নানা পাটেকাৰৰ এটি সংলাপ আৰু কিছু বিক্ষিপ্ত চিন্তা : অনুপল গগৈ

বহুত দিনৰ আগতে নানা পাটেকাৰৰ এখন ছবি চাইছিলো৷ প্ৰহাৰ নামৰ ছবিখনত অভিনয়ৰ লগত পৰিচালনাও তেখেতৰেই আছিল৷ আজি হঠাতে ছবিখনৰ এটা সুন্দৰ সংলাপ মনত পৰি গ’ল৷ ছবিৰ শেষৰ ফালে ন্যায়ালয়ৰ কাঠগড়াৰ পৰা নানা পাটেকাৰৰ উদাত্ত কন্ঠত সংলাপ “বিনামূল্যত পোৱা স্বাধীনতাৰ বাবে বহুতেই স্বাধীনতাৰ প্ৰকৃত অৰ্থ বুজি নোপোৱা হৈছে”৷ সংলাপৰ শেষত দৰ্শকৰ সুহুৰি আৰু হাতচাপৰি ৷

সঁচাকৈ কি সুন্দৰ সংলাপ৷ হাজাৰ মুক্তিযোদ্ধাৰ তেজেৰে লিখা এই স্বাধীনতাৰ আজি মূল্য কিমান?

গান্ধীজীৰ এই সংগ্ৰামত কি অৱদান তাক কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু গান্ধীজীক লৈ আমাৰ ঠাট্টা মস্কৰাৰ অন্ত নাই৷ বহুতে দেশ বিভাজনৰ আৰু বৰ্তমান দেশৰ দুৰৱস্থাৰ মূল দোষী গান্ধীজী বুলিও কয় ৷ আচলতে সম্যক জ্ঞান নথকা লোকসকলেহে এনে টুলুঙা মন্তব্য কৰে ৷ কিছুমানে আকৌ তেখেতৰ নামত ৰাজনীতি কৰি ৰাজপাট খাই আছে ৷

যি কি নহওক মূল কথাটো হৈছে ক’লা ধন আৰু জন্মগতে লাভ কৰা স্বাধীনতাৰ অপব্যৱহাৰ কৰা লোকসকলক চাগে সকলো সচেতন লোকে লক্ষ্য কৰিছে ৷

আনহাতে গণতন্ত্ৰৰ অপব্যৱহাৰ কৰিবলৈ পাবত গজা দল সংগঠন সমূহতো আছেই ৷ যাৰ মন গৈছে সিয়েই যিকোনো বিষয়ক লৈ অহৈতুক বিতৰ্ক, ধৰ্ণা, বন্ধ, অনশন কৰিছে আৰু নিজৰ অস্তিত্ব জাহিৰ কৰিছে ৷

মোৰ এজন বন্ধুৱে কৈছিল আমি ভাৰতীয়বোৰ হেনো বৰ ভাল অনুগামী ৷ নিজৰ বিবেক বুদ্ধিৰে বিচাৰ কৰাতকৈ বেলেগক অনুসৰণ কৰি ভাল পাওঁ ৷ সেয়ে আমাৰ নেতা পালি নেতাৰ অভাৱ নাই ৷ গণতন্ত্ৰৰ দোহাই দি যাৰ যি মন যায় তাকেই কৰাৰ ফলত এক বিশৃংখলাৰ সৃষ্টি হৈছে , অৰাজকতাৰ সৃষ্টি হৈছে৷

এই সকলো সমস্যাৰ এক সহজ সৰল উদাহৰণো কিন্তু প্ৰহাৰ ছবি খনৰেই আন এটা সংলাপৰ যোগেদি নানা পাটেকাৰে দিছে ৷ সকলো ভাৰতীয়ৰ বোলে দুই চাৰি বছৰৰ বাবে সেনা বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰিব লাগে বুলি কৈছে নানা পাটেকাৰে৷ কথাটো পিছে নোহোৱা নহয়৷ সেনাৰ নিয়মানুৱর্তিত অনুশাসনত দুই চাৰি বছৰ কটোৱাৰ পিছত সকলোৱে মোৰ বোধেৰে শৃংখলাবদ্ধভাবে জীৱন কটাব আৰু স্বাধীনতাৰ মূল্য অলপ হ’লেও বুজিব৷

দেশখন যি দিশত আগবাঢ়ি আছে কেতিয়াবা এনে লাগে যেন ভবিষ্যতে ধনী আৰু দুখীয়াৰ মাজত ভাৰতখন স্পষ্ট ভাবে বিভাজিত হৈ পৰিব ৷ আমাৰ দৰে মধ্যবিত্ত নাথাকিবই চাগে ৷ ঠিক হলীউডৰ বহু ছবিত দেখুওৱাৰ দৰে এক ধনী বিলাসী জগত আৰু এক দুখীয়া অপৰাধৰ ক’লা জগত আৰু এই দুই পক্ষৰ মাজত অস্তিত্বৰ যুঁজ ৷

কেতিয়াবা এজন সাম্যবাদী বন্ধুৰ কিছুমান কথাও মনত পৰে৷ তেওঁৰ মতে সাম্যবাদে ব্যক্তি স্বাধীনতাত অলপ বেয়া প্ৰভাৱ পেলাব যদিও দেশ আৰু দহৰ ভালৰ বাবে এইকণ ত্যাগ কৰিবই লাগিব৷

উদাহৰণস্বৰূপে বন্ধুৱে কয়, “চা স্কুলত থাকোঁতে কিমান শাসনত আছিলি, ব্যক্তি স্বাধীনতা নাছিল কিন্তু কলেজত পাই কি হ’ল ক্লাছ নকৰি চিনেমা চাব ললি” ৷

দেশৰ আৰু দহৰ কাৰণে ত্যাগ কৰাটো মহান তেন্তে আমি সকলোৱে মিলি এটা সুন্দৰ ভবিষ্যতৰ বাবে অলপ ত্যাগ কৰিব নোৱাৰিম নে?

এজনে মাছে মঙহে আৱা আথানি কৰি খাব আৰু দহ জনে লঘোণে শুব ই কেনে কথা? ???

বহুতৰ মতে মই সাম্যবাদক সমৰ্থন কৰোঁ কাৰণ মই মধ্যবিত্ত , ধনী হোৱা হ’লে ধনতন্ত্ৰক সমৰ্থন কৰিলোহেঁতেন৷ এই কথাষাৰৰ সত্যতা ধনী হ’লেহে গম পাম !

কিন্তু ভাৰতৰ দৰে এখন ভৌগোলিক আৰু জৈৱ বিচিত্ৰ দেশত জানো ই প্ৰযোজ্য হ’ব?

যিয়েই হওক আমাক ফিডেল কেষ্ট্ৰোৰ দৰে এজন নেতা লাগে বাকী পিছত দেখা যাব ৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on ডিচেম্বৰ 8, 2012, in প্রবন্ধ. Bookmark the permalink. 4 মন্তব্য.

  1. সুন্দৰ চিন্তা । পঢ়ি ভাল লাগিল যদিও মই একমত হব নোৱাৰিলো

  2. ধন্যবাদ ধীৰাজ ৷ লেখাটি মোৰ নিজস্ব অনুভৱ৷

  3. লেখাটি পঢ়ি ভাললগা বাবে ধন্যবাদ ৷ লেখাটোত মোৰ নিজস্ব অনুভৱ প্ৰকাশ কৰিছো৷

  4. Val lagil porhi..nana patekar’r songlap2 juktipurna.protijon varotioi ebar senabahinit vorti hobo loga kotha2 eta natun sinta..vabibor bohukhini thol ase tat…

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: