাই দি টিভিৰ আগত বহিলগৈ।
-মানু মোৰ হৈ গ’ল।
আধাঘণ্টামানৰ পাছত বুমনে পাকঘৰৰ পৰা ওলাই আহি ক’লে। মানু তেতিয়া ছিৰিয়েল চোৱাত ব্যস্ত। ছিৰিয়েলখন শেষ হোৱাৰ পাছত তাই পাকঘৰত লাহেকৈ সোমালগৈ। বুমন পাকঘৰত সোমালে গোটেই পাকঘৰটো ছেদেলি-ভেদেলি কৰি পেলায়। তাই প্ৰথমে সেইবোৰ চিজিল লগাই ল’লে। তাৰ পাছত ডাইনিং টেবুললৈ ভাত- আঞ্জাবোৰ কঢ়িয়ালে। মিছা মাছখিনি ভাজি থোৱা বাতিটো টেবুলত থ’বলৈ লৈহে মানুৰ কপালখন কোঁচ খাই গ’ল। বুমনে মিছা খাই ভাল পায়, সেইবাবে সি পাকঘৰত সোমাৱা সময়ত তাই সেইটো একাষৰীয়াকৈ থৈ আহিছিল যাতে সি ৰান্ধি থাকোঁতেই সেইখিনি খাই শেষ নকৰে। এতিয়া খালি হৈ থকা বাতিটো দেখি তাইৰ অলপ খং উঠিল। পিছে মুখেৰে একো নকৈ বুমনক মৰমেৰে ভাত খাবলৈ মাতিলে। ভাত খাই থাকোঁতেই তাই লাহেকৈ মাত লগালে-জানা বাবা আজি আমাৰ পাকঘৰত ব্লেক হল এটাৰ সৃষ্টি হ’ল!
মানুৰ কথা একো বুজিব নোৱাৰি বুমনে প্ৰশ্নবোধক দৃষ্টিৰে তাইলৈ চালে। মানুৱে মুখত একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি বুমনৰ কাঁহীত মিছা মাছ দুটামান দি ক’লে-মানে এই ব্লেক হলটো মাজে য’তে-ত’তে সৃষ্টি হয়, আজি এই মিছা মাছৰ বাতিটোত হ’ল। চোৱাচোন, এপোৱা মাছৰ এশ গ্ৰামেই নাই!
বুমনে মুখলৈ নিব খোজা মিছা মাছটো আধাতে ৰৈ গ’ল। তাকে দেখি মানুৱে হাঁহি এটা মাৰি ক’লে-আয়ৈ মোৰ একমাত্ৰ নক্ষত্ৰটো ৰ’ব নালাগে, খোৱা খোৱা, মাছ কেইটাটো মই সেইটি ব্লেক হলৰ বাবেই ভাজিছিলোঁ, গতিকে খোৱা।
-মানু…
বুমনে কিবা এটা ক’ব খুজিছিল, পিছে মানুৱে হাতখন ধোৱাৰ চলেৰে আঁতৰি গল। তাক সুবিধাই নিদিলে। ভাত খাই বুমনে শোৱা  কোঠাত তাইৰ বাবে বৰ আগ্ৰহেৰে ৰৈ থাকিল। আজৰি হৈ মানু কোঠাত সোমোৱাৰ লগে লগে বুমনে তাইক সাবটি ধৰিলে।
-মানু….
-কোৱা আক’, মই দিনক দিনে বৰ টেঙৰ হৈ গৈছোঁ।
মানুৱে চকু দুটা পিৰিকিয়াই ওলোটাই তাকহে সুধিলে। তাৰ পাছত তাৰ হাতৰপৰা মুকলি হৈ কাষৰ টেবুলৰ পৰা কিবা এটা আনিলে। এখন চি়ডি। সেইখন বুমনৰ হাতত দি ক’লে-
-মোকটো আজি বজাৰলৈ যাবলৈ সুবিধাই নিদিলা। কিমান যে কি ভাবি থৈছিলোঁ। ভাগ্য এইখন ডাউনলোড কৰি চিডি বনাই থৈছিলোঁ। ’দা জাৰ্নি টু দা এইডজ অফ দি ইউনিভাৰ্চ’ (Journey to the Edge of the Universe), আকাশৰ কথা! প্ৰথম বিবাহ বাৰ্ষিকীৰ শুভকামনা জনালোঁ বাবা !
বুমনেও পিঠিৰ ফালে লুকুৱাই ৰখা উপহাৰটো মানুৰ হাতত দি চকুত চকু থৈ ক’লে-আমাৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ শুভকামনা তোমাকো জনালোঁ মানু। মোৰ বাবে তুমিয়েই যে মোৰ বাবে আকাশ।
মানুৱে বুমনক সাৱটি ধৰি ক’লে- আৰু মোৰ বাবে তুমি মোৰ আকাশেই নহয় মোৰ ইউনিভাৰ্ছ, গেলেক্সী- সকলোবোৰ জানা।
বুমনৰ আৰু মানু দুয়োৰে মুখত এটা হাঁহি বিৰিঙি উঠিল।  এই হাঁহিয়েই সেই হাঁহি যি প্ৰাপ্তিৰ সাক্ষৰ কঢ়িয়াই লৈ ফুৰে।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ফেব্ৰুৱাৰী 8, 2013, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: