প্ৰাথমিক শিক্ষা আৰু অসম : দুষ্মন্ত মহন্ত

বৰ্তমান অসমত চলি থকা চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ অৱস্থা অতিকৈ পুতৌ লগা হৈ পৰিছে। বিদ্যালয়ৰ আন্ত:গাথনি,শিক্ষকৰ সমস্যা,মধ্যাহ্ন ভোজন আদি বহু সমস্যা এই বিদ্যালয় বোৰত বিদ্যমান।এজন বা দুজন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাবলৈ চেষ্টা কৰা কাৰ্য প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক প্ৰহসনহে মাথো।এই নিম্ন পৰ্যায়ৰ প্ৰাথমিক বিদ্যালয় সমূহত ছটাকৈ শ্ৰেণী থাকে।একে সময়তে মাতৃভাষা,গণিত,ইংৰাজী,পৰিবেশ অধ্যয়ন,কলা,বিজ্ঞান আদি বিষয়সমূহ এই বিদ্যালয় বোৰত শিশু সকলে শিকিব লাগে।ছটা শ্ৰেণীৰ বিপৰীতে দুজন শিক্ষক মানেই চাৰিটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱা। এজন শিক্ষকক জোৰ কৰি একেলগে বহু শ্ৰেণীত পাঠৰ আদান-প্ৰদান প্ৰক্ৰিয়াৰ লগত জড়িত কৰোৱাটো কেতিয়াও গ্ৰহণ যোগ্য নহয় বা হ’ব নোৱাৰে।ইয়াৰ ওপৰিও বিদ্যালয়ৰ শিক্ষক সকলক মাজে সময়ে বিভিন্ন কামত নিয়োজিত কৰা দেখা যায়। বিদ্যালয় এখনৰ শিক্ষকসকলে পাঠদানৰ লগতে অন্যান্য বহুতো দিশৰ চোৱাচিতা কৰিব লাগে। বিশেষকৈ প্ৰতি তিনি মাহৰ মূৰে মূৰে মূল্যায়ন কৰা  আৰু ইয়াৰ তথ্য সমূহ লিপিবদ্ধ কৰাৰ লগতে প্ৰতিবেদন আদি দাখিল কৰিব লাগে।কিমান ল’ৰা আৰু ছোৱালীয়ে এ+,এ,বি,চি,ডি আদি গ্ৰেড পাইছে তথ্যবোৰ দিয়াৰ উপৰিও গড় হিচাপত বিষয়ৰ গ্ৰেড আৰু স্কুল গ্ৰেড আদি উলিয়াই দেখুৱাব লাগে বাবে শিক্ষক সকলকৰ অযথা মূল্যৱান সময়ৰ অপচয় হয়।এনেয়ে পৰ্যাপ্ত শিক্ষকৰ অভাৱ তাতে আকৌ এনেবোৰ কামৰ লগত জড়িত হ’ব লগা হৈ বহু মূল্যৱান সময়ৰ অপচয় হোৱাৰ ফলত এই বিদ্যালয়বোৰৰ শিশুসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দেখা যায়।বৰ্তমান চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত কোন শ্ৰেণীৰ লোকৰ সন্তানে নাম ভৰ্তি কৰায়?নিশ্চ্য় সধাৰণ দুখীয়া শ্ৰেণীৰ লোকৰ সন্তানেহে নাম ভৰ্তি কৰায়।এই শ্ৰেণীৰ লোকসকলে কোনো ধৰণৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ সন্তানৰ শিক্ষা আহৰণৰ ব্যৱস্থাকণ কৰি দিব নোৱাৰে।অসমত এনে উদাহৰণ আছেনে য’ত কোনো মন্ত্ৰী, বিধায়ক বা উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ সন্তানে বৰ্তমান কোনো চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পাঠ গ্ৰহণ কৰি আছে? ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হোৱা নাই নে যে বৰ্তমান চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ মান বহু নিম্নগামী হৈছে? কিন্তু এটা কথা ঠিক যে, শতকৰা আঠান্নৱৈ ভাগ সাধাৰণ দুখীয়া শ্ৰেণীৰ সন্তানেহে এনে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পাঠ গ্ৰহণ কৰি আছে।অসমৰ এই সাধাৰণ দুখীয়া শ্ৰেণীৰ লোক সকলে কেতিয়াও গাঠিৰ ধন ভাঙি আন বিদ্যালয়ত নিজৰ সন্তানৰ নাম লগাই দিব নোৱাৰে।

আনহাতেদি বিদ্যালয়ৰ আন্ত: গাঠনিলৈ চালে দেখা যায় এই বিদ্যালয়ৰ ভৱনবোৰ বিদ্যালয়ৰ বাবে পৰ্যাপ্ত নহয়।যিবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পঞ্চাছ বা ক’ম,তেনে বিদ্যালয়ত বিছ ফুট বহল আৰু চল্লিছ ফুট দীঘল ঘৰটোত আপুনি কেনেদৰে ছ্টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিব?এখন ডেক্স যদি ছয় ফুট দীঘল হয়, ছ্টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহিবৰ বাবে ছয় শাৰী ডেক্স ক’ত থ’ব? নে একে শাৰীতে একাধিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিব?আনহাতেদি প্ৰতি দুশাৰী ডেক্সৰ মাজত অন্তত: তিনি ফুট ঠাই ৰাখি যাবও লাগিব। একে শাৰীতে একাধিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহিবলৈ দি পাঠদান কৰিবলৈ যোৱাটো কিমান সমিচীন হৈছে?এই ক্ষেত্ৰত এখন বিদ্যালয়ত কেনে ধৰণৰ পৰিবেশ ৰচনা হয় এবাৰ কল্পনা কৰি চাওকচোন বা নিজে অন্তত: এবাৰ আহি চালেহে এই কথা উপলব্ধি কৰিব পাৰিব।

বৰ্তমান যুগত এই বিদ্যালয় সমূহত অন্তত: গৰমৰ দিনত ফেনৰ ব্যৱস্থা নথকাতো কিমান লজ্জ্বাজনক।যদি এই শিশুসকলে গৰমৰ দিনত কোনো ফেনৰ সুবিধা পাব নালাগে তেনেহ’লে আপুনি এবাৰ গৰমৰ দিনত নিজৰ ফেনখন বন্ধ কৰি চাবচোন কেনে অসহ্য পৰিস্থিতি হয়।বহু বিদ্যালয়ত আকৌ বিশুদ্ধ খোৱা পানীকণেই অভাব।দেখাত কিন্তু দমকল আছে। পাছে আইৰণ/আৰ্চেনিকযুক্ত।দমকল এটা বহুৱাই দিলেই যে খোৱাপানীকণ হৈ গ’ল এই কথা কিন্তু আমাৰ কণ কণ শিশুসকলে অন্তত: ভালদৰেই জানে।প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত শিশু সকলক এনেদৰে তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেনেকৈ বঞ্চিত কৰোৱাটো কিমন যুক্তি সন্গত হৈছে?

এখন বিদ্যালয়ত কি পৰিবেশত কণ কণ শিশুৱে মধ্যাহ্ন ভোজন কৰিব লগা হৈছে মন কৰিছেনে?বিদ্যালয়বোৰত নাই কোনো ভোজনালয়ৰ ব্যৱস্থা।বাৰিষা এজাক বৰষুণ দিলেই ভীষণ অসুবিধা হোৱা পৰিলক্ষিত হ্য় এই কণ কণ শিশু সকলৰ খোৱা-বোৱাত।

এই সমস্যাৰাজি সমাধান নহ’লে আমাৰ সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ শিশু সকলৰ শিক্ষাৰ দিশত উত্তৰণ হ’ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।গতিকে চৰকাৰে এই ক্ষেত্ৰত সততাৰে বিবেচনা কৰিলেহে অসমত মানৱ সম্পদৰ উন্নয়ন হ’ব বুলি আশা কৰিব পাৰি।অৱশ্যে ইয়াৰ বাবে সদিচ্ছাৰো প্ৰযোজন ||

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 8, 2012, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: