প্ৰথম প্ৰেম : ধ্ৰুব জ্যোতি বৰা

“ এইবাৰ মঞ্চত নিজৰ চিনাকি দিবলৈ চন্দন বৰাক অনুৰোধ জনালো ।”

ভয়ে ভয়ে চন্দন মঞ্চলৈ উঠি গল । পুৰ্ব নিৰ্ধাৰিত নিয়ম অনুযায়ী সি তাৰ নাম আৰু ঠিকনা কৈ শেষ কৰিলে । তাৰ পাছতে আৰম্ভ হল ইফৰমেল(informal) চিনাকি ।

“ও, এতিয়া কোৱা তোমাৰ কোনোবা আছেনে নাই ?”

প্ৰথমতো প্ৰশ্ন নিক্ষেপ কৰিলে কাষতে ৰৈ থকা নবাগতা আদৰনি সভাখন আগবঢ়াই নিয়া ছিনিয়ৰ দাদা এজনে ।

“মানে ? আপুনি কি কৈছে মই ভালদৰে বুজি পোৱা নাই ।”

“আবে, তোৰ কোনোবা girlfriend আছেনে নাই ?” আগফালে বহি থকাৰ পৰা কোনোবা এটাই চিঞৰি দিলতহে সি আচল কথাতো গম পালে ।

“নাই ।”

“নে মিছাকে কৈছা ? লাজ কৰিব নালাগে । আমি ইয়াত চা-চিনাকি হৈ হোষ্টেলৰ সকলোবোৰ লৰাই এখন ঘৰৰ নিচিনা পৰিবেশ এটাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো । তাৰ বাবে দুই-এটা ব্যক্তিগত কথা সোধা হবই । বেয়া পাইছা নেকি ?”

“নাই । বেয়া পোৱা নাই ।……… মানে বৰ্তমান সময়ত নাই ।”

গোটেই হল ঘৰটোতে এটা হাঁহিৰ ৰোল উঠিল । হাঁহি হাঁহি কাষতে ৰৈ থকা ছিনিয়ৰ দাদাজনে আকৌ সুধিলে,

“মানে আগতে আছিল ?”

“তেনেকুৱাই বুলি ভাবিব পাৰে ।”

“পিছে কেইজনী মান আছিল ? দেখাত তো এজনীতে ফছি থাকিবা যেন লগা নাই ।” দাদাজনৰ সেইপাত প্ৰশ্নবানত চন্দনৰ অলপ আগতে লাগি থকা ভয় ভাবতো একেবাৰে নাইকিয়া হৈ গল ।

“ঠিকেই কৈছে আপুনি । দহৰ ওপৰ হল যেনেই লাগে মাজে মাজে । হিচাপ কৰিলে পাপে চুব বুলি কৰা নাই । যত যেনেকে পাইছো, ফছাই গৈছো আৰো ।”

গোটেই হলঘৰটো আকৌ হাঁহিৰে উপচি পৰিল । মাজে মাজে দুটামানৰ উকি কেইটামানো তাৰ কাণত পৰিলহি । হাঁহি হাঁহি ছিনিয়ৰ দাদাজনে আকৌ সুধিলে,

“তোমাৰ প্ৰথম প্ৰেমিকাৰ নাম কি ?”

প্ৰশ্নটো শুনাৰ লগে লগে স্তব্ধ হৈ পৰিল চন্দন । যেন বুকু ভেদি গল তাৰ সেইপাত আমোঘ অস্ত্ৰই । যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি সি নিজেই আগদিনা ৰাতি উজাগৰে কটাইছিল, সেই একেটা প্ৰশ্নৰে মুখামুখী হবলগীয়া হল সি ।

সচাকৈয়ে চন্দনৰ প্ৰথম প্ৰেমিকা কোন আছিল বাৰু ? কস্ত্তৰী, যাৰ বাবে তাৰ হৃদয়ত জাগি উঠিছিল সেই স্বীকৃতিহীন সাত বছৰীয়া ভালপোৱা, নে প্ৰেমৰ সাগৰত তাক উটুৱাই লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰি অন্তৰ্ধ্যান হোৱা সেই কাবেৰী ? নিজকে সি বহুবাৰ প্ৰশ্ন কৰে, আচলতে সি কাক বেছি ভাল পাইছিল বাৰু ? ক্স্ত্তৰীক নে কাবেৰীক ? মনত এই প্ৰশ্নটো উত্থাপিত হলেই সি পাহৰি যাই বৰ্তমানৰ কথা । ঘূৰি যাই তাৰ সেই সোণালী (?) অতীতলৈ ।

কস্ত্তৰীক বাৰো সি কেতিয়া প্ৰথম লগ পাইছিল ? ষষ্ঠ শ্ৰেণীত…….নে তাৰ আগতেই ? হয়, ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই সি তাইক প্ৰথম লগ পাইছিল । তাৰ আজিও মনত আছে কস্ত্তৰীক লগ পোৱা সেই প্ৰথম দিনটোৰ কথা । যৌবনত ভৰি নিদিয়া এটা অপৈণত লৰা আছিলা যদিও তেতিয়াই তাৰ হৃদয়ত কস্ত্তৰীৰ প্ৰতি দুৰ্বলতাৰ ভাব জাগি উঠিছিল । বেছিভাগ সময়তে সি তাইৰ কথা ভাবি ভালপোৱা হৈছিল । সেয়ে, লগৰবোৰে তাক কস্ত্তৰীৰ লগত জোৰা দিবলৈ আৰম্ভ কৰিছিল । প্ৰেমৰ অৰ্থ বুজি নোপোৱা ষষ্ঠশ্ৰেণীৰ চন্দনৰ ওপৰত এই কথাই বিপৰীত ভাবে ক্ৰিয়া কৰিলে । সমনীয়া সকলক মিছা বুলি প্ৰমণিত কৰিবৰ উদ্দেশ্যে সি তাইৰ পৰা আতৰি ফুৰিবলৈ ধৰিলে । তাইৰ মনৰ কথা বুজি পাইয়ো সি তাইক পত্তা নিদিয়া হল ।

হাইস্কুলীয়া জীৱনতহে সি তাইৰ অভাব অনুভব কৰিলে । বুজি পালে প্ৰেমৰ আচল সংজ্ঞা । আৰম্ভ হল, তাইক ওচৰত নাপাই হোৱা বিৰহৰ বেদনা । কিন্ত্ত, তেতিয়ালৈ কস্ত্তৰী তাৰ পৰা বহু দূৰলৈ আতৰি গৈছিল । দুয়োৰে হাইস্কুল বেলেগ হোৱাত কস্ত্তৰী চন্দনৰ চকুৰ আগৰ পৰা আতৰি গৈছিল । তথাপিও সি তাইক পাহৰি যোৱা নাছিল । আগতকৈ দুগুণ জোৰত ভাল পাই পেলাইছিল সি তাইক । হিয়াৰ মাজত তাইক বহুৱাই লৈ আৰম্ভ কৰিছিল তাইক লগ পাবলৈ ভগবানৰ ওচৰত উপৰ্যুপৰি প্ৰাৰ্থনা । অৱশেষত সন্পূৰ্ণ পাচ বছৰৰ পাছত ক্স্ত্তৰীক দেখা পোৱাৰ সৌভাগ্য ঘটিল চন্দনৰ । কিন্ত্ত, সেইজনী যেন তাৰ মনৰ কস্ত্তৰী জনী নহয় ।………..বহুত সলনি হল তাই । সন্পূৰ্ণৰুপে পাহৰি গৈছিল তাক । এসময়ত তাৰ প্ৰেমত হাবু-ডুবো খাই থকা ক্স্ত্তৰীজনীক তেতিয়া দেখি চন্দনৰ আচৰিত লাগিল । নিজৰ ওপৰতে খং উঠিল তাৰ । সিনো কিয় যোৱা পাচ বচৰে কেৱল তাইৰ কথাকে ভাবি থাকিল ? যেন তাৰ বাহিৰে গোটেই পৃথিৱীখনেই সলনি হৈ গল । এটা প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ গল সি । নাই, এইয়া হবই নোৱাৰে । কস্তৰীয়ে তাক কেতিয়াও পাহৰিব নোৱাৰে । সি যেনেকৈ তাইৰ বাবে গোটেই হৃদয় খন সাচি থৈচে, তায়ো নিশ্চয় তাৰ বাবেই ৰৈ আছে । তাৰ ভাব হল, কস্ত্তৰীৰ এই আচৰণ নিজৰ প্ৰিয়জনৰ ওচৰত কৰা খন্তেকীয়া অভিমানহে । সেইবাবে, সি তাইৰ ওচৰ চপাৰ সিদ্ধান্ত ললে । কিন্ত্ত, হায়াৰ চেকেণ্ডেৰীৰ বিয়লী বেলাত যেতিয়া সি গম পালে যে, তাই ইতিমধ্যে বেলেগৰ প্ৰেমৰ বান্ধোনত বান্ধ খাই গৈছে, তেতিয়াহে সি তাইৰ মনৰ কথা বুজি পালে ।তাৰ বুকুত ফুলিবলৈ ধৰা গোলাপৰ কলিটো নিমিষতে মৰহি গল । পুৱাৰ হেঙুলী কিৰণ গুচি তাৰ মনৰ আকাশত কলীয়া ডাৱৰে ছানি ধৰিলে । চৌদিশে যেন কেৱল আন্ধাৰ আৰু আন্ধাৰ । অন্ধকাৰকে সাৰথি কৰি উদ্দেশ্যবিহীন ভাৱে সি ভবিষ্যতলৈ ধাবমান হল । তাৰ হৃদয়ৰ প্ৰেমৰ দুৱাৰ খন যেন চিৰদিনলৈ বন্ধ হৈ গল ।

কিন্ত্ত ডিগ্ৰী পঢ়ি থাকোতে সি লগ পালে কাবেৰীক । তাৰ ব্যৰ্থ প্ৰেমৰ কাহিনীৰ প্ৰথম শ্ৰোতা, কাবেৰীয়ে তাৰ দুখত ঘৰিয়ালৰ চকুলো টুকিলে । তাইৰ দুগালৰ চকুলোৱে সৰল মনৰ অধিকাৰী চন্দনৰ হৃদয় স্পৰ্শ কৰিলে । আকৌ খুলি দিলে সি তাৰ প্ৰেমৰ দুৱাৰ । কস্ত্তৰীৰ বাবে সাঁচি ৰখা সকলো মৰমৰ অধিকাৰী হল কাবেৰী । কিন্ত্ত, সি এবাৰো বিচাৰি চাবলৈ চেষ্টা নকৰিলে তাৰ প্ৰতি হোৱা কাবেৰীৰ প্ৰেমৰ অন্তৰ্নিহিত অৰ্থ । মেটেকাৰ দৰে উটি গল সি কাবেৰীৰ প্ৰেমৰ সাগৰত । কাবেৰীকে নিজৰ জীৱন সংগী বুলি ভাবি পাহৰি গৈছিল কস্ত্তৰীৰ কথা । ইফালে প্ৰেমৰ সাগৰৰ অভিজ্ঞ নাবিকা কাবেৰীয়েও তাক ভালদৰেই লৈ গৈছিল নিজৰ স্বাৰ্থৰ শেষ প্ৰান্তৰৰলৈকে ।

অৱশেষত স্বাৰ্থসিদ্ধিৰ পাছত চন্দনৰ সকলো মৰম, ভালপোৱাৰ আৱৰণ ভাঙি বেলেগৰ কাষলৈ গুছি গৈছিল কাবেৰী । প্ৰেমৰ সাগৰত অকলে কক্‌বকাই ৰৈছিল চন্দন । স্থবিৰ হৈ গল সাগৰৰ সোঁত । পাৰলৈ আহিবলৈ সুৰুঙাই নাপালে চন্দনে । মানসিক ভাবে ভাগি পৰিছিল সি । বেলেগৰ আগত দুখ প্ৰকাশ নকৰি অকলেই ঢাকিবলৈ চেষ্টা কৰিলে নিজৰ দুখবোৰ । কান্দোনকে সম্বল হিচাপে লৈ অতীতক পাহৰিবলৈ যত্ন কৰিলে সি । হৃদয়ৰ প্ৰেমৰ কোঠালীটো ইতিমধ্যে ভাগি ছিগি মাটিৰ লগত মিহলি হৈ গৈছে । সেইবাবেই হয়তো তাৰ মুখত অনবৰতে লাগি থকা হাঁহিটোৰ বিলুপ্তি ঘটিল ।

ইউনিভাৰছিটিলৈ অহাৰ আগতেই প্ৰেম সম্পৰ্কীয় সকলো চিন্তা মনৰ পৰা আতঁৰাই মুকলি মনেৰে মাষ্টাৰ ডিগ্ৰী শেষ কৰাৰ স্ংকল্প লৈছিল সি । কিন্ত্ত, যোৱাকালি ৰাতি হোষ্টেলৰ লগৰ কেইজনমানে চিনাকি হওতে তাক প্ৰেমৰ বিষয়ে সোধাত বৰ অস্বস্তিত পৰিছিল সি । কাৰ নাম লব সি ? কোনো উত্তৰ দিব পৰা নাছিল সি ।তাকে ভাবি গোটেই ৰাতি উজাগৰে কটাইছিল সি ।

“অই চন্দন, কি হল তোমাৰ ? একেবাৰে প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ গলা যে ? কোন আছিল সোনকালে কোৱা । আমাৰ আৰু বহুত লৰাৰ লগত চিনাকি হবলৈ আছে ।”

চন্দনৰ বাহুত হাত থৈ ছিনিয়ৰ দাদাজনে কোৱা কথাকেইটাতহে তাৰ সন্ধিত ঘূৰি আহিল । নিৰুপায় ভাবে, এটা কৃটিম হাঁহিৰে মুখখন ভৰাই সি কবলৈ ধৰিলে, “ মোৰ প্ৰথম প্ৰেমিকাৰ নাম……….”।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on নৱেম্বৰ 10, 2012, in গল্প. Bookmark the permalink. 3 মন্তব্য.

  1. Starting bor dhunia lagil. Kintu ending tu iman bhal nalagil. Overall bhal lagil.. Best of luck

  2. সুন্দৰ । পঢ়ি ভাল লাগিল ।

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: