প্ৰেম ইন্‌ষ্টল কৰাৰ উপায় : গীতাৰ্থ বৰদলৈ

মূল: এন মেক্‌ডগেল

উৎস: ইণ্টাৰনেট

অনুবাদ: গীতাৰ্থ বৰদলৈ

কাৰিকৰী সহায়ক: ম‍ই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?

গ্ৰাহক:  বহুত গুণা-গঁথা কৰাৰ পিছত ম‍ই প্ৰেম ইন্‌ষ্টল কৰাৰ সিদ্ধান্ত লৈছোঁ। আপুনি মোক

কেনেকৈ কৰিব লাগে সেয়া দেখুৱাই দিব পাৰিবনে?

সহায়ক: হয়। ম‍ই আপোনাক সহায় কৰিম। আপুনি আগবাঢ়িবলৈ সাজুনে?

গ্ৰাহক: হমম…ম‍ই কাৰিকৰী কথা ইমান নাজানো, কিন্তু ম‍ই সাজু। প্ৰথমে ম‍ই কি কৰিম?

সহায়ক: প্ৰথম খোজটো  হৈছে নিজৰ হৃদয়খন বিচাৰি উলিওৱা। আপুনি নিজৰ হৃদয়খন

বিচাৰি পাইছেনে?

গ্ৰাহক: হয়, পালোঁ। কিন্তু তাত আন কেইবাটাও প্ৰ’গ্ৰেম ৰান্‌ হৈ আছে। সেইবোৰ চলি

থাকোঁতে প্ৰেম ইন্‌ষ্টল কৰা ভাল হ’বনে?

সহায়ক: কি কি প্ৰ’গ্ৰেম ৰান্‌ হৈ আছে?

গ্ৰাহক: মোৰ অতীতৰ দুখ আছে, আত্মবিশ্বাস কমি আছে, খং আৰু অনুতাপো চৰম সীমাত

আছে।

সহায়ক: কোনো কথা নাই। প্ৰেমে লাহে লাহে আপোনাৰ অতীতৰ দুখ পাতলাই আনিব।

আপোনাৰ স্থায়ী স্মৃতিত ই থাকি যাব পাৰে। ভয় নকৰিব, আন প্ৰ’গ্ৰেমবোৰত আউল

নলগায়। প্ৰেমে নিজাকৈ উচ্চ আত্মবিশ্বাস নামৰ এটা ম’ডিউলৰ সহায়ত শেষত নিম্ন

আত্মবিশ্বাসক আঁতৰাই পেলাব। কিন্তু এইখিনি কৰাৰ আগতে আপুনি খং আৰু

অনুতাপক সম্পূৰ্ণকৈ টাৰ্ন অফ কৰিব লাগিব। এই প্ৰ’গ্ৰেমকেইটাই প্ৰেমৰ সফল

ইন্‌ষ্টলেছনক ব্যাঘাত জন্মায়। আপুনি সেই দুটাক বন্ধ কৰিব পাৰিবনে?

গ্ৰাহক: ম‍ই সেই দুটা টাৰ্ন অফ কৰিব নাজানো! কেনেকৈ কৰিম ক’বনে?

সহায়ক: নিশ্চয়। আপোনাৰ ষ্টাৰ্ট মেনুলৈ যাওক আৰু “ক্ষমা” সক্ৰিয় কৰক। খং আৰু

অনুতাপ সম্পূৰ্ণকৈ মচ নোখোৱালৈকে এই কামটো বাৰে বাৰে কৰি থাকক।

গ্ৰাহক: কৰিলোঁ! প্ৰেম নিজে নিজে ইন্‌ষ্টল হ’বলৈ ধৰিছে? এইটো আচৰিত হ’বলগীয়া কথা

নহয়তো?

সহায়ক: নহয়। এনে হ’ব পাৰে। কিন্তু মনত ৰাখিব যে আপোনাৰ কেৱল বে’ছ প্ৰ’গ্ৰেমহে

আছে। আপ্‌গ্ৰে’ডসমূহৰ বাবে আপুনি আন আন হৃদয়ৰ লগত সম্পৰ্ক স্থাপন কৰিব

লাগিব।

গ্ৰাহক: অহ্‌! এটা ত্ৰুটি বাৰ্তা আহিলেই। ইয়াত লিখা আছে, “ত্ৰুটি- বাহিৰা অংশত প্ৰ’গ্ৰেম

ৰান্‌ নহয়। ম‍ই কি কৰিম?”

সহায়ক: চিন্তা নকৰিব। ইয়াৰ অৰ্থ হ’ল যে প্ৰেম প্ৰ’গ্ৰেমটো আভ্যন্তৰীণ হৃদয়ত চলিবলৈ

সজোৱা হৈছে। আপোনাৰ হৃদয়ত এতিয়ালৈকে এইটো চলোৱা হোৱা নাই।

কাৰিকৰী  শব্দ বাদ দি ক’বলৈ গ’লে আপুনি আনক ভাল পোৱাৰ আগতে নিজকে

ভাল পাব লাগিব।

গ্ৰাহক: তেনেহ’লে কি কৰা যায়?

সহায়ক: “আত্মবিশ্লেষণ” মেনুখন নমাই আনক। তাৰপিছত এইকেইটা ফাইলত ক্লিক

কৰক: নিজকে ক্ষমাদান, নিজৰ মূল্যাংকন আৰু নিজৰ সীমাবদ্ধতাৰ উপলব্ধি।

গ্ৰাহক: কৰিলোঁ।

সহায়ক: এতিয়া ফাইলকেইটা “মোৰ হৃদয়” ডিৰেক্টৰীলৈ কপী কৰক। ছীষ্টেমে আগৰ

গণ্ডগোলীয়া ফাইলবোৰ আঁতৰাই ত্ৰুটিপূৰ্ণ প্ৰ’গ্ৰেমিঙৰ মেৰামতি আৰম্ভ কৰিব।

লগতে আপুনি সকলো ডিৰেক্টৰীৰ পৰা “অত্যধিক আত্ম-সমালোচনা” ডিলিট কৰিব

লাগিব। ই আকৌ কেতিয়াও ঘূৰি আহিব নোৱাৰাকৈ ৰিচাইকেল বিনো খালী কৰি

পেলাওক।

গ্ৰাহক: কৰা হ’ল। হেই! মোৰ হৃদয়ত নতুন ফাইল কিছুমান সোমাইছে। মোৰ মণিটৰত

হাঁহি বিৰিঙি উঠিছে। গোটেই হৃদয়তে শান্তি আৰু সন্তুষ্টি কপী হ’বলৈ ধৰিছে। এনে

হোৱাটো সাধাৰণনে?

সহায়ক:  মাজে মাজে এনে হয়। আন বহুতৰে এনে হওঁতে সময় লাগে। কিন্তু সকলোৱে

উপযুক্ত সময়ত ইয়াক লাভ কৰেই। গতিকে আপোনাৰ হৃদয়ত প্ৰেম ইন্‌ষ্টল হ’ল

আৰু সফলতাৰে চলিবলৈ ধৰিছে।

আমাৰ বাৰ্তালাপ শেষ কৰাৰ আগতে আৰু এটা কথা কওঁ। প্ৰেম এটা বিনামূলীয়া

প্ৰ’গ্ৰেম। আপুনি লগ পোৱা সকলোৰে মাজত প্ৰেম আৰু ইয়াৰ বিভিন্ন অংশকেইটা

বিলাবলৈ নাপাহৰিব। তেওঁলোকে আনৰ লগত সেয়া বিনিময় কৰি আপোনালৈ আৰু

ভাল ভাল ম’ডিউল লৈ আনিব পাৰে।

গ্ৰাহক: আপোনাক অশেষ ধন্যবাদ। ভগৱানকো!

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on জানুৱাৰী 10, 2013, in গল্প. Bookmark the permalink. 4 মন্তব্য.

  1. ভাল লাগিল পঢ়ি । এটা ব্যতিক্রমী লিখা ।

  2. Dhuniya..kathopakathan2r majere bohuto kotha janibo pora hoise..

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: